Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সৌন্দৰ্য চৰ্চা :::::




সৌন্দৰ্য চৰ্চা :::::
1 . ১০ দিনত বগা হবৰ বাবে :
ক )৬০ গ্ৰাম বেচন , আধা চামুছ গুড়ি হালধি , আধা কাপ কেঁচা গাখীৰ , 10 টোপাল খাটি সৰিয়হৰ তেল ভালকৈ মিহলাই লওঁক ।
যেতিয়া চাটনিৰ নিচিনা হব , তেতিয়া গালত , গলত আঠু , কিলাকুটি আৰু যত যত কলা পৰিছে তাত লগাওঁক ।
20 মিনিট মান থাকি যেতিয়া লেপটো শুকাই যাব , তেতিয়া হাতেৰে ঘঁহি ঘঁহি উলিয়াই দিয়ক ।। তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই লব ।
ইয়াৰ দ্বাৰা কলা দাগ , ৰদে পুৰা ছাল , অধিক তেলেতীয়া ছাল , বয়সৰ চাপ , অনাবশ্যক নোম আদি নোহোৱা হয় ।।
খ ) দৈনিক গা ধুওতে পানীত 2 তা গোল নেমু ৰস মিহলাই লওক । অতি সোনকালে বগা হব পাৰিব ।
গ ) শুকান তেঁতেলী 300 মিলিগ্ৰাম পানীত ভিজাই থৈ দিব ।। যেতিয়া ফুলি যাব , তেতিয়া হাতেৰে ভালকৈ মিহলাওক ।।
সেই পানী গোটেই গাত ঘঁহি 15 মিনিট পাছত গা ধুওক ।।
অতি সোনকালে ছালৰ ৰং সলনি হব ।।
2 . ক ) অধিক তেলেতীয়া চালৰ বাবে আধা কাপ গাখীৰ লৈ তাৰ এফাল গোল নেমুৰ ৰস মিহলাই তুলাৰে লাহে লাহে মুখমণ্ডল আৰু গলত লগাই 25 মিনিট থাকিব দিয়ক ।
এখন কোমল ৰুমাল কুহুমীয়া গৰম পানীত তিয়াই লাহে লাহে মুচি পেলাওক ।।
খ ) তীয়হৰ ৰস উলিয়াই তুলাৰে গোটেই মুখমণ্ডল আৰু গলত ঘহিলে তেলেটিয়া নোহোৱা হয় ।
গ ) এডোখৰ বৰফ লৈ গাখীৰত ডুবাই মুখত ঘহিলে লগে লগে তেলেটিয়া নোহোৱা হৈ যায় ।
3. চকুৰ পতা বা তলত কলা পৰা :
ক )
তীয়হ পাতল পাতলকৈ কাটি লৈ চকুৰ পতাত ঘঁহিব ।
খ ) ৰাতিপুৱাৰ লালটি লগালে অতি ক্ষীপ্ৰতাৰে কলা দাগবোৰ নোহোৱা হয় ।
4 . ক ) শুকান আৰু উজ্জলতা নোহোৱা চালৰ বাবে এডোখৰ তুলা লৈ গাখীৰত তিয়াই মুখমণ্ডলত লগাওঁক । গোটেই গাত লগাব পাৰে ।
20 মিনিট পাছত কুহুমীয়া পানীৰে ধুই পেলাব ।
খ ) মূলতানি মাটি 50 গ্ৰাম 1 গিলাচ পানীত তিয়াই লৈ যেতিয়া পেষ্টৰ নিচিনা হব , তেতিয়া সেইখিনি গাত ঘঁহি লৈ আধা ঘণ্টা ছাঁয়াত বহক ।
আধা ঘণ্টা পিছত গা ধুই লব ।।
ছালৰ আৰু কিবা সমস্যা থাকিলে কমেণ্টত জনাব ।