Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

কলা হালধী আৰু ইত্রাৰ ঔষধি গুণ সমূহ ||



## কলা হালধী ####
এইবিধ ঔষধজাতীয় গছ আমাৰ ঘৰে ঘৰে পোৱা যায় । সাধাৰণতে মানুহে নাজানি কাটি পেলাই দিয়ে । এইবিধ গছ বসুবিধ ৰোগৰ ঔষধি হয় । সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াক বিষ উপশমৰ বাবে ব্যৱহাৰ কৰে ।
ইয়াৰ উপৰিয় ইয়াৰ বহুকেইটা গুণ আছে । তাৰ কেইটামান উল্লেখ কৰিলোঁ ।।
হাপানী , ব্ৰংকাইটিছ , কাহ , বমি , অনিয়মিত মাহেকীয়া পেটৰ বিষ , মূৰৰ বিষ , মাইগ্ৰেন, দাঁতৰ বিষ , বিষাক্ত পোক পৰুৱা কামোৰা বিষ আদিত ইয়াক ব্যৱহাৰ কৰা হয় ।
হাত বা ভৰিৰ হাড় ভাঙিলেও ইয়াক বিষ উপশমৰ বাবে ব্যৱহাৰ কৰে ।।
ইয়াক কেঞ্চাৰ ৰোগৰ বিষ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰে ।।
ইয়াক দুই ধৰণে ব্যৱহাৰ কৰে ।।
মাটিৰ তলৰ হালধি উলিয়াই পতাত পিহি লৈ কলপাত এখিলাৰ ভিতৰত ভৰাই জুইত গৰম কৰি লৈ সেইখিনি গৰমে গৰমে বিষ হোৱা ঠাইত লগোৱা হয় ।
ইয়াৰ হালধীৰ ৰস উলিয়াই আধা চামুচ কৰি খালে পেটৰ বিষ , মূৰৰ বিষ আৰু শৰীৰৰ ভিতৰৰ আন বিষ বোৰ নোহোৱা হয় ।
দাঁতৰ বিষত ইয়াৰ 2-3 টোপাল ৰস লগালে তৎক্ষণাৎ বিষ নোহোৱা হৈ যায় ।।
কেঞ্চাৰ ৰোগী সকলে দিনত 2 বাৰ 1 চামুচ ৰস খাব পাৰে ।।
ধন্যবাদ ।
share কৰিব নাপাহৰিব ||