মুখত হোৱা আলচাৰ বা ঘাঁ:
মুখ আৰু জিহ্বাত হোৱা ঘাঁ সকলোৰে পৰিচিত এক ধৰণৰ সাধাৰণ সমস্যা।ই একেবাৰে সাধাৰণ সমস্যা যদিও কোনো কোনো ক্ষেত্ৰত ই জটিল ৰূপ ধাৰণ কৰিব পাৰে আৰু ইয়াৰ ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই ই দুৰাৰোগ্য ৰোগ কৰিব পাৰে। সেয়েহে ইয়াৰ পৰ্যবেক্ষণ আৰু যতনৰ ক্ষেত্ৰত কিছু দৃষ্টি ৰাখিলে ইয়াৰ পৰা কষ্ট পোৱাৰ পৰা আমি ৰেহাই পাব পাৰোঁ। জিহ্বা আৰু মুখগহ্বৰত হোৱা বাবে ই অতি অশান্তিজনক তথা পীড়াজনক হয়। মুখৰ পৰা লেলাৱটী উলাই থকা লগতে কথা আদি কওঁতেও অসুবিধা হয় গতিকে আক্ৰান্ত ব্যক্তি প্ৰায়ে খিংখিঙীয়া হয়।
ৰোগৰ কাৰণ কাৰণ:
১/ অধিক গৰম বস্তু খোৱাৰ ফলত মুখ জলা
২/ দাঁত কামুৰ খোৱা
৩/ পিত্তবৃদ্ধি হোৱা
৪/ পেট ভালকৈ পৰিষ্কাৰ নোহোৱা
৫/ অত্যধিক মছলাযুক্ত, ভজা/পুৰা বস্তু খোৱা
৬/ ফাষ্টফুড, জাংকফুড আদি খোৱা
৭/ হৰ্মোণৰ বিসংগতি
৮/ "গ" খাদ্যপ্ৰাণ (c vitamin) ৰ অভাৱ
৯/ ব্ৰাচ কৰাৰ সময়ত ঘাঁ লগা
১০/ পান মছলা, গুটখা, ধঁপাত, ধুম্ৰপাণ, মদ্যপান আদি
১১/ অত্যধিক চাহ, কফি আদি সেৱণ
১২/ পাচন শক্তি দুৰ্বল হোৱা
১৩/ শৰীৰত পানীৰ অভাৱ
১৪/ বেক্টেৰীয়াৰ আক্ৰমণ বা দাঁতৰ ৰোগ
১৫/ দৰৱৰ পাৰ্শক্ৰিয়া
১৬/ মুখ ভালকৈ পৰিস্কাৰ নকৰা
অাদি বহু কাৰণত এই ৰোগ হ'ব পাৰে।
এনেয়ে সাধাৰণ অৱস্থাত ৩/৪ দিনলৈ এয়া বিশেষ কোনো ৰোগ নহয়, ই নিজে ঠিক হৈ যায়। কিন্তু তাতকৈ বেছি হ'লে ইয়াৰ বাবে ঘৰুৱা চিকিৎসা লোৱা প্ৰয়োজন হৈ পৰে। আৰু ১০/১৫ দিনলৈকে যদি ই ভাল নহয় তেতিয়া ইয়াৰ বাবে ভালকৈ চিকিৎসা ব্যৱস্থা কৰোৱা অত্যাৱশ্যকীয় হৈ পৰে।
ঘৰুৱা ঔষধি:
১/ লং দুটা ভালকৈ চোবাই তাৰ ৰস ঘাঁ বিলাকলৈ যাব দিব লাগে আৰু লেলাৱটী বাহিৰলৈ পেলাব লাগে২/ ধনীয়াৰ পাত পিহি পেষ্ট বনাই তাক ঘাঁ বিলাকত লগাই থব লাগে অথবা ধনীয়া গুটী খুণ্ডি তাক পানীত সিজাই সেই পানীৰে মুখ কুলকুলীয়াব লাগে
৩/ নাৰিকলৰ পানী খাব আৰু নাৰিকল খাব
৪/ নিশা শুবৰ সময়ত গাই ঘীঁ লগাই শুব লাগে । ২ দিনত ভাল হয় যায় যদিও কমেও এসপ্তাহ ইয়াক লগাব লাগে।
৫/ হালধী গুড়ি পানীত সিজাই সেই পানীৰে মুখ কুলকুলিয়াব পাৰে। বিষ কমিব
৬/ মধুৰীৰ কুমলীয়া পাত চোবাব লাগে
৭/ শুহনি বন চোবাব লাগে আৰু ঘাঁ সমুহত লগাই থব লাগে
৮/ ঘৰুৱা দৰৱ নিদিয়াকৈ কৰা বিলাহীৰ ৰস এগিলাচমান উলিয়াই গুটী সমুহ চেকি সেই ৰসেৰে কুল কুলি কৰিব লাগে
৯/ শিলিখা খুণ্ডি তাৰ মণ্ড সমুহ লগাব লাগে আৰু শিলিখা খাব লাগে। নিতৌ খোৱাৰ পিছত তামোল, পাণ, মচলা আদি খোৱাৰৱ পৰিৱৰ্তে শিলিখা খাব লাগে
১০/ ঘৃতকুমাৰীৰ বিজলুৱা অংশ লগালেও ঘাঁ ভাল হয়
১১/ একেৰাহে ১ বছৰমান মান পুৱা গা ধুই খালী পেটত তুলসীৰ পাত চোবালে এই ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।
১২/ ঘৰুৱা মৌ (চেনী খোৱা মৌ হ'ব নালাগে) ৰস লগালে ইয়াৰ বিষ নিমিষতে দূৰ হয়
১৩/ বেক্টৰীয়াৰ প্ৰভাৱ কম কৰিবৰ বাবে ফিটকিৰি মিহলী পানীৰে কুল কুলী কৰিব পাৰে
১৪/ ইলাচী গুড়ি কৰি তাৰ লগত মৌ ৰস মিহলাই মুখত আৰু ঘাঁ লগা ঠাই সমুহত লগালে ঘাঁ ভাল হয়
১৫/ মহানিমৰ পাত পানীত সিজাই মুখ কুলকুলীয়াব লাগে
ইয়াৰ পৰা কিদৰে ৰক্ষা পাব পাৰি:
১/ পৰ্যাপ্ত কুহুমীয়া পানী খাওক, যাতে পেটত পিত্ত দোষ হ'ব নোৱাৰে২/ দাঁত যাতে ভালকৈ চফা হয় তালৈ ধ্যান দিব
৩/ ব্ৰাশ্ব কৰোঁতে সাৱধানেৰে কৰিব, পৰাপক্ষত দাঁতোন বা আঙুলিৰ ব্যৱহাৰ কৰক
৪/ খোৱাৰ সময়ত অধিক গৰম বা ধিক ঠাণ্ডা সেৱন নকৰিব আৰু ধ্যান পুৰ্বক খাব। যাতে মনোযোগ হীণতাৰ বাবে মুখ কামোৰ নাখায়
৫/ ফাষ্টফুড, জাংকফুড, অত্যধিক মচলা, আমিষাহাৰ, ফ্ৰীজৰ বস্তু, কণী, চাহ, কফি, কোল্ড ড্ৰিংক, পান-মচলা, ধঁপাত, গুটখা আদি একেবাৰে নুখোৱাই ভাল
৬/ চালাড, শাক পাচলি, ফল মুল, গাখীৰ আৰু গাখীৰৰ উৎপাদসমুহ বেছিকৈ সেৱন কৰিব লাগে
৭/ টোপনী ক্ষতি কৰা অনুচিত
৮/ পুৱা সোণকালে উঠি পেট পৰিষ্কাৰ কৰা আৰু কিছু যোগাসন, প্ৰণায়ম ব্যায়াম আদি কৰা উচিত।
৯/কেতিয়াবা পিত্ত বৃদ্ধিৰ বাবে হোৱা এই ৰোগৰ মুল কাৰণ এপেণ্ডিক্স বা গল ব্লাডাৰ হয়। তেতিয়া অস্ত্ৰোপচাৰ কৰিব লগীয়া হ'ব পাৰে।
চিকিৎসকীয় প্ৰয়োগ:(কেৱল চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব)
=> খাদিৰাদী বটি ৩/৪ বাৰ চুহি চুহি খাব লাগে
=> দিনত দুবাৰ খোৱাৰ পিছত চন্দ্ৰপ্ৰভা বট্টী এটাকৈ খাব লাগে
=> আহাৰ খোৱাৰ পিছত কুমাৰ্য়াসৱ দিনে দুবাৰকৈ দুচামুচ পানী সহ মিলাই খাব লাগে
=> লিভাৰৰ কোনো ঔষধ খোৱাৰ আগেয়ে ল'ব লাগে, অথবা পুণৰ্নৱাৰিষ্ট দুচামুচ পানীসহ খোৱাৰ পিছত খাব।
যদি ঘাঁ হোৱা ঠাইত তেজৰ ফোঁহা দেখা যায়, ৰং যদি ক'লা ধৰণৰ হৈ যায় অথৱা টেমুনা আদি হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ লওক।