Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

তপিনাৰ সন্ধিৰ বিষ নিৰাময়ৰ উপায়


তপিনাৰ সন্ধিৰ বিষ নিৰাময়ৰ উপায়



তপিনাত বিষ হোৱাৰ অন্যতম এটা কাৰণ হ’ল- শৰীৰৰ হাড়ৰ মাজত থকা তৰল দ্ৰব্য কমি যোৱা। হাড়ৰ জোৰাত থকা তৰল দ্ৰব্য কমি যোৱাৰ ফলত দুডাল হাড়ে লৰচৰ কৰিলে পৰস্পৰৰ মাজত ঘঁহনি খায় আৰু তাৰ ফলত হাড়বিলাকৰ মূৰবোৰ দুৰ্বল হৈ পৰে।
এনে অৱস্থা একেৰাহে হৈ থাকিলে বয়স বৃদ্ধি লগে লগে এনে হাড় ভাগি যাব পাৰে বা ৰোগীজন পৰি গ’লে বা সামান্যভাৱে ক’ৰবাত খুন্দা খাই গ’লেও হাড় ভাগি যাব পাৰে।
শৰীৰৰ মাংসপেশীক হাড়ৰ লগত এৰাব নোৱাৰাকৈ লাগি থকাৰ বাবে টেণ্ডনবিলাকে শক্তিশালী হয় আৰু এইবিলাক সহজে ছিগি নেযায়।
কিন্তু কেতিয়াবা হঠাৎ লগা আঘাত বা একেৰাহে ভুলকৈ কৰি থকা সঞ্চালনাৰ বাবে এইবিলাক টেণ্ডনৰ ওপৰত অধিক চাপ পৰে। তেতিয়া এইবিলাকত বিষ দেৰিকৈহে ঠিক হয়।
তপিনাৰ হাড়ৰ বিষ নিৰাময়ৰ ঘৰুৱা দিহা -
*এগিলাছ পানীত ‘এপল চাইডাৰ ভিনেগাৰ’ দুচামুচ মিহলাই খাই থাকিলে তপিনাৰ হাড়ৰ বিষ নিৰাময় হয়। তাৰ লগতে ব্ৰক’লিৰ পাচলি খালেও তপিনাৰ বিষ ভাল হয়।
ব্ৰক’লি খাই থাকিলে সৰ্বশৰীৰত হোৱা বিষো উপশম হয়। ব্ৰক’লিত এনে কেইটিমান উপাদান থাকে, যিবিলাকে শৰীৰৰ হাড়ৰ জোৰা বা সন্ধিবোৰ সুস্থ কৰি ৰাখিব পাৰে।
*অমিতাত যথেষ্ট মাত্ৰাত ভিটামিন-‘চি’ পোৱা যায়। ভিটামিন-‘চি’য়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী তন্ত্ৰক শক্তিশালী কৰে। ভিটামিন-‘চি’ তপিনাৰ হাড়ৰ বিষৰ কাৰণেও ভাল।
ই এই বিষ কমাই ৰখাত সহায় কৰে। এইবিলাকৰ উপৰি সঠিক জোখত জোতা পিন্ধি, ব্যায়াম কৰি আৰু শৰীৰৰ ওজন হ্ৰাস কৰি আপুনি সন্ধিৰ বিষৰ পৰা ৰেহাই পাব পাৰে।
*তপিনাৰ বিষ কম কৰাত ভিটামিন-‘ই’যুক্ত খাদ্যও বৰ উপকাৰী। বিশেষভাৱে ভিটামিন-‘ই’ৰ লগতে ওমেগা-৩ ফেটি এচিডযুক্ত বাদাম খাই থাকিলে শৰীৰৰ সন্ধি উখহি উঠা আৰু সন্ধিত বিষ হোৱা আহি বিকাৰ কমি থাকে।
বাদামৰ বাহিৰেও মাছ আৰু আমি খোৱা সাধাৰণ বাদামতো যথেষ্ট পৰিমাণে ওমেগা-৩ ফেটি এচিড পোৱা যায়। এইবিধ বাদাম খাই থাকিলেও তপিনাৰ হাড়ৰ বিষ বহুগুণে কমি থাকে।
*বৰফৰ দৰে শীতল দ্ৰব্যই গৰমত শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। এই বৰষেই আকৌ তপিনাৰ বিষো উপশম ঘটাব পাৰে। তপিনাত বিষ হৈ থাকিলে তপিনাত বৰফ ঘঁহি থাকিব লাগে।
কিছু সময়ৰ পিছত তপিনাৰ বিষৰ উপশম হয়। চিকিৎসকৰ মতে বিষাই থকা তপিনাৰ ওপৰত একেৰাহে দহৰ পৰা পোন্ধৰ মিনিট সময় বৰফ ঘঁহি থাকিলে বিষৰ তীব্ৰতা বহুখিনি কমি যায়।
তাৰোপৰি আপুনি পলিথিন বেগ এটাত বৰফৰ টুকুৰা কিছুমান ভৰাই লৈ তপিনাৰ ওপৰত শীতল সেক দিব পাৰে।
*তপিনাৰ বিষ হ’লে নহৰু সেৱন কৰি থাকিব লাগে। প্ৰতিদিনে অতি কমেও মুঠ চাৰি-পাঁচ বাৰত অতি কমেও দহ ফোটা নহৰু খাই থাকিলে তপিনাৰ হাড়ৰ বিষৰ পৰা উপশম পাব পাৰে।
বিশেষজ্ঞসকলৰ মতে পিঁয়াজ আৰু নহৰুত এনে কিছুমান উপাদান থাকে, যিবিলাকে হাড়ৰ গাঁঠিৰ বিষ সোনকালে নিৰাময় কৰে।
সেয়েহে নহৰু আৰু পিঁয়াজ নিয়মীয়াকৈ খাই থকাৰ অভ্যাস কৰিলে তপিনাৰ বিষ হোৱাৰ আশংকা প্ৰায় নেথাকেই।
এইবিলাক উপায়ৰ উপৰি, তপিনাৰ হাড়ত বিষ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিদিনে ৰোগীয়ে দিনটোত অতি কমেও দহ মিনিট সময় উঠা-বহা ব্যায়াম অনুশীলন কৰিব লাগে।
এনে কৰিলে বিষাই থকা জোৰাবোৰ শক্তিশালী হয় আৰু গাঁঠিবোৰ ফুলি থকাটো প্ৰতিৰোধ হয়। লগতে সন্ধিৰ বিষো নাইকিয়া হয়।
শৰীৰৰ গাঁঠিৰ বিষৰ কাৰণে কৰি থকা ব্যায়ামৰ লগতে উঠা-বহা ব্যায়াম কৰিবলৈ সামান্যভাৱে কষ্ট এই ব্যায়ামৰ অনুশীলনে তপিনাৰ বিষ নিৰাময়ত যথেষ্ট সহায় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন