Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

দ্ৰোণ শাক আমি কিয় খাব লাগে ?


দ্ৰোণ শাক আমি কিয় খাব লাগে ?

১) বিষ নিবাৰণৰ দৰবৰ নিচিনাকৈ দ্ৰোণ শাকে প্ৰষ্টাগ্লেণ্ডিনৰ ক্ৰিয়া ৰোধ কৰি শৰীৰৰ যি কোনো বিষ কমোৱাত সহায় কৰে ৷

২) পিচা ৰস খোৱালে জ্বৰ,মূৰৰ বিষ আৰু কাহৰ উপশম ঘটে ৷

৩)কেঁচুৱাৰ কাহ হলে কেইপাহমান ফুল পিচিলৈ মৌজোলৰ সৈতে খুৱালে আৰোগ্য হয় ৷

৪) দ্ৰোণ হাপানীৰ অসুখত মহৌষধৰ দৰে ৷ শ্বাস-প্ৰশ্বাসৰ যি কোনো অসুখত দ্ৰোণ মিহলোৱা উতলা পানীৰ ভাঁপ লব পাৰে ৷ চাইনাচৰ চিকিৎসাত নাকত কেইটোপাল মান ৰস ঢালি চিকিৎসা কৰা হয় ৷ নাকৰ তেজ ওলোৱা বন্ধ কৰিবলৈ দ্ৰোণৰ ৰস দুই এটোপাল দিলেই সুফল পোৱা যায় ৷

৫) নিয়মীয়াকৈ দ্ৰোণ শাক খালে শৰীৰৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷ নানান জটিল ৰোগৰ চিকিৎসাত স্বাস্থ্য ভংগ হোৱা লোকক দ্ৰোণ শাক খুৱালে শৰীৰৰ অৱনতি ৰোধ হয় ৷ এলাবলিক গুণসমৃদ্ধ হোৱা হেতুকে শৰীৰৰ ওজন বঢ়াত সহায়ক হয় ৷

৬) ডায়েবেটিজ ৰোগ নিয়ন্ত্ৰণত দ্ৰোণ অতি উপকাৰী ৷ নিয়মীয়াকৈ দ্ৰোণ সেৱন কৰিলে ফাষ্টিং ব্লাড চুগাৰ কমা পৰিলক্ষিত হয় ৷ ইয়াৰ ক্ৰিয়াক ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত ৰিজাব পাৰি ৷

৭) লিভাৰৰ উপযোগী বাবে ফেটি লিভাৰৰ চিকিৎসাত ফলপ্ৰসু ৷ দ্ৰোণ শাকে আভোক আতৰায় ৷

৮) কৃমি ৰোগৰ চিকিৎসা - দ্ৰোণৰ ৰস দুই এচামুচ মৌজোলৰ সৈতে মিহলাই দিনে দুবাৰকৈ ৪/৫দিন খোৱাব ৷ এনেদৰে খালে পেটৰ বিষ আৰু শৌচ-কচাও আঁতৰ হয় ৷

৯) জীৱাণুনাশৰ গুণৰ হেতুকে দ্ৰোণ শাকক টাইফয়েড, কলেৰা আৰু ই-কলাইৰ চিকিৎসাটো ব্যৱহাৰ কৰা হয় ৷ দ্ৰোণৰ মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও দেখা গৈছে ৷

১০) পাকস্থলীৰ আলচাৰৰ উপশম ঘটায় ৷ শৌচ কচা নিৰাময় কৰে ৷ মাজে মাজে কুমলীয়া পাত ভাজি খালেও উপকৃত হব ৷

১১) লিম্ফ'মা জাতীয় টিউমাৰৰ বৃদ্ধি ৰোধ কৰে ৷
ৰিউমেটিজম বা বাত ৰোগৰ চিকিৎসাত দ্ৰোণ অতি সহায়কাৰী ৷

১২) একজিমা, স্কেবিজ, চ'ৰিয়াচজাতীয় জটিল দীঘলীয়া চৰ্মৰোগত দ্ৰোণৰ লেপ বহুতৰ ক্ষেত্ৰত ফলপ্ৰসু পোৱা গৈছে ৷ কটা ঘা, জুইয়ে পোৰা, খুন্দা খাই দুখ পোৱা বা ফুলি উঠাৰ চিকিৎসাত উপযোগী ৷

১৩) মৌৰ সৈতে দ্ৰোণৰ ৰস গ'নৰিয়া, ধাতু দূৰ্বলতা, প্ৰসাবৰ বিকাৰৰ চিকিৎসাত প্ৰয়োগ কৰা হয় ৷
অনিয়মীয়া মাহেকীয়া, মাহেকীয়াৰ বিষ (ডিচমেনৰিয়া) এই দুটাৰ বাবে দ্ৰোণ বৰ উপকাৰী | মাহেকীয়া হৈ থকা সময়ত দ্ৰোণশাক খালে ৰক্তস্ৰাব বেচি হব পাৰে ৷

১৪) দাঁতৰ বিষ উপশম ঘটাবলৈ দ্ৰোণ গছৰ শিপা লগাবলৈ বা দাতুনৰ দৰে ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৷

সংগ্ৰহীত