Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

নাৰিকলৰ তেলৰ কুলিকুলি


:::::: নাৰিকলৰ তেলৰ কুলিকুলি ::::::
তেলৰ কুলিকুলি কৰা বিধানটো আয়ুৰ্বেদৰ পুৰণি গ্ৰন্থৰ পৰা লোৱা হৈছে । আধুনিক ভাষাত ইয়াক
Oil Pulling বুলিও কয় ।
Oil pulling ৰ দ্বাৰা কি কি লাভ হয় জানি লওক প্ৰথমে ।
1. দাঁত চিকচিকিয়া হয় ।
2. দাঁতৰ আলু ফুলা বন্ধ হয় ।
3. দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ হয় ।
4. মুখৰ দুৰ্গন্ধ নাইকিয়া হয় ।
5. যিসকলৰ গল সঘনাই বিষাই থাকে আৰু শুকাই শুকাই যায় , তেওঁলোকে এইটোৰ দ্বাৰা উপশম পাব পাৰে ।
6. ভোক বঢ়ায় ।
7. চাইনাচ , সঘনাই চৰ্দি লাগি থকা ,নাকেৰে কোনো গোন্ধ নোপোৱা আদি ৰোগৰ পৰা উপশম পায় ।
8. চকুৰ গুৰি কলা পৰা নোহোৱা হয় ।
9. সঘনাই মুখত ঘাঁ হৈ থকা ৰোগৰ পৰা মুক্তি পায় ।
10. শালমাইনা ওলোৱা কমে ।
11. দাঁতৰ গুৰি বিষ হোৱা বন্ধ হয় ।
12. দাঁত শক্তিশালী কৰে ।
ইয়াৰ উপৰিও আন বহুতো লাভ আছে , যিবোৰ কিছুদিন কৰাৰ পিছত নিজে নিজে গম পায় ।
কেনেকৈ কৰিব :::::::
1 চামুচ ভাল নাৰিকলৰ তেল মুখত লৈ গোটেই মুখৰ ভিতৰত ঘূৰাই ঘূৰাই চোৱাই থাকিব । সোঁৱে বাওঁ ঘূৰাই ঘূৰাই কমছে কম 20 মিনিট মুখত ৰাখিব ।
20 মিনিট পিছত পেলাই দি নিমখ মিহলোৱা গৰম পানীৰে মুখ কুলি কুলি কৰক।
এনেকৈ নিয়মিত 15 দিন কৰক।
এদিন বা দুদিনত একো লাভ নাপাব।