Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

Hemorrhoids (Piles) বা অৰ্শৰোগ


Hemorrhoids (Piles) বা অৰ্শৰোগ :
     Hemorrhoids বা Piles হ'ল মলবাহী নলী বা মলদ্বাৰত ফুলি উঠা কিছুমান ৰক্তবাহী নলিকা যিবোৰ কেতিয়াবা মলদ্বাৰেৰে বাহিৰ হৈ আহে আৰু কেতিয়াবা এই ৰক্তনলিকা বিলাক ফাটি ৰক্তক্ষৰণো হব পাৰে। ৰক্তক্ষৰণ হোৱা বাবে আৰু বাহিৰলৈ ওলাই অহা বাবে ইয়াক Piles নামেৰেও জনা যায়।
       Hemorrhoids ৰ বিষয়ে জনাৰ আগতে আমি মলবাহী নলী (anal canal) ৰ গঠনৰ বিষয়ে জানিব লাগিব। মলবাহী নলী বা মলাশয়ৰ চাৰিওফালে কিছুমান ৰক্ত পৰিবাহী নলিকা থাকে। ইয়াৰে কিছুমান ধমনী যিয়ে বিশুদ্ধ অক্সিজেন যুক্ত তেজ পৰিবহন কৰে আৰু কিছুমান সিৰা যাৰ মাজেৰে দূষিত তেজ পৰিবাহীত হয়। এই সিৰাবিলাক যিখিনি ঠাইত গৈ সমাপ্ত হয় সেই ঠাইখিনিত সিৰা বিলাক কিছুমান সৰু সৰু চুলিৰ নিচিনা নলিকালৈ বিভাজিত হয় যায় যাক কৈশিক নলিকা বুলি কোৱা হয়। এই সিৰাৰ পৰা উৎপন্ন কৈশিক নলিকা বিলাক সেই একে আকাৰৰ ধমনীৰ লগত লগ লাগি মলবাহী নলীৰ চাৰিওফালে ঘূৰণীয়া আকৃতিৰ ৰক্তবাহী নলিকাৰ এখন জালৰ সৃষ্টি কৰে। সিৰা আৰু ধমনী সমূহ যি ঠাইত লগ লাগে সেই ঠাইখিনি স্বাভাৱিকতে অলপ ফুলি থাকে আৰু যদি আমি মলদ্বাৰক এটা ঘড়ীৰ লগত তুলনা কৰো তেন্তে যি যি ঠাইত এই নলিকা সমূহ লগ লাগে সেই ঠাইবোৰ ক্ৰমে ঘড়ীৰ তিনি, সাত আৰু এঘাৰ বজাৰ নিচিনা অৱস্থানত সাধাৰণতে দেখা পোৱা যায়।
          সাধাৰণতে আমাৰ মলবাহী নলীটো ৩.৮ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ হয় আৰু ইয়াক যদি আমি তিনি ভাগত বিভক্ত কৰো তেন্তে ওপৰৰ দুই তৃতীয়াংশত থকা সিৰা আৰু ধমনী বিলাক মাংসপেশী আৰু সংযোজক কলাৰে আবৃত্ত হৈ থাকে আৰু একেবাৰে ভিতৰ ফালে শ্লেষ্মাৱৰনে আগুৰি থাকে। তলৰ এক তৃতীয়াংশ মলদ্বাৰক আমাৰ দেহৰ ছালৰ দুটা তৰপে আৱৰি থাকে। ওপৰৰ দুই তৃতীয়াংশ আৰু তলৰ এক তৃতীয়াংশক পেক্টিনেট লাইনে বিভাজিত কৰি ৰাখে।

Hemorrhoids কেনেকৈ হয়?
যেতিয়া মানুহ এজনৰ পায়খানা খুব টান হয় আৰু তেওঁ পায়খানা কৰাৰ সময়ত খুব জোৰ লগাব লগা হয় তেতিয়াই মলবাহী নলীৰ চাৰিওফালে আগুৰি থকা কলাবিলাকৰ ওপৰত চাপ পৰিবলৈ আৰম্ভ হয় আৰু এই চাপৰ প্ৰভাৱত প্ৰত্যেক বাৰ পায়খানা কৰাৰ সময়ত ইয়াত থকা শ্লেষ্মাৱৰন এৰি আহিব ধৰে। এৰি অহা শ্লেষ্মাৱৰনৰ বাবে ভিতৰত থকা সিৰাবিলাক বাহিৰলৈ ওলাই আহি Hemorrhoids ৰ সৃষ্টি কৰে। সাধাৰণতে পেক্টিনেট লাইনৰ ওপৰত সৃষ্টি হোৱা আভ্যন্তৰীণ Hemorrhoids বিলাকৰ বিষ নাথাকে কিন্ত বেছি চাপ পৰিলে ফাটি তেজ ওলায়। আনহাতে পেক্টিনেট লাইনৰ তলত হোৱা বাহ্যিক hemorrhoids বিলাক সাধাৰণতে বিষযুক্ত হয় আৰু ইয়াৰ পৰাও সিৰাবিলাক ফাটি ৰক্তক্ষৰণ হব পাৰে। কেতিয়াবা internal hemorrhoids বিলাকত পৰা বেছি চাপৰ প্ৰভাৱত সিৰাবিলাক তললৈ নামি আহি বাহ্যিক hemorrhoids ৰ ৰূপ লব পাৰে। আভ্যন্তৰীণ hemorrhoids বিলাকতো কেতিয়াবা ৰক্তক্ষৰণৰ ফলত তেজ গোট খাই বিষৰ সৃষ্টি কৰিব পাৰে। আনহাতে বাহ্যিক hemorrhoids ৰ ক্ষেত্ৰত ফুলি উঠা সিৰাবিলাক মলদ্বাৰেৰে বাহিৰ হৈ আহি এটা পিণ্ডৰ আকৃতি লয় আৰু কেতিয়াবা খজুৱতিও হব পাৰে ।
ডায়েৰীয়া বা পুৰণি ডিচেন্টেৰি ৰোগৰ ফলতো শ্লেষ্মাৱৰন ক্ষয় গৈ ৰক্তনলিকা বিলাক বাহিৰ ওলাই আহি Hemorrhoids ৰ সৃষ্টি হব পাৰে।

Hemorrhoids বেমাৰত উদ্গনি যোগোৱা কাৰণসমূহ :-

👉 বংশগত- বংশৰ কোনো সদস্যৰ এই ৰোগ থাকিলে অন্য সদস্যৰো হোৱাৰ আশংকা থাকে।

👉 গৰ্ভাৱস্থা - গৰ্ভাৱস্থাত জৰায়ুৰ আকৃতি বৃদ্ধি হোৱাৰ লগে লগে এই বৰ্দ্ধিত জৰায়ুৱে মলবাহী নলীত চাপ দিয়াৰ ফলত Hemorrhoids ৰ সৃষ্টি হব পাৰে। অৱশ্যে কেতিয়াবা গৰ্ভাৱস্থাৰ আৰম্ভণিতেও Hemorrhoids হোৱা দেখা যায়। হৰমনৰ তাৰতম্যতাৰ ফলত হোৱা কোষ্ঠকাঠিন্যতাক ইয়াৰ বাবে জগৰীয়া কৰা হয়।

👉 মেদবহুলতা - শৰীৰত অত্যধিক চৰ্বী জমা হোৱাৰ ফলতো hemorrhoids ৰ সৃষ্টি হব পাৰে।

👉 সন্তান জন্মৰ ছয় সপ্তাহ পৰ্যন্ত মহিলা এগৰাকীৰ hemorrhoids হোৱাৰ সম্ভাৱনা বেছি থাকে।

👉 কোনো মানুহ যদি একেটা অৱস্থানতে বহু সময় ধৰি বহি থাকে তেন্তে তেওঁৰ মলদ্বাৰৰ মাংসপেশীত চাপ পৰাৰ ফলতো hemorrhoids ৰ সৃষ্টি হব পাৰে।

আনহাতে তলত উল্লেখ কৰা অৱস্থাবোৰৰ বাবেও মানুহ এজনৰ hemorrhoids বা Piles হব পাৰে -

*কোষ্ঠকাঠিন্যতা
*পুৰণি কাঁহ
*ডায়েৰিয়া
*মলদ্বাৰৰ সংকোচন
*সংক্ৰমণ
*সঘনাই গুদবস্তি(enema) ব্যৱহাৰ কৰিলে
*কোনো ৰোগ বা সমস্যাৰ বাবে পেটত সঘনাই অত্যধিক চাপৰ সৃষ্টি হ'লে।
*অন্ত্ৰত হোৱা কৰ্কট ৰোগ
*মেৰুদণ্ডত হোৱা আঘাতৰ বাবে মানুহজনে পোন হৈ থিয় হব নোৱাৰিলে।
*মলদ্বাৰত হোৱা কোনো অস্ত্ৰোপচাৰ

Hemorrhoids বা Piles বেমাৰৰ লক্ষণ (Hemorrhoid symptom) :-

*বিষহীণ ৰক্তক্ষৰণ
*মলদ্বাৰৰ খজুৱতি
*মলবাহী নলী বা মলদ্বাৰত বিষ
*মলদ্বাৰ উখহি উঠা আৰু কিছুমান পিণ্ডৰ নিচিনা আকৃতি সৃষ্টি হোৱা।

Hemorrhoids চিনাক্তকৰণ :-

লক্ষণৰ ওপৰত ভিত্তি কৰি hemorrhoids চিনাক্ত কৰা হয়। লগতে শাৰীৰিক পৰীক্ষাৰো দৰকাৰ হয়।বাহ্যিক hemorrhoids বাহিৰৰ পৰা দেখা যায় যদিও আভ্যন্তৰীণ hemorrhoids চাবলৈ প্ৰক্টোস্কোপ (Proctoscope) নামৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

Hemorrhoids ৰ পৰ্য্যায়ৰ ওপৰত আৰু ইয়াক চাৰি ভাগত ভাগ কৰা হৈছে, যেনে:-

*প্ৰথম ডিগ্ৰী (First degree) pile:- এনেধৰণৰ pile জোৰ নলগালে বাহিৰলৈ ওলাই নাহে।কিবা কাৰণত বাহিৰলৈ ওলাই আহিলেও হাতেৰে ভিতৰলৈ ঠেলি নিদিলেও নিজে নিজে ভিতৰলৈ সোমাই যায়।

*দ্বিতীয় ডিগ্ৰী (second degree) pile :- এইধৰণৰ pile ত য Hemorrhoids বাহিৰলৈ ওলাই আহিলেও নিজে নিজে ভিতৰলৈ সোমাই যায়।

*তৃতীয় ডিগ্ৰী (third degree) pile :- এই পৰ্যায়ত Hemorrhoids বাহিৰলৈ ওলাই আহে আৰু হাতেৰে ঠেলি ভিতৰলৈ সোমাই দিব লাগে।

*চতুৰ্থ ডিগ্ৰী (fourth degree) pile :- এই ক্ষেত্ৰত Hemorrhoids স্থায়ীভাৱে বাহিৰলৈ ওলাই আহে আৰু ভিতৰলৈ সোমাই দিব পৰা নাযায়।

Hemorrhoids ৰ ফলত হব পৰা জটিলতা :-

*প্ৰদাহৰ ফলত মলদ্বাৰৰ অঞ্চলত বিষ।
*ৰক্তক্ষৰণৰ ফলত আইৰনৰ অভাৱযুক্ত ৰক্তহীনতা হব পাৰে
*ঘাঁৰ সৃষ্টি হৈ সংক্ৰমণ হব পাৰে।
*সেই অঞ্চলৰ সিৰা বা ধমনীৰ ৰক্তসঞ্চালন অৱৰোধ প্ৰাপ্ত হব পাৰে।
*hemorrhoids ৰ বিলোপ সাধন হৈ আঁহযুক্ত সংজোযক কলাৰ পিণ্ডৰ সৃষ্টি হব পাৰে।

Hemorrhoids ৰ পৰা মুক্তি পোৱাৰ উপায় :-

*প্ৰচুৰ পৰিমাণে আঁহযুক্ত খাদ্য সেৱন কৰিব লাগে। যেনে- সেউজীয়া শাক পাচলি যাতে কোষ্ঠকাঠিন্যতা নহয়।
*যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ।
*গৰিষ্ঠ আৰু বিৰুদ্ধ আহাৰ, ৰিফাইন যুক্ত খাদ্য, ফাষ্ট ফুড, জাংক ফুড, শীতল পানীয়, এলকহল ইত্যাদি পৰিত্যাগ কৰিব লাগে।
*কেতিয়াও পায়খানাৰ বেগ আহিলে ধৰি ৰাখিব নালাগে।
*অত্যধিক মানসিক চাপ পৰিহাৰ কৰিব লাগে।
*ৰাতি বেছি দেৰিলৈ উজাগৰি থাকিব নালাগে।
*একে অৱস্থানতে বেছি সময় ধৰি বহি থকাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে।
*যেতিয়াই মানুহ এজনে ভাবে তেখেতৰ pile হৈছে সময় ব্যয় নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।
       যদি Piles ৰ ৰোগী এজনে চিকিৎসা কৰি আৰোগ্য লাভ কৰাৰ পিছত পুনৰ গৰিষ্ঠ আৰু বিৰুদ্ধ ভোজন সেৱন কৰা আৰম্ভ কৰে তেন্তে তেওঁ অতি কম সময়ৰ ভিতৰত পুনৰ সেই ৰোগৰদ্বাৰা আক্ৰান্ত হোৱাতো স্বাভাৱিক।

চিকিৎসা :- সাধাৰণতে তলত দিয়া চিকিৎসা পদ্ধতি সমূহ ব্যৱহাৰ কৰা হয়।

*চিট্জ্ বাথ (sitz bath)
*এণ্টিচেপ্তিক ক্ৰীম বা মলম আদিৰ ব্যৱহাৰ।
*পায়খানা খোলোচা ৰখাৰ বাবে ঔষধৰ ব্যৱহাৰ ।
*ডায়েৰীয়া থাকিলে এণ্টি ডায়েৰীয়েল ঔষধ দিয়া হয়।
*অস্ত্ৰোপচাৰ ইত্যাদি।

আয়ুৰ্বেদিক চিকিৎসা :- আয়ুৰ্বেদত hemorrhoids বা Piles ক অৰ্শৰোগৰ লগত তুলনা কৰা হয়। আয়ুৰ্বেদীক চিকিৎসাত মূখ্যতঃ বায়ু অনুলোমন বা প্ৰকূপিত বাত দোষক অধোমাৰ্গেৰে  উলিয়াই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বায়ু অনুলোমন আৰু কোষ্ঠকাঠিন্যতা দূৰি কৰাৰ বাবে আয়ুৰ্বেদত তলত দিয়া ঔষধসমূহ ব্যৱহাৰ কৰা হয়।
- অভয়াৰিষ্ট, এৰণ্ড তেল, হিংগাস্তক চূৰ্ণ, অভয়া চূৰ্ণ, ত্ৰিফলা চূৰ্ণ ইত্যাদি ।
            ইয়াৰ উপৰিও বহুতো শাস্ত্ৰীয় যোগ এই বেমাৰত ব্যৱহাৰ কৰা হয়। যেনে - অৰ্শ কুঠাৰ ৰস, অৰ্শগ্নি বটী, কান্কায়ন বটী, ত্ৰিফলা গুগ্গুল ইত্যাদি । লগতে বহুতো পেটেণ্ট আয়ুৰ্বেদীক ঔষধ এই সমস্যাটোৰ বাবে বজাৰত উপলব্ধ হয়। অৰ্শৰোগ হোৱা ঠাইত  কাসিসাদি, জাত্যাদি ইত্যাদি তেল লগাবলৈ ব্যৱহাৰ কৰা হয়। ফিটকিৰীযুক্ত কুহুমীয়া গৰম পানীৰ সহায়ত sitz bath ৰো ব্যৱস্থা কৰা হয়।
 অৱশ্যে কিছুমান অৰ্শৰোগ ঔষধেৰে থিক নহয়। ইয়াৰ বাবে আয়ুৰ্বেদত ক্ষাৰসূত্ৰ পদ্ধতি ব্যৱহাৰ কৰা হয়।

অৰ্শৰোগৰ বাবে যোগাসন :- অশ্চিনীমুদ্ৰা, উত্থানপাদাসন, গোমূখাসন, পশ্চিমোত্তানসন, বজ্ৰাসন, ময়ূৰাসন, পৱনমূক্তাসন, হলাসন, সৰ্বাঙ্গাসন ইত্যাদি ।

 লিখক : ডা. মুকুল শৰ্মা