Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা।



কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা -

১।শেৱালি ফুলৰ পাত-শেৱালি গছৰ ফুল - পাত দুয়োবিধেই উপকাৰী।ইয়াৰ কোমল পাত তেলত ভাজি নাইবা তপত খোলাত ভাজি ভাতৰ লগত খাব পাৰি ।কুমলীয়া পাত চোবাই খাব পাৰি ।পেটৰ কাৰণে ই বেছ উপকাৰী।শেৱালি ফুল শুকাই ৰাখি মাছৰ লগত খাৰৰ আঞ্জা কৰি খাব পাৰি ।

২।মৰাপাট - মৰাপাট কোমল পাত মানুহে আঞ্জা কৰি খায়।ই পেটৰ কাৰণে বিশেষকৈ পেলুৰ কাৰণে ভাল ।মৰাপাটৰ পুৰঠ পাতবোৰ শুকাই অসমীয়া মানুহে শুকুতা তৈয়াৰ কৰে ।বেছি জ্বৰ উঠিলে বা জ্বৰ মূৰত উঠিলে মূৰত বা কপালত শুকুতা পানীত তিয়াই মোহাৰি ভৰণ বা পটি লগাই দিব লাগে ।পানীত তিয়াই চেপি লৈ তেল নিমখ সানি চাটনি হিচাপেও খায়।ই পেলু দমনৰ কাম কৰে।

৩।নিমপাত(মহানিম পাত ) - মহানিম পাত এবিধ উপকাৰী ঔষধ ।পেট ঠাণ্ডা কৰি ৰখাৰ বাবে আৰু পেলু দমন কৰাৰ বাবে ই উপকাৰী ।তেল বা তপৰ খোলাত ভাজি ভাতৰ লগত খাব পাৰি ।চুলি আৰু ছালৰ বাবেও নিমপাত উপকাৰী ।নিমপাতৰ ৰসেৰে মূৰ ধুলে চুলি ক'লা হয়। তদুপৰি ই ওকণি মৰা ঔষধ ।নিমপাতৰ ৰসেৰে গা ধুলে চৰ্মৰোগ ভাল হয়।নিমৰ ডালেৰে দাঁত মাজিলে দাঁতৰ আলু ভাল থাকে।নিমপাত শুকাই কাপোৰৰ মাজত আৰু শুকান খোৱা বস্তুত থ'লে পোক পৰুৱাই নষ্ট কৰিব নোৱাৰে ।

৪।বাহক পাত বা বাহকা পাত- বাহকা পাত পানীত উতলাই দুচামচকৈ খালে কাঁহ বেমাৰ ভাল হয়।ঔষধি হিচাপে অইন ৰোগতো বাহকা পাত ব্যৱহাৰ কৰা হয়।

৫।চজিনা গছৰ পাত- চজিনা গছৰ পাতৰ ভাল আঞ্জা হয়।অইন পাচলিৰ লগত নাইবা দাইলত দিও খাব পাৰি।ই টনচিল ৰোগৰ ঔষধ ।

   ইয়াৰ বাহিৰেও ডালিমৰ পাত, পচতীয়া গছৰ পাত, ৰহৰ মাহৰ গছৰ পাত, তুলসীৰ পাত, মানিমুনি নৰসিংহ পাত আদি ঔষধজাতীয় পাত আছে ।

Share কৰিব নাপাহৰিব ।