Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ডাইবেটিচ ৰোগৰ ঘৰুৱা চিকিৎসা।


ডাইবেটিচ ৰোগৰ ঘৰুৱা চিকিৎসা।

ডাইবেটিচ বৰ্তমান প্ৰায় প্ৰতিটো পৰিয়ালৰে এক স্বাস্থ্য জনিত সমস্যা।
*অসন্তুলিত খাদ্যাভ্যাস,
*শাৰীৰিক শ্ৰম বিহীনতা,
*মেদবহুলতা,
*মানসিক অৱসাদ,
*ভেজাল খাদ্য আদিয়ে সমগ্ৰ ভাৰত বৰ্ষকে ডাইবেটিচৰ ঘাটিলৈ পৰিণত কৰিছে।
যি সকল ৰোগী ইতিমধ্যে ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰা আৰম্ভ কৰিছে তেখেত সকলে কোনো কাৰণতে চিকিৎসা বন্ধ নকৰিব। চিকিৎসাধীন ৰোগী সকলে নিশ্চয় ইতিমধ্যে বুজি উঠিছে যে তেজত গ্লোকোমিটাৰেৰে খালি পেটত আৰু খোৱাৰ পিছত ধৰা পৰা শৰ্কৰাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে লব লগীয়া ইন্চুলিনৰ ইউনিট নিৰ্ধাৰণ কৰি দিয়ে বা ঔষধ লব দিয়ে। অৰ্থাৎ আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণ কমিলে ইনচুলিন কমিব আৰু বাঢ়িলে ইনচুলিনো বাঢ়িব।আপোনাৰ চলি থকা চিকিৎসা অব্যাহত ৰাখক আৰু তলৰ ঘৰুৱা চিকিৎসাটো আৰম্ভ কৰক। ঘৰুৱা চিকিৎসা আৰম্ভ কৰাৰ আগত এবাৰ আপোনাৰ Fasting আৰু PP চুগাৰ লেভেল পৰীক্ষা কৰাই নোট কৰি লৈ ঘৰুৱা চিকিৎসা আৰম্ভ কৰক।

ডাইবেটিচ ৰোগৰ ঘৰুৱা চিকিৎসা -
১)তিচি গুটি যাক হিন্দীত অল্চি আৰু ইংৰাজীত Flax seed বুলি কয় এচামুচ পুৱা খালি পেটত ভালদৰে চুবাই খাব। মনত ৰাখিব ইয়াক যিমানেই চুবাব সিমানেই ফলপ্ৰসু হব। এতিয়া দুগিলাচ কুহুমীয়া গৰম পানী খাব।
২)দালচেনী চুৰ্ণ আধা চামুচ একাপ পানীত মিহলাই দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ আগত খাব।
৩)ৰাতিৰ আহাৰৰ পাছত পুনৰ এচামুচ তিচি গুটি ভালদৰে চুবাই চুবাই খাই দুগিলাচ কুহুমীয়া গৰম পানী খাব।
পোন্ধৰ দিন খোৱাৰ পিছত পুনৰ PP, Fasting test কৰাই ফলাফল চাব। এই চিকিৎসা চলাই যাব আৰু পোন্ধৰ দিনৰ পিছত আকৌ ৰক্ত শৰ্কৰা পৰীক্ষা কৰিব। শৰ্কৰা লেভেল স্বাভাৱিক হলে আগৰ চিকিৎসকৰ পৰামৰ্শ মতে ইনচুলিন বন্ধ কৰি এই চিকিৎসা চলাই থাকি ডাইবেটিচ মুক্ত জীৱন লাভ কৰিব।
চিকিৎসা কালিন তলৰ কথা খিনি মানি চলিব -
১)শাৰীৰিক শ্ৰম বা ব্যায়াম, আসন, প্ৰাতঃভ্ৰমন আদি নিয়মীয়া কৈ কৰিব।
২)সহজ পাচ্য মচলা জলা বিহীন নিৰামিষ (নোৱাৰা ক্ষেত্ৰত তেলহীন জীয়া মাছ যেনে গৰৈ মাগুৰ শিঙি আদি) আহাৰ গ্ৰহণ কৰিব।
৩)আহাৰ এবাৰতে অধিক নাখাই অলপ অলপ কৈ কেবা বাৰো খাব।
৪)হাঁহি মাতি থাকিব।
৫)সুৰাপান নকৰিব।
৬)মিঠা বস্তু আৰু মাটিৰ তলত হোৱা পাচলি বৰ্জন কৰিব।
৭)চিন্তা ক্লিষ্ট হৈ নাথাকিব।

লেখক: যোগশ দাস
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ