Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মাহেকীয়াৰ বিষয়ে কিছু কথা


*মাহেকীয়াৰ বিষয়ে জানো আহক

#মাহেকীয়াত হোৱা সমস্যাসমূহ

#মাহেকীয়া হলে কি কি কৰিব লাগে

যৌৱন কাল আৰম্ভ হোৱাৰ পিছৰেপৰা প্ৰতি ২৮ দিনৰ অন্তৰত  ঋতুস্ৰাৱ (menstruation)হয় । প্ৰথম ঋতুস্ৰাৱ ১০-১২ বছৰ বয়সত আৰম্ভ হয় আৰু ইয়াক ৰজপ্ৰবৃত্তি (Menarche) বোলা হয়।নিয়মিত ভাৱে ঋতুস্ৰাব ৪৫-৫০ বছৰ বয়স পৰ্যন্ত চলি থাকি বন্ধ হয় আৰু তাক ৰজনিবৃতি (Menopause) বোলে।

ঠাণ্ডা দিনত ঋতুচক্ৰৰ দিন বাঢ়ি ৩২ দিন মানত হয় আৰু গৰম দিনত কমি আহি ২৪-২৫ দিনত হয় । এবাৰ ঋতুস্ৰাব হলে ৩০-৪০ মিলি লিটাৰ ৰক্তক্ষৰণ হয়।কিছুমান যুৱতী বা স্ত্ৰীৰ ঋতুস্ৰাৱ তিনি সপ্তাহত, কিছুমানৰ এমাহ আৰু কিছুমানৰ পাছ সপ্তাহত ঋতুস্ৰাৱ হয়। বংশগত কাৰণ , পৰিবেশ, শাৰীৰিক স্বাস্থ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক যূৱতী বা স্ত্ৰীৰ ঋতুচক্ৰৰ সময় বেলেগ বেলেগ হয়। সেয়েহে এনে ধৰণৰ ঋতচক্ৰৰ পাৰ্থক্য থাকিলে শৰীৰৰ একো ক্ষতিসাধন নহয়।

            ডিম্বাশয়ৰ পৰা ডিম্ব উৰ্বৰিকৰনৰ হৈ (১২-১৪ ) দিনত ডিম্ববাহী নৃলীত থিতাপি লয় । এনে অৱস্থাত প্ৰায় দুদিন পৰ্যন্ত গৰ্ভনিষেচনৰ বাবে শুক্ৰৰ আগমনলৈ অপেক্ষা কৰি ৰয়। উক্ত সময়ৰ ভিতৰত শুক্ৰৰ লগত মিলিত হৈ গৰ্ভনিষেচন নহলে ডিম্ব পুনৰ জৰায়ু অভিমুখে গতি কৰে। সাধাৰণতে ডিম্ব উৰ্বৰিকৰনৰ প্ৰায় ২৬-২৭ দিনত জৰায়ুত থকা কৰপাছ লুটিআম (Corpus Luteum) ক্ষয়প্ৰাপ্ত হোৱা বাবে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰমহৰন হৰমন স্লাবিত হোৱাত বাধা ওপজে‌। ফলস্বৰূপে জৰায়ুৰ শ্লেষ্মাকলাৰ (Endometrium) সিৰা সঙ্কূচিত হয় বাবে ক্ষয়প্ৰাপ্ত ডিম্ভটো এৰি যায়।এনে অৱস্থাত ৰক্তস্ৰাৱ হৈ জৰায়ু আৰু যোনীৰে বাহিৰ ওলোৱাক ঋতুস্ৰাৱ বোলা হয়। ডিম্ব উৰ্বৰিকৰনৰ পৰা পুনৰ ঋতুস্ৰাৱ হোৱালৈকে স্ত্ৰীৰ শৰীৰৰ উষ্ণতা (Basal Body Temperature) ৰাতিপুৱা বিছনাত শুই থকা অৱস্থাত প্ৰায় ০'৩-০'৫ ডিগ্ৰী ছেলছিয়াছ বা ০'৫-১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পায়। সেয়েহে নিয়মিত ভাবে দৈনিক শৰীৰৰ উষ্ণতা জুখি থাকিলে ডিম্ব উৰ্বৰিকৰনৰ সঠিক সময় নিৰূপন কৰিব পাৰি।
                  ঋতুস্ৰাৱ চলি থকা সময়ত ঋতুমতী স্ত্ৰী শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা বিৰত থাকিব লাগে।শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা জৰায়ূ আঘাতপ্ৰাপ্ত হৈ অত্যাধিক পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে। ঋতুস্ৰাৱৰ, সময়ত ক্ষৰণ হোৱা তেজত প্ৰষ্টাগ্লেনডিন(Prostaglandin) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱা বাবে জৰায়ুৰ মাংসপেশী, শ্লেষ্মাকলা আৰু সিৰা-উপসিৰা সঙ্কোচন হয়। সেয়েহে ঋতুস্ৰাৱৰ সময়ত দুদিনমান আগৰ পৰাই ককালৰ আৰু তলপেটৰ বিষ আৰম্ভ হয়। সেয়েহে এই বিষ ঋতুস্ৰাৱৰ দুই-তিনি দিনলৈকে থাকে। ককাল আৰু তলপেটৰ বিষ বেছি হলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। জৰায়ূ আৰু স্তনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সেয়েহে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা স্তনৰ আকাৰ সামান্য বৃদ্ধি পায়, টনটনীয়া হয় , স্পৰ্শ কৰিলে বিষ অনুভৱ হয়। ইয়াৰোপৰি ঋতুস্ৰাৱৰ সময়ত বমিভাৱ আহে, খোৱাৰ প্ৰতি অনিচ্ছা , গাটো গৰম অনুভৱ হয়, কোষ্ঠকাঠিনতা, মূৰঘূৰণি আৰু ৰক্তচাপ সামান্য বাঢ়ে। এই সময়ত স্ত্ৰী পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। নেপকিন ব্যৱহাৰৰ কৰাটো ভাল। পৰাপক্ষত এই সময়ত গা ধূব নালাগে। ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত যৌনাঙ্গ তথা সিৰা-উপসিৰা সঙ্কোচন হোৱাৰ ফলত স্ৰাৱ বন্ধ হব পাৰে। গা ধূবলগীয়া হ'লে কুহুমীয়া গৰম পানীৰে ধূব লাগে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ভালদৰে গা ধূব লাগে আৰু ডেটল পানীৰে যৌনাঙ্গ ভালদৰে ধূই পৰিস্কাৰ কৰিব। অসমীয়া সমাজ ব্যৱস্থাত ঋতুস্ৰাৱ হোৱাক চুৱা হোৱা বা নোৱাৰা হোৱা বুলি কোৱা হয়। এই সময়ত স্ত্ৰী সকলো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থাকে। এইদৰে তিনি দিন অতিবাহিত হোৱাৰ পিছত গা-পা ধূই পৰিস্কাৰ হয়। চতুৰ্থ দিনত ৰাতিৰ আহাৰ গ্ৰহণ নকৰি লঘোন দিয়ে । অসমৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাবে চলি অহা এই নীতি-নিয়ম সম্পূৰ্ণ স্বাস্থ্য আৰু বিজ্ঞান সন্মত।‌
       

সংগ্ৰহীত
ডা: মনোজ কুমাৰ শইকীয়া