Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মিৰ্গী ৰোগ













মিৰ্গী ৰোগ :::::::::


শাৰীৰিক তথা মানসিক ভাৱে দুৰ্বল মানুহৰ ক্ষেত্ৰত মিৰ্গী ৰোগ বেছিকৈ হোৱা দেখা যায় ।
অত্যাধিক শ্ৰম , নিচাযুক্ত দ্ৰব্য সেৱন , মূৰত পোৱা আঘাত আদিৰ বাবেও মিৰ্গী ৰোগ হব পাৰে ।
অকস্মাৎ হাত ভৰি কোচাই লৈ বাগৰি যোৱা , মুখেৰে ফেন ওলোৱা , দাঁত কামুৰি ধৰা আৰু কঁপনি উঠা আদি লক্ষণ দেখা যায় ৰোগীৰ ।
5 মিনিটৰ পৰা আধা ঘন্টা পৰ্যন্ত থাকিব পাৰে বা কেতিয়াবা কেতিয়াবা বেছি সময়ো থাকিব পাৰে ।
ৰোগীয়ে সংজ্ঞা ঘূৰাই পালে খুব ভাগৰ ভাগৰ অনুভৱ কৰে ।
### এই ৰোগৰ ঘৰুৱা বিধান কেইটনাম তলত দিয়া হল ####
1. ৰোগ উঠাৰ সময়ত ৰোগীক সোঁফালে কাটি কৰি শুব দিয়ক আৰু ৰুমাল এখনত চূণ লৈ ৰোগীক শুঙিবলৈ দিলে সোনকালে সংজ্ঞা ঘূৰি আহে ।
2. ব্ৰাহ্মী শাক 100 গ্ৰাম আধা লিটাৰ পানীত উতলাই পানী 1 কাপমান থাকিলে তাত অলপ সন্ধ্যা নিমখ মিহলাই ৰাতিপুৱা নিয়মীত 6 মাহ খুৱাব ।
3. কোমল নিমপাত , জনীগুটি আৰু কলানিমখ মিহলাই চাটনি বনাই ৰোগীক দৈনিক ৰাতিপুৱা 4 মাহলৈ খুৱালেও সুফল পোৱা যায় ।
4. আকন গছৰ বাকলি শুকাই লৈ গুড়ি কৰি ছাগলীৰ গাখীৰৰ লগত আধা চামুচ মিহলাই গৰম কৰি খালে মিৰ্গী ৰোগ ভাল হয় ।
5. অস্বগন্ধা চূৰ্ণ 1 চামুচ গৰম গাখীৰৰ লগত মিহলাই ৰাতি শুৱাৰ সময়ত নিয়মীত 6 মাহ খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পায়।
লগতে নিয়মীত কপালভাটি , অনুলম বিলোম আৰু ভ্ৰমৰী প্ৰণায়ম কৰি থাকিলে সোনকালে সুফল পাব ।