X

Like Learn in Assamese

Show your Support. Become a FAN!


LIKE US ON FACEBOOK
Contact Us

মহিলাৰ বগা স্ৰাবৰ সমস্যা

মহিলাৰ বগা স্ৰাবৰ সমস্যা :

আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ যিটো বিষয়ে প্ৰায়বিলাক মহিলাই কবলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে ৷ এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃ্তি (মেন'পজ) হোৱালৈকে কম-বেচি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয় ৷ কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক আৰু কেতিয়া বিসংগতিপূৰ্ণ (Pathological) সেয়া জনাৰ একান্ত আৱশ্যকতা আছে ৷ সাধাৰণতে এগৰাকী যুৱতীয়ে পোন প্ৰথমবাৰ ৰজস্বলা (Menarche) হবৰ সময়ত যোনিদ্বাৰত কিছু পিছল তৰল গোন্ধবিহীন পানীৰ ৰঙৰ পদাৰ্থ নিৰ্গত হোৱা অনুভৱ কৰে ৷ সেই সময়ত শৰীৰত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বৃদ্ধি হয় আৰু স্ত্ৰীৰ জননাংগ সমূহৰ ৰক্ত সঞ্চালন বাঢ়িব ধৰে যাৰ ফলত এনে ৰসৰ নি:সৰণ ঘটে ৷ কেতিয়াবা নৱজাতকৰো যোনিৰ পৰা এনে ৰস ওলাব পাৰে - সেয়া মাতৃৰ দেহৰ পৰা অহা অইষ্ট্ৰজেন হৰমোনৰ আধিক্যৰ প্ৰভাৱত ৷ মাহেকীয়াৰ মাজ ভাগত ডিম্ব প্ৰস্ফুটন (Ovulation)হবৰ সময়তো কিছু পৰিমাণে পাতল স্ৰাৱ নিৰ্গতহয় ৷ ইয়াৰ ওপৰিও যৌন উত্তেজনাৰ সময়ত আৰু গৰ্ভ অৱস্থাত এনে যোনিৰ ৰস নিৰ্গত হব পাৰে ৷ এই ৰস হ'ল সুৰক্ষা প্ৰদায়ক - প্ৰজনন তন্ত্ৰক পৰিষ্কাৰ কৰাত সহায়ক হয় আৰু যৌন-মিলনৰ ক্ৰিয়াত সুগমতা প্ৰদান কৰে ৷ এনে ধৰণৰ যোনিৰ স্ৰাৱ হ'ল স্বাভাবিক (Physiological) ৷
           কিন্তু যোনিৰ স্ৰাৱৰ প্ৰকৃতি (ৰঙ, গোন্ধ,পৰিমাণ) সলনি হ'লে আৰু লগত নানান আনুসংগিক শাৰীৰিক লক্ষণ (যেনে যৌনাংগৰ খজুৱতি,প্ৰসাবৰ সমস্যা) দেখা দিলে সেয়া হ'ল অস্বাভাৱিক ৷ এনে যোনিৰ প্ৰৱাহক শ্বেত প্ৰদৰ (বগা স্ৰাৱ) বা লিউকোৰিয়া বুলে ৷ বেচি ভাগ ক্ষেত্ৰত যোনিৰ স্ৰাৱৰ বৰণ বগা হয় বাবেই এই নামাকৰণ ৷ ইংৰাজী লিউকোৰিয়া (Leucorrhoea) শব্দৰ উৎপত্তি গ্ৰীক লিউকচ + অৰিয়াৰ পৰা আহিছে যাৰ অৰ্থ হ'ল বগা প্ৰবাহ ৷ জাতি-ধৰ্ম বাচ বিচাৰ নকৰাকৈ বিশ্বৰ সকলো ঠাইৰ মহিলাই লিউকোৰিয়াৰ ভুক্তভোগী হব পাৰে ৷

কোন সহজতে লিউকোৰিয়াত আক্ৰান্ত হব পাৰে ?

মেদবহুলতা, হাইপোথাইৰয়েডিজম, পুষ্টিহীনতা, ষ্টেৰইড আৰু গৰ্ভ নিৰোধক পিল ব্যৱহাৰকাৰী লোক, এইচ আই ভিত আক্ৰান্ত ব্যক্তি সহজে বগা স্ৰাৱ হোৱা অসুখত ভোগে ৷

লিউকোৰিয়াৰ কাৰণ কি কি হব পাৰে ?

১-সংক্ৰমণ - বেক্টেৰিয়াৰ, উদাহৰণ যৌনব্যাধি (STD); প্ৰটযোৱাৰ,উদাহৰণ ট্ৰাইকোমনাচ ভেজাইনেলিচ; শেলুৱৈ বা ফাংগাছৰ- ভেজাইনেল কেনডিডিয়াচিচ ৷

প্ৰশ্ন হব পাৰে ৰাজহুৱা চুইমিংপুলৰ পৰা প্ৰটযোৱাৰ সংক্ৰমনৰ সম্ভাৱনা থাকেনে ? উত্তৰত আমাৰ বক্তব্য হ'ল - ভালকৈ তদাৰক কৰা, নিয়মীয়াকৈ উচিত মাত্ৰাত ক্লৰিন দি পানী শোধিত ৰখা চুইমিং পুলত ট্ৰাইকোমোনাচ ভেজাইনেলিচ নামৰ প্ৰটোযোৱাই মিনিটৰ ভিতৰতে সক্ৰিয়তা আৰু সংক্ৰমণশীলতা হেৰুৱায় ৷ কিন্তু অপৰিষ্কাৰ চুইমিং পুলৰ পৰা ৰোগ বিয়পাৰ বেচ সম্ভাৱনা থাকে ৷

২-হৰমোনৰ বিসংগতি

৩- পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ

৪- খাদ্যৰ বিসংগতি

৫- ৰক্তহীনতা আৰু ডায়বেটিজ

৬- শৰীৰৰ ইমিউনিটি হ্ৰাসপোৱা

৭- অপ্ৰাকৃতিক যৌনসংগম

৮- বহুগামী যৌনতা

৯- সঘন বা বাৰম্বাৰ গৰ্ভপাত

১০- জৰায়ুৰ মুখত ঘাঁ হোৱা

১১- প্ৰসাবৰ সংক্ৰমণ

১২- খজুৱতিৱে যৌনাংগত কৰা ঘাঁ

১৩- গৰ্ভনিৰোধক সামগ্ৰীৰ প্ৰয়োগ (যেনে ক'পাৰ টি)

১৪- জননাংগৰ কৰ্কট ৰোগৰ ফলতো লিউকোৰিয়া হব পাৰে ৷

লিউকোৰিয়াৰ লক্ষণসমূহ কি কি ?

• ডাঠ ,আঠাসদৃশ,বেয়া গোন্ধযুক্ত বগা,হালধীয়া বা সেউজ বৰণীয়া যোনিৰ স্ৰাৱ ওলোৱা ৷
• যৌনাংগৰ খজুৱতি
• কঁকাল, কৰঙণত বিষ বা গধুৰ ভাৱ অনুভৱ কৰা
• শৰীৰৰ দুৰ্বলতা
• শৌচ কচা হোৱা
• এলাহ আৰু শৰীৰৰ দূৰ্বলতা
• সঘন মূৰৰ বিষ
• স্বভাৱ খিঙখিঙিয়া হোৱা
            চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষাসমূহ কি কি ? : তেজ, প্ৰসাব পৰীক্ষা কৰাৰ ওপৰিও যোনিৰ স্ৰাৱৰ অণুবীক্ষণত পৰীক্ষা কৰা আৱশ্যক ৷ আকৌ যোনিৰ স্ৰাৱৰ পেপ স্মেৰ পৰীক্ষা কৰিব লাগে -যাৰ দ্বাৰা কৰ্কটৰোগ চিনাক্ত কৰিব পাৰি ৷

          চিকিৎসা কি দৰে কৰে ? সংক্ৰমণৰ কাৰণ চিনাক্ত হ'লে সেইমতে উপযুক্ত দৰব খাবলৈ বা লগাবলৈ দিয়া হয় ৷ ট্ৰাইকোমনাৰ সংক্ৰমণত পতি-পত্নী দুয়ো চিকিৎসা লব লাগে ৷ মেট্ৰনিডাজল,চেকনিডাজল, অৰনিডাল আদি হ'ল সঘনাই প্ৰয়োগ হোৱা দৰব ৷ আনহাতে ফাংগাছৰ চিকিৎসা ফ্ল'কনাজনেৰে কৰা হয় ৷ যৌনব্যাধি ধৰা পৰিলে উপযুক্ত এন্টিবায়টিকেৰে চিকিৎসা কৰিব লাগিব ৷ জৰায়ুৰ মুখত ঘাঁ হোৱাৰ বাবে বগা স্ৰাৱ নিৰ্গত হ'লে ডায়েথাৰ্মিৰ সহায়ত সেই অংশটো জলাই (Electrocotorization) দিয়া হয় ৷
          আজিকালি বিশ্ব স্বাস্থ্য সংস্থাই তিনিবিধ একেলগে থকা দৰব পতি-পত্নী দুয়োজন যৌন সংগীক একেলগে লোৱাৰ পৰামৰ্শ দিয়ে ৷ সেই কেইবিধ হ'ল- ফ্ল'কনাজল+মেট্ৰনিডাজল+ এজিথ্ৰমাইচিন ৷

         যোনিৰ দূৰ্গন্ধ কিয় হয় আৰু আতৰাবলৈ লবলগীয়া সতৰ্কতাসমূহ কি কি ?
         যোনিৰ ৰসৰ পৰা দূৰ্গন্ধ আহিলে সি বেক্টৰিয়া, প্ৰটযোৱা,ফাংগাছ বা ইষ্টৰ সংক্ৰমণ হোৱাটো বুজায় ৷ ফলপ্ৰসু সতৰ্কতামূলক ব্যৱস্থাসমূহ তলত উল্লেখ কৰিলোঁ : -
• নিতৌ পৰিষ্কাৰকৈ গা ধুব ৷ বেচিকৈ ঘামিলে বা ব্যায়াম কৰাৰ পিছত গা নুধোৱাকৈ নাথাকিব ৷
• তীব্ৰ গোন্ধ থকা চাবুনৰ সলনি প্ৰাকৃতিক উপাদন থকা (যেনে অমিতা,হালধি,নিম) চাবুন ব্যৱহাৰ কৰিব ৷
• গৰম পানীৰ বাথ টাব ব্যৱহাৰ নকৰিব ৷ তেনে উষ্ণতাত যোনিত থকা স্বাভাৱিক সুৰক্ষা প্ৰদানকাৰী Doderlein Lactobacilliবিনষ্ট হব ৷
• গা ধুবলৈ নিম পাত সিজোৱা পানী কুহুমীয়া বা শীতল কৰি ব্যৱহাৰ কৰিব পাৰে ৷
• জননাংগ পৰিষ্কাৰ কৰিবলৈ douche আৰু perfumed spray কেতিয়াও ব্যৱহাৰ
নকৰিব ৷
• শুকান কোমল টাৱেলেৰে জননাংগ মচিব ৷
• কপাহী কাপোৰৰ পেন্টিহে পিন্ধিব ৷ বেচি চেপা খোৱাকৈ কাপোৰ নিপিন্ধিব ৷
• সুস্বাস্থ্যৰ বাবে সেউজীয়া পাচলি, ফলমূল গ্ৰহণ কৰিব ৷
• প্ৰচুৰ পানী আৰু জুলীয়া আহাৰ গ্ৰহণ কৰি নিজকে ডিহাইড্ৰেচনৰ পৰা বচাই ৰাখিব ৷
• নিয়মীয়াকৈ ব্যায়াম কৰিব ৷ আসনৰ ভিতৰত পদ্মাসন উপযোগী ৷
• সংগমৰ পিছত পানীৰে যোনিদ্বাৰ ধুই মচি থব ৷
• প্ৰবায়টিক নামৰ এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে গ্ৰহণ কৰিব ৷

           *হাততে পোৱা ঘৰুৱা পদক্ষেপ* কেইটিমান : -
• মেথি গুটিৰ চাহ দিনে ২৷৩বাৰকৈ কিছুদিন খালে লিউকোৰিয়াৰ উপশম ঘটে ৷
• অলপমান ধনীয়া গুটি ৰাতি তিয়াই থৈ পুৱা সেই পানী খালি পেটত খালে উপকৃত হব ৷
• কটা ভেন্দী ১০০গ্ৰাম কুৰি মিনিট সময় বইল কৰি তাত মৌ মিহলাই খালে বগাস্ৰাব কমে ৷
• আমলখি গুৰিত মৌ মিহলাই খালেও বগাস্ৰাব কমে ৷
• দিনে ২৷৩টা কল খোৱা মহিলাৰ বগাস্ৰাৱ ৰোগ কমকৈ হয় ৷
• আমাৰ অসমীয়াৰ অতি প্ৰিয় তামোল পাণ নিয়মীয়াকৈ খালে লিউকোৰিয়াৰ উপশম ঘটে ৷
          *ৰোগীৰ বাবে উপযুক্ত খাদ্য কি ?*
• কল,আমলখি,মধুৰী, ডালিম আদি হ'ল উপকাৰী ফল ৷ গাজৰ,বিলাহী,ভেন্দী, নহৰু, মেথিশাক, সেউজীয়া শাক পাচলি আদিও হ'ল উপকাৰী ৷
• অহিতকাৰী খাদ্যসমূহ: চাহ,কফি,মদ,বাহি খাদ্য,বেচি তেল-মছলাযুক্ত ফ্ৰাইড খাদ্য ৷

          *উপসংহাৰত কেইটিমান লাগতিয়াল পৰামৰ্শ :*
- ৰোগাক্ৰান্ত মহিলাই কপাহী কাপোৰৰ অন্তৰ্বস্ত্ৰ দিনে দুবাৰকৈ সলোৱা ভাল ৷
-সংগমৰ পিছত যৌনাংগ পৰিষ্কাৰ পানীৰে ধুই কাপোৰৰে মচি শুকুৱাই লব ৷
- নিয়মীয়া ব্যায়াম আৰু আসন কৰি, পৰিষ্কাৰ পৰিচ্ছন্ন থাকি স্বাস্থ্যৰ যতন লব ৷
-পৰাপক্ষত আনৰ টাৱেল, পেন্টি কেতিয়াও ব্যৱহাৰ নকৰিব ৷
-ৰোগে জটিল ৰূপ ধাৰণ কৰাৰ আগতেই অভিজ্ঞ গাইনোক'লজিষ্ট অৰ্থ৷ৎ স্ত্ৰীৰোগ বিশেষজ্ঞৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰোৱাওঁক ৷
Share:

ইউৰিক এচিড আৰু গাউট ৰোগ

ইউৰিক এচিড আৰু গাউট ৰোগ :

আহাৰৰ সুষমতা-বিষমতাৰ ওপৰতেই দৈহিক সুস্থতা-অসুস্থতাৰ কথ বহু পৰিমাণে নিৰ্ভৰ কৰে বুলি ক’ব পাৰি। সাত্তিক-সন্তুলিত সুষম আহাৰে যেনেদৰে সুস্বাস্থ্য সুনিশ্চিত কৰে তেনেদৰে অসন্তুলিত, তামসিক প্ৰকৃতিৰ আহাৰে দেহত নানা ধৰণৰ ৰোগ, ব্যাধিৰ সৃষ্টি কৰি জীৱন দুৰ্বিষহ কৰি তোলে। জধে-মধে সঘনাই মাছে-মাংসই গ্ৰহণ কৰা গুৰুপাকী অসন্তুলিত আহাৰে তেজত ইউৰিক এচিদৰ মাত্ৰা বঢ়াই দেহত অথন্তৰ ঘটোৱা এবিধ যন্ত্ৰণাদায়ক ৰোগ হৈছে গাউট, আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক বোলা হয় ‘বাতৰক্ত’।

সাধাৰণতে আমি গ্ৰহণ কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীত ‘পিউৰিন’ নামৰ এবিধ পদাৰ্থ নিহিত হৈ থাকে। খাদ্যৰ মধ্যমেৰে দেহত উত্পন্ন হোৱা এই ‘পিউৰিন’ নামৰ পদাৰ্থবিধৰ জাৰণ প্ৰক্ৰিয়াৰ ফলত ইউৰিক এচিডৰ সৃষ্টি হয়। তদুপৰি দেহৰ ধ্বংসপ্ৰাপ্ত কোষবোৰৰ জৰিয়তেও ‘পিউৰিন’ৰ সৃষ্টি হয়। দেহৰ অতিৰিক্ত ইউৰিক এচিডভাগ প্ৰসাৱৰ জৰিয়তে বাহিৰ ওলাই যায়। কিন্তু কেতিয়াবা বিভিন্ন কাৰণত দেহৰ এই অতিৰিক্ত ইউৰিক এচিডখিনি বাহিৰ ওলাই যাব নোৱাৰি দেহতে থাকি যায়। সাধাৰণতে এই নিৰ্দিষ্ট পৰিমাণ বা মাত্ৰালৈকে তেজত ইউৰিক এচিড দ্ৰৱীভূত হৈ থাকিব পাৰে। নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক পৰিমাণে শৰীৰত ইউৰিক এচিড জমা হোৱা কাৰ্যক চিকিত্সা বিজ্ঞানৰ ভাষাত’উচ্চ ইউৰিক এচিড’ বা ‘হাইপাৰ ইউৰিচেমিয়া’ বুলি কোৱা হয়। বিভিন্ন কাৰণত হাইপাৰ ইউৰিচেমিয়া হ’ব পাৰে। প্ৰতি এশ মিলি লিটাৰ তেজত ইউৰিক এচিডৰ মাত্ৰা সাত মি: গ্ৰা:তকৈ (মহিলাৰ ছয় মি: গ্ৰা:) অধিক হ’লে সাধাৰণতে ‘হাইপাৰ ইউৰিচেমিয়া বুলি ধৰা হয়। এই ইউৰিক এচিডৰ পৰিমাণ মাত্ৰাধিক হ’লে এ তেজত দ্ৰৱীভূত হৈ থাকিব নোৱাৰে। তেতিয়া ই বেজীৰ দৰে তীক্ষ্ণ ধাৰাল স্ফটিক কিছুমানত পৰিণত হৈ (চিকিতসা বিজ্ঞানৰ ভাষাত ইয়াক মনোছডিয়াম ইউৰেট ক্ৰিষ্টাল বোলা হয়)হাত-ভৰিৰ গাঁঠিকে ধৰি শৰিৰৰ বিভিন্ন গাঁঠি , গাঁঠিৰ আৱৰণ আদিত জমা হৈ তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰে, যাক ‘গাউট’ বোলা হয়। ই বৰ যন্ত্ৰণাদায়ক ৰোগ, ভুক্তভোগীৰ বাহিৰে অইনে ইয়াৰ যন্ত্ৰণাৰ কথা অনুমান কৰাটো কঠিন।

আমাৰ খাদ্য সামগ্ৰীসমুহত নিহিত ‘পিউৰিন’ নামৰ পদাৰ্থবিধৰ জাৰণ প্ৰক্ৰিয়াৰ ফলত ইউৰিক এচিডৰ সৃষ্টি হয় আৰু আমি গ্ৰহণ কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ মাজেৰে যিহেতু আমাৰ দেহত অনবৰতে পিউৰিনৰ প্ৰৱেশ ঘটিয়েই থাকে সেয়ে আমি সজাগতা অৱলম্বন কৰি তুলনামূলকভাৱে কম পিউৰিনযুক্ত বা পিউৰিন নথকা খদ্য সামগ্ৰী আহাৰ হিচাপে নিৰ্বাচন কৰিব লাগে। কিয়নো উচ্চ পিউৰিনযুক্ত খাদ্য সামগ্ৰীয়ে তেজৰ ক্ষাৰত্ব কমাই অম্লত্ব বঢ়াই তুলি আমাক ‘হাইপাৰ ইউৰিচেমিয়া’ৰ পৰ্যায়লৈ ঠেলি দিয়ে। সেয়ে দেহৰ ইউৰিক এচিষ নিয়ন্ত্ৰণ কৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ হ’লে আমি নিম্ন উল্লেখিত খাদ্য সামগ্ৰীবোৰ পৰিহাৰ কৰি চলিব লাগে-
(ক) বেছিকৈ তেলত ডুবাই ভজা বস্তু,
(খ) বিভিন্ন জীৱ-জন্তু(ছাগলী, গাহৰি আদি)ৰ মাংস,
(গ) সাগৰীয় মাছ,
(ঘ) পালেং শাক, বন্ধা কবি,ফুলকবি, ব্ৰুকলি, কাঠফুলা আদি,
(ঙ) শুকান বীন জাতীয় সামগ্ৰী-ছয়াবিন, ৰাজমাহ, লবিয়া, মটৰ আদি,
(চ) মচুৰ দাইল,
(ছ) ঘিউ, মাখন, ক্ৰিম,
(জ) উচ্চ মাত্ৰাৰ চেনিযুক্ত বিভিন্ন মিঠাই
(ঝ) বীয়েৰ আদিকে ধৰি মদ্যপান
(ট) ধূমপান আদি।
এইবোৰৰ বিপৰীতে অধিক মাত্ৰাত বিশুদ্ধ পানী পান কৰিব লাগে, কাৰণ পানীয়ে প্ৰসাৱৰ জৰিয়তে ইউৰিক এচিড বাহিৰ উলিয়াই দিয়াত সহায় কৰে।

লিখক: ভুৱনেশ্বৰ ডেকা
Share:

Vitiligo , বগা পৰা ৰোগ , ঢল ওলোৱা

Vitiligo , বগা পৰা ৰোগ , ঢল ওলোৱা ::::::::::::

২০ গ্ৰাম অপৰাজিতাৰ শিপা আৰু এক গ্ৰাম চক্ৰমর্দ গছৰ শিপা অলপ পানী মিহলাই পতাত পিছি লৈ বগা দাগত লগাওঁক নিয়মিত ।।। তাৰোপৰি অপৰাজিতাৰ বীজ ঘিউত ভাজি লৈ ৰাতিপুৱা গধূলি 2 গ্ৰাম কৰি খাওক ।।।।

বহুত সোনকালে ভাল হব ।।।।।

চক্ৰমর্দ
চক্ৰমর্দ
অপৰাজিতাৰ
অপৰাজিতা


Share:

অৰ্শৰোগৰ ঘৰুৱা বিধান

অৰ্শৰোগৰ ঘৰুৱা বিধান::
 ৬০গ্ৰাম ঘৰুৱা তিলৰ চূৰ্ণৰ লগত অলপ দৈ মিহলী কৰি ৰাতিপুৱা খালী পেটত নিয়মিত ২০দিন খালে সুফল পোৱা যায়|
(বি:দ্ৰ- মাছ,মাংস,কণী,বেছি মছলা দিয়া খাদ্য সম্পূৰ্ণ বন্ধ কৰিব লাগিব)
   অনুগ্ৰহ কৰি স্বেয়াৰ কৰি আনকো জানিবলৈ দিয়াক|


✍️ নৱজ্যোতি
Share:

ছাল সদায় তৰুণ উজ্জীৱিত কৰি ৰখাৰ বাবে ট'প এঘাৰ বিধ খাদ্য-পদাৰ্থ



ছাল সদায় তৰুণ উজ্জীৱিত কৰি ৰাখিবলৈ হ’লে খোৱা-বোৱাৰ প্ৰতি বিশেষ ধ্যান দিয়াতো অতি জৰুৰি ।
দৰাচলতে, কিছুমান বস্তু স্বাস্থ্য আহাৰৰ অংশ,যিয়ে আপোনাৰ বাঢ়ি অহা বয়সকো প্ৰতিহত কৰি উজ্জীৱিত কৰি ৰাখে ।

এই খাদ্য পদাৰ্থ সমূহত এন্টিঅক্সিডেন্ট আৰু ফাইট’কেমিকেল ভৰপুৰ মাত্ৰাত থাকে, যিয়ে অপক্ষয় সম্বন্ধীয় ৰোগসমূহক প্ৰতিহত কৰাত সহায় কৰে ।
আহক আজি এনে কিছুমান খাদ্য-পদাৰ্থৰ বিষয়ে জানো যিয়ে আমাক সদায় তৰুণ/চিৰযৌৱনা কৰি ৰাখিব পাৰে...

1. টেঙা ফল :
টেঙা ফল যেনে কমলা, মৌচুমী, আঙুৰ, নিমু আদি । এই ফল সমূহত ভিটামিন ‘চি’, বায়’ফ্লেৱ’নাইড আৰু লাইম’নীন প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াত অধিক মাত্ৰাত এন্টিঅক্সিডেন্টো পোৱা যায়, যিয়ে ছালক অধিক বয়সলৈকে তৰুণ কৰি ৰাখে ।

2. নহৰু :
নহৰুত এলীচিন নামৰ তত্ব পোৱা যায় । ইয়ে তেজৰ পৰা বেয়া ক’লেষ্ট্ৰল আৰু ট্ৰাইগ্লিচৰাইডচ কম কৰি ৰাখে ।
ইয়ে ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বৃদ্ধি কৰে । লগতে, ইয়াত অধিক পৰিমাণত এন্টিঅক্সিডেন্টো থাকে । এইবাবে নহৰুৰ নিয়মিত সেৱনে ছাল অধিক বয়সলৈকে তৰুণ কৰি ৰাখে । তাৰ উপৰি, হৃদযন্ত্ৰ সম্বন্ধীয় ৰোগ সমূহও দূৰ কৰি ৰাখে ।

3. আপেল আৰু ষ্ট্ৰ’বেৰী :
আপেল আৰু ষ্ট্ৰ’বেৰীত থকা ফাইবাৰে ব্লাড ছুগাৰ কম কৰে । লগতে, এই ফল সমূহত ভৰপূৰ মাত্ৰাত এন্টিঅক্সিডেন্ট থাকে ।
এই কাৰণে ইয়াৰ নিয়মিত সেৱনে স্কিন ইয়ং কৰি ৰাখে । ইয়ে কেঞ্চাৰ কৌশিকা সমূহৰ দ্বাৰা ব্যৱহৃত এনজাইমক অৱৰুদ্ধ কৰি ৰাখে । ফলত ইয়াৰ নিয়মিত সেৱনে কেঞ্চাৰ ৰোধ কৰাতো সহায় কৰে ।

4. কবি :
কবি, পাতকবি, ব্ৰ’কলী, ওলকবি আদি কবিয়ে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে । এই চবজীসমূহত পোৱা বিটা-কেৰ’টিন, ইণ্ডোলেচগ্লুকোইন্নোলেটচ(বিশেষভাৱে ব্ৰ’কলীত পোৱা যায়) ছালক উজ্জীৱিত কৰি ৰাখে ।

5.ঔটচ :
ঔটচ সেৱনে ক’লেষ্ট্ৰৰলৰ মাত্ৰা কম কৰি ৰাখে আৰু ব্লাড চাৰ্কুলেচন নিয়ন্ত্ৰিত কৰি ৰাখে ।

6.সেউজীয়া শাক-পাচলি :
পাতযুক্ত শাক পালেং, মেথী, লাই, মুলা আদিত বিটা-কেৰ’টিন ভৰপূৰ মাত্ৰাত থাকে ।ইয়াৰ উপৰিও ইয়াত কেলচিয়াম, আয়ৰন, ফ’লিক এচিড, ভিটামিন চি আৰু পোষক তত্বও থাকে । সেউজীয়া শাক-পাচলি পৰ্য্যাপ্ত পৰিমাণে সেৱন কৰিলে স্কিন সদায় ইয়ং হৈ থাকে ।

7. গ্ৰীন টি :
গ্ৰীন টিত পলিফিন্’ল পোৱা যায় । লগতে, ইয়াত পৰ্য্যাপ্ত পৰিমাণে এন্টিঅক্সিডেন্ট
উপস্থিত থাকে । এইবাবেই নিয়মিত ৰুপত গ্ৰীন টি সেৱন কৰিলে ছাল সদায় উজ্জীৱিত হৈ থাকে । ইয়াৰ উপৰি, পেটৰ সমস্যাসমূহো দূৰ হয় ।

8. মাছ :
মিৰিকা মাছ, চেলমন, হেৰিং আদি মাছ সমূহত ওমেগা 3 ফেটী এচিড থাকে । ইয়াৰ সেৱনে ছলৰ সৌন্দৰ্য্যতা মজুদ ৰাখে । গঠি, চোৰায়চিচ অল্সৰেটিৱ কোলাইটিচ আদি ৰোগ সমূহ দূৰ কৰি ৰাখে ।

9. জলফাইৰ তেল :
জলফাই বা সৰিয়হ তেল ছালত লগালে বা নিয়মিত সেৱন কৰিলে ছাল সম্বন্ধীয় ৰোগ নহয় ।

10. বিলাহী :
বিলাহীত লাইক’পিন পোৱা যায়, ই এক প্ৰকাৰ কেৰ’টিন । লগতে, এন্টিঅক্সিডেন্ট
থাকে, যিয়ে ছলক নিমজ কৰি ৰাখে ।

11. দৈ :
দৈত জীৱিত বেক্টেৰীয়া থাকে যিয়ে পাচনত সহায় কৰে । ই কেলচিয়ামৰ এক ভাল স্ৰোত হয় যাৰ বাবে ছালৰ বাবে অতি উপকাৰী। 
Share:

কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ



কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ

"""""""""""""""""""""""""""""""""""""""
 ককালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত  উৰহি গুটিটোৰ দৰে। সোফালৰ কিডনী বাওফালৰ কিডনীতকৈ সামান্য তলত , ডাঠ আৰু সৰু । তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠন হোৱা  জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ  নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী ।

কিডনীৰ মূখ্য কাম ::


আমাৰ শৰীৰৰ ত থকা কিডনী দুটাৰ মূখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগীকৰি ৰখা। আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তাৰোপৰি তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌ । তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটায় ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয় । এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ,গ্লুক'জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয় । প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি:তেজহে শোধন হয় । এইদৰে কিডনীয়ে প্ৰতিমূহুৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু অনিবাৰ্য্য। সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হল :

 (১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে। গেষ্ট্ৰিকৰ PPI ঔষধ  যেনে পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ   পৰামৰ্শ অনুসৰি ঔষধ নাখাব।

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ
 হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।

(৪) বিলাহী , ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌ ।এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় । অৱশ্যে নিমখ পানীত কেবাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয় ।

(৫) চীনা বাদাম, ক'লা আঙুৰ , বীট, তিয়হ , পালেঙ শাকত কেলচিয়াম থাকে বাবে  বেছিকৈ নাখাব‌ । ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব , অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব।

(৬) গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব। অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা‌।

(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়।

 (৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে সময়ে ইউৰিক এচিড , ব্লাড চুগাৰ , ইউৰীয়া , ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে । ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহন কৰিব‌।

 (৯)তেতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে ‌। তেতেলি ত টাৰটাৰিক এচিড থাকে‌।

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক থাকে।  ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট, অক্জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে ‌।

(১১) নেমুটেঙাত চাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমূচৰ্বত খাব । নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলচিয়াম অক্জেলেট, ফছফেট আদি গেদবোৰ গলায় পেচাবৰ সৈতে বাহিৰ কৰি কিডনী পৰিস্কাৰ কৰে। সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাতসাৰিব পাৰি।

(১২) অসমীয়াত এষাৰ কথা আছে  " পানীয়েই প্ৰাণ , পানী বিনে নাই আন " । কিমান বিজ্ঞান সন্মত এই বাক্যশাৰী ভাবি চাইছেনে ? আমাৰ শৰীৰত দুই তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ। সেয়েহে আমাৰ শৰীৰটো ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাছ লিটাৰ পানীৰ প্ৰয়োজন। সেয়েহে আমাৰ কিডনী ৰোগমুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চাৰিলিটাৰ পানী খাওক।

(১৩) পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে।

(১৪)পূনৰ্ণৱাৰ ৰস , ভাজী বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে হব নোৱাৰে।

(১৫) দূপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । তাৰোপৰি আন কিডনী ৰোগ সমূহ ভাল হয়।

(১৬) এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাছ লিটাৰ পানীত সিজাব । পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব ।পিছত ভালদৰে ছেকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয় । এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয় ।

(১৭) মূলাপাতৰ ৰস  খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । সেয়েহে মূলাপাত খাব লাগে।

(১৮) সকলো ধৰণৰ কিডনী ৰোগৰ পৰা ৰক্ষা পাবলৈ মাজেসময়ে পূনৰ্ণৱাৰিষ্ট চাৰিচামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰ প্ৰভাবটী দূটাকৈ দিনে তিনিবাৰ খাব লাগে।

(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰিচামুচকৈ দিনে তিনিবাৰ মাজেসময়ে খাই থাকিলে কিডনী ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(২০) কিডনী ৰোগ উপসমৰ শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধ সমূহ:- চন্দনাসৱ ,পূনৰ্ণৱাৰিষ্ট , গোক্ষুৰাদি গুগুলু , বৰুনাদ্য লৌহ , এলাদি চূৰ্ণ, গোক্ষুৰ ঢূৰ্ণ , বঙ্গেশ্বৰ ৰস, বৃহৎ বঙ্গেশ্বৰ,পূনৰ্ণৱা মণ্ডুৰ , স্বেতপৰ্পটী ইত্যাদি।

(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধ সমূহ ;- cystone , Calcury , Niree, U flow, Nilstone, Green punarnawa  ইত্যাদি।
                       আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী ৰোগ অসমত কমিব । বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন হব । প্ৰয়োজন নহব ডায়েলাইছিচ; ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে। মনকৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই , বৰং কিডনী ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে ।

ডা: মনোজ কুমাৰ শইকীয়া
মবাইল নম্বৰ-9435209704
Share:

Admin ৰ বিষয়ে

captain_jack_sparrow___vectorনমস্কাৰ, মোৰ নাম বিজিত কলিতা। মই এই website টো পৰিচালনা কৰো। ইয়াৰোপৰি মই মোৰ ব্যক্তিগত Website learninassamese.com ত কাম কৰি আছো য'ত মই Technology সম্পৰ্কে কিছুমান post লিখো। বিভিন্ন android, computer আৰু internet ৰ tips আৰু tricks ৰ বাবে মোৰ Website টো visit কৰিব।
Learn More About Me →

Google দ্বাৰা বিজ্ঞাপন

ঘৰুৱা বিধান

অন্য কিছুমান ৰোগৰ বিধান

Google দ্বাৰা বিজ্ঞাপন

personal injury laws

Get personal injury laws

personal injury attorney

personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online,

Online Car Insurance

,

auto insurance

, school loan consolidation, life insurance Australia,

life insurance online quote

, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker, personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online, Online Car Insurance, auto insurance, school loan consolidation, life insurance Australia, life insurance online quote, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker, personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online, Online Car Insurance, auto insurance, school loan consolidation, life insurance Australia, life insurance online quote, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker, personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online, Online Car Insurance, auto insurance, school loan consolidation, life insurance Australia, life insurance online quote, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker, personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online, Online Car Insurance, auto insurance, school loan consolidation, life insurance Australia, life insurance online quote, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker, personal injury laws, Get personal injury laws, personal injury lawyer,personal injury attorney, personal injury lawyer Denver, houston personal injury lawyer, new york personal injury lawyer, car accidents lawyer, car accident attorney, lawyer for car accident, Asbestos Lawyers, car insurance online, Online Car Insurance, auto insurance, school loan consolidation, life insurance Australia, life insurance online quote, income protection, income protection insurance, term insurance plans, travel insurance, term insurance, online term insurance, term life insurance, mortgage broker,

mortgage broker

online term insurance

personal injury lawyer

Online Car Insurance

Car Insurance

অন্য কিছুমান ৰোগৰ বিধান

পৃষ্ঠা সমূহ