Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

থাইৰয়ড বিষয়ে কিছু আলোচনা


থাইৰয়ড বিষয়ে কিছু আলোচনা

থাইৰয়ড কি?

থাইৰয়ড হ'ল এটা নলীবিহীন গ্রন্থি; যি শৰীৰৰ বাবে অত্যন্ত প্রয়োজনীয়।এই গ্ৰন্থিয়ে শৰীৰৰ বিপাক ক্রিয়া, শাৰীৰিক ও মানসিক ক্ৰিয়া বৃদ্ধি, কেলচিয়ামৰ বিপাক ক্রিয়া নিয়ন্ত্রণ কৰি থাকে।

মহিলাৰ থাইৰয়ডৰ সমস্যা বহুত বেছি হয়।
বেছি হোৱাৰ কাৰণৰ ভিতৰত কব পাৰি- ছোৱালীৰ শাৰীৰিক গঠন, হৰম'নৰ প্রভাৱ, অৰগেনিক মেটাবলিজম ইত্যাদি l এই সমস্যাৰ বাবে মহিলাৰ ওজন বাঢ়ি গৈ থাকে, শীত অসহ্য লাগে, শাৰীৰিক বিষ হব পাৰে, চুলি সৰা, প্রচণ্ড দুর্বলতা অনুভৱ হোৱা, অনিয়মিত মাহেকীয়া, গল ফুলি যোৱা, বাৰে বাৰে গর্ভপাতৰ লগতে প্ৰজনন ক্ষমতা কমি যোৱা,বুদ্ধিমত্তা হ্ৰাস পোৱাৰ লগে লগে মহিলাই মানসিক ও শাৰীৰিক ভাৰসাম্যহীন হৈ পৰে| পৰিসংখ্যামতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ লোক থাইৰয়ডৰ বিভিন্ন ৰোগত আক্ৰান্ত । ইয়াৰ কাৰণ মূলত প্রাথমিকভাৱে শৰীৰত আয়োডিনৰ অভাৱ| শৰীৰত চাহিদা অনুযায়ী পর্যাপ্ত পৰিমানে আয়োডিন নাখালে এনে হয়| বংশগতভাৱেও থাইৰয়ড হয়| হাইপোথাইৰয়ডৰ চিকিৎসা খুবেই সহজ। আপুনি মাথো চিকিৎসকৰ পৰামর্শ মতে থাইৰয়ডৰ ঔষধ নিয়মিত সেৱন কৰিলে আৰু নির্দিষ্ট সময়ৰ পিচে পিচে চেকআপ কৰি থাকিলে গোটেই জীৱন সুস্থতাৰে পাৰ কৰাটো সম্ভৱ হব পাৰে।

হঠাতেই কোনো কাৰণ নোহোৱাকৈয়ে আপোনাৰ শৰীৰৰ ওজন বাঢ়ি গৈ আছে নেকি? নতুবা কোনো কাৰণ নোহোৱাকৈয়ে আপুনি ঠিকমতে খোৱালোৱা কৰাৰ পিছতো শৰীৰৰ ওজন কমি গৈ আছে নেকি?নাইবা আগৰ দৰে গৰম বা ঠাণ্ডা সহ্য কৰাত তাৰতম্য পাইছে নেকি? প্রচুৰ ঘামি যোৱাৰ ফলত হঠাতেই শৰীৰৰ ভিজি গৈছে নেকি? ক্লান্তিবোধ,হতাশাই আপোনাক আগুৰি ধৰিছে নেকি? হঠাতেই কণ্ঠস্বৰ পৰিৱৰ্তিত হৈছে নেকি? এনেধৰণৰ বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে যদি আপোনাৰ শৰীৰৰ থাইৰয়ড নামৰ অতি গুৰুত্বপূর্ণ গ্রন্থিটো অসুস্থ হৈ পৰে।

থাইৰয়ড কি কত থাকে কাম কি ইয়াৰ?

থাইৰয়ড পখিলাৰ দৰে দেখাত এটি গ্রন্থি, যিটো গলধনত থাকে,ডিঙিৰ কলাৰ বোন(clavicle)বা বিউটি বোন নামৰ হাড়ৰ ওপৰত। ই হ'ল একপ্ৰকাৰৰ এণ্ড'ক্রাইন গ্রন্থি। যিয়ে হৰম'ন প্ৰস্তুত কৰে। থাইৰয়ড হৰম'নে আমাৰ শৰীৰৰ জৈৱ বিপাক ক্রিয়া নিয়ন্ত্রণ কৰে। সেয়ে শৰীৰৰ বাবে গুৰুত্ব বহুত বেছি।

থাইৰয়ড গ্রন্থিত কি কি সমস্যা হব পাৰে?

থাইৰয়ডত বহুত ধৰণৰ ৰোগ হব পাৰে। তলত তেনে কিছু ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰা হল ৷৷৷

হাইপোথাইৰয়ডিজমঃ

যেতিয়া শৰীৰত প্রয়োজনতকৈ কম থাইৰয়ড হৰম'ন নিঃসৃত হয় তেতিয়া এনেধৰণৰ সমস্যা হয়|

কেতিয়া বুজি পাব আপুনি এই ৰোগত আক্ৰান্ত?

১) কাম কৰাৰ সময়ত এনার্জি বা শক্তি নোপোৱা বা ক্লান্তিবোধ কৰা।
২) খোৱাৰ ৰুচি কমি যোৱা।
৩) পর্যাপ্ত খাদ্য নোখোৱাৰ পিছতো শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়ি যোৱা।
৪) ঠাণ্ডা একেবাৰেই সহ্য কৰিব নোৱাৰা।
৫) মহিলাৰ মাহেকীয়াৰ সময়ত প্রচুৰ ৰক্তক্ষৰণ ও অনিয়মিত মাহেকীয়া হোৱা।
৬) মুখ ফুলি যোৱা।
৭) হতাশাগ্রস্থ হোৱা।
৮) মাংসপেশীত প্ৰচুৰ বিষ অনুভৱ কৰা।
৯) পায়খানা টান হোৱা।
১০)মানসিক অশান্তিত ভোগা।
১৩) যৌন চাহিদা কমি যোৱা।
১৪) হার্টৰেট কমি যোৱা।
১৫) থাইৰয়ড গ্রন্থি ফুলি যোৱাৰ ফলত goiter হোৱা।
এইসকলো লক্ষণৰ কেইটামান একেলগে দেখা দিলে চিকিত্সকৰ পৰামৰ্শ লওক।

হাইপোথাইৰয়ডিজমৰ কাৰণ কি?

১) হাছিমোট'চ থাইৰয়ডাইটিছ নামৰ অটোইমিউন' ডিজিচ থাকিলে।
২) থাইৰয়ড গ্ৰন্থি কিবা কাৰণত শুকাই গলে।
৩) থাইৰয়ডেকটমি নামৰ অপাৰেচনৰ পিছত।
৪) আয়োডিনৰ অভাৱ হলে।
৫) ডিজহৰম'নোজেনেছিচ হলে।
৬) হাইপোথ্যালামিক ডিজিচ হলে।
ইয়াৰ ওপৰিও আৰু বহুতো কাৰণ থাকিব পাৰে|

হাইপাৰথাইৰয়ডিজমঃ

শৰীৰৰ প্রয়োজনৰ তুলনাত বেছি থাইৰয়ড হৰম'ন ক্ষৰিত হলে এই ৰোগ হয়।

হাইপাৰথাইৰয়ডিজমৰ উপসর্গবোৰ কি কি?

১) খাদ্যৰ ৰুচি ভালে থকাৰ পিছতো শৰীৰৰ ওজন কোনো কাৰণ নোহোৱাকৈ কমি যোৱা।
২) প্রচুৰ পৰিমাণে ঘামি যোৱা, গৰম একেবাৰে সহ্য কৰিব নোৱাৰা।
৩) হাতৰ তলোৱা ঘামি যোৱা।
৪) মাংস পেশীতত শক্তি নোপোৱা।
৫) হাত ভৰি কপা।
৬) অনিয়মিত মাহেকীয়া হোৱা।
৭) টোপনিত সমস্যা হোৱা।
৮)পাতল পায়খানা ঘনে ঘনে হোৱা।
১১) বুকু ধপধপনিৰ লগতে হার্টবিট বাঢ়ি যোৱা।
১২) উচ্চ ৰক্তচাপ(High blood pressure) হোৱা।
১৩) চুলি পাতল হৈ যোৱা।

থাইৰয়ড গ্ৰন্থি সুস্থ ৰখাৰ কেইটামান উপায়ঃ

১) উচ্চ মানৰ টাইৰ'চিন (tyrosine)প্রটিনযুক্ত খাদ্য খাওক। tyrosine থাইৰয়ড হৰম'ন তৈয়াৰ কৰাৰ বাবে দৰকাৰ হয়। ইয়াৰ বাবে মাংস, মাছ, কণী,পকা কল আদিৰ ওপৰিও বুঢ়া কোমোৰাৰ গুটি আদি নিয়মিত খাওক।

২) Goitrogenic foods যেনে বন্ধাকবি, ফুলকবি, ওৰহি, বাদাম, তিয়ঁহ আদি খাদ্যৰ পৰা বিৰত থকাই ভাল।

৩) প্রটিনযুক্ত খাদ্য খাওক immune system ক ঠিক কৰি ৰখাৰ বাবে। ইয়াৰ বাবে গোমধান,বুটমাহ,মাটিমাহ, শস্যদানা, জোৱাৰ(যব)আদি প্ৰচুৰ পৰিমাণে খাওক।

৪) থাইৰয়ড ঠিক ৰখাৰ বাবে লিভাৰ সুস্থ থকাটো জৰুৰী। কিয়নো ইয়াতেই T4, T3 convert হয়। লিভাৰ সুস্থ ৰখাৰ বাবে ফেটি এচিড যুক্ত খাদ্য খোৱা দৰকাৰ।