Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সাৰ বেমাৰ বা কামলা ( JAUNDICE)



সাৰ বেমাৰ বা কামলা ( JAUNDICE) :::


যকৃতৰ অন্তৰ্গত পিত্তাশয়ৰ পৰা ওলোৱা পিত্ত বৰ্ণক(Biles Figment)ইমানকৈ বাঢ়ি যায় যে-- যকৃত কোষ(cells of the liver) ৰ দ্বাৰা তাক গ্ৰহন কৰিব নোৱাৰে-যাৰ ফলত ই ৰক্তনলিকাৰ(Blood sterns) লগত মিহলি হৈ যায়|সেইকাৰনে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ হালধীয়া হৈ যীয়|

  ৰোগৰ কাৰণ::
         যকৃত ৰোগৰ হলে,পিত্ত পাথৰ হলে,পিত্তনলী সংকোচন হলে বা পিত্তনলীত ক্ৰিমি হলে,বাহি বা দূষিত খাদ্য খালে,অপৰিস্কাৰ পানী খালে,শৌচ কঠিন হলে,নিমখ বেছিকৈ খালে আৰু আৱশ্যকতকৈ বেছি ব্যায়াম কৰিল্ জণ্ডিছ বেমাৰ হব পাৰে|শৰীৰত তেজৰ পৰিমান কমি গলেও এই ৰোগ হয়|
   ৰোগৰ লক্ষন:::
                   চকু,জিভাৰ তল আৰু ছাল হালধীয়া হয়| আনকি প্ৰস্ৰাৱও হালধীয়ী হোৱা দেখা যায়| ৰক্তহীনতাই দেখা দিয়ে!শৰীৰ দুৰ্বল হয়,পেটত বিষ হয়,জ্বৰ উঠে,ভোক কম হয়,যকৃত আৰু প্লীহা বৃদ্ধি হয়|বমি বমি ভাব হয়|
     ঘৰুৱা বিধান:::
১) ১কাপ মিঠা আমৰ ৰস আৰু একাপ গাখীৰ মিহলি কৰি তাত মৌজোল ৩চামুচ দি ৰাতিপুৱা আৰু গধুলি খাব লাগে|
২) ২০গ্ৰাম কেৰেলাৰ ৰসত ১কাপ পানী মিহলাই ৰাতিপুৱা আৰু গধুলি খাব লাগে|
৩) ৪/৫ ফুটা নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে দুদিন খালেই এই ৰোগ ভাল হয়| এই ঔষধ খোৱাৰ আগত কিছু গাখীৰ খোৱা ভাল|
৪) এগিলাচ পানীত এটা কাজি নেমুৰ ৰস মিহলি কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়|
  পথ্য::
   ধনীয়াৰ ৰস,কৰদৈ টেঙা,আমলখি,কুঁহিয়াৰ,দোৰোণ,পূৰাকল,নিমৰ পাত বিশুদ্ধ পানী খোৱা ভাল|
  অপথ্য::
    যিকোনো মছলা,তেল,উৰহি, ভজা-পোৰা বস্তু,বৰালি মাছ,মাটি মাহ,হালধি,নিমখ!তামোল-পাণ খোৱা বেয়া,স্ত্রী সংগম কৰিব নালাগে,পৰিশ্ৰম কৰা বেয়া|||
 👉👉👉 স্বেয়াৰ কৰক আৰু এইৰোগৰ পৰা সকলকে ৰক্ষা কৰক