Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

আমলখিৰ উপকাৰিতা বিষয়ে কিছু জানো আহক । The Benefits of Amalaki in Assamese


মহৌষধি ৰসায়ন আমলখি ( Phyllathus emblica)🌸🌸

তলত ইয়াৰ কিছুমান উপকাৰীতা থুলমূলকৈ দিছো
( The Benefits of Amalaki) ::

🌸(১).প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্যান্য এন্টি অক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বাৰ্ধক্য অহাত বাধা দিয়ে( anti aging) ।

🌸(২).ডায়েবেটিছ ৰোগীৰ বাবে উত্তম মহৌষধ কাৰণ ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। নিতৌ আমলখিৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।

🌸(৩). এচিডিটি বা গেছৰ সমস্যাত আমলখিৰ ৰস দুই চামুচ আৰু অকণমান মৌ একেলগে মিহলাই খালে সুফল পোৱা যায়।

🌸(৪).দাঁত, ছাল ,চুলিৰ সুস্বাস্থ্যৰ বাবে আমলখি খুব উপকাৰী।কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কেলচিয়াম থাকে। কেচা আমলখি চোৱাই খাওক মাজে মাজে।

🌸( ৫). অকালপক্কতা( premature greying), উফি, চুলি সৰা আদি সমস্যাত আমলখি খুবেই উপকাৰী।
(ক). কেচা আমলখি খুন্দি তাৰ ৰস চুলিৰ গুৰিত সানি আধা ঘণ্টা বা এঘণ্টা সানি থওক। তাৰ পিছত ধুই পেলাওক
(খ).কেঁচা আমলখিৰ ৰস আৰু নাৰিকল তেল উতলাই ঠাণ্ডা কৰি চুলিৰ গুৰিত মালিচ কৰি এঘণ্টাৰ পিছত ধুই দিয়ক।

🌸(৬). কৌষ্ঠ কাঠিন্যত ( constipation) এচামুছ শুকান আমলখিৰ গুৰি গৰম পানীত মিহলাই ৰাতি শোৱাৰ সময়ত খাওক। সুফল পাব।

🌸(৭).ওজন কমাবলৈ ইচ্ছা কৰা সকলে নিতৌ আমলখিৰ ৰস খাওক। সোৱাদৰ বাবে অলপ মৌ বা ডালচিনিৰ গুৰি দিব পাৰে। আমলখিত থকা ফাইবাৰে শৰীৰৰ শোধন কৰে( detox) যাৰ বাবে বিপাকজনীত সমস্যাৰ বাবে হোৱা মেদবহুলতাৰ হ্ৰাস হয়। ডায়েটত থকা সকলে বিভিন্ন প্ৰকাৰৰ দিটক্স ড্ৰিংক লয়। আমলখিৰ ৰস এটা উৎকৃষ্ট দিটক্স ড্ৰিংক।

🌸(৮). লিভাৰৰ সুৰক্ষা আৰু লিভাৰ জনীত বিভিন্ন ৰোগত আমলখি উপকাৰী। ই লিভাৰৰ পৰা বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ(toxins) উলিয়াই লিভাৰৰ শোধন কৰি ইয়াক কাৰ্যক্ষম কৰি তোলে। আমলখি কেচাই চোৱাই খালে সুফল পোৱা যায়।

🌸(৯). উচ্চ ৰক্তচাপত আমলখিৰ ৰস আৰু অকনমান মৌ দৈনিক সেৱন কৰিলে সুফল পোৱা যায়। আমলখিৰ লগত গুড় সেৱন হৃদযন্ত্রৰ বহু ৰোগৰ বাবে উপকাৰী।

🌸(১০).কেঞ্চাৰ,আৰ্থ্ৰাইটিছ, চকুৰ বিভিন্ন ৰোগ,বিভিন্ন প্ৰকাৰৰ স্নায়ু জনিত ৰোগত আমলখি উপকাৰী।

     ইমানবোৰ গুনেৰে বিভূষিত আমলখি আমি যিকোনো প্ৰকাৰেৰে সেৱন কৰা উচিত। কেঁচাই খাই বেয়া পোৱা সকলে চাটনি, চালাড, ৰাইতা আদিত দিও খাব পাৰে। আমলখি শুকুৱাই গুৰি কৰি থৈ বটলত ভৰাই বহুত দিন সংৰক্ষণ কৰি থব পাৰি। আমলখি নিমখৰ লগত সিজাই শুকুৱাই খোৱা পৰম্পৰা আমাৰ সমাজত এতিয়াও আছে। যিসকলে নিজৰ যৌৱন অটুট ৰাখিব খোজে, নিতৌ দুটা বা তিনিটা আমলখিৰ সেৱন কৰক।

সংগ্ৰহীত
ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)