সুস্বাস্থ্যৰ বাবে দৈনিক পানী :
পানীক প্ৰাণ কোৱা হয় । আহাৰ নোখোৱাকৈ থাকিব পাৰি কিন্তূ বায়ূ আৰ পানী অবিহনে এদিনো থাকিব নোৱাৰি ।
পানী হৈছে জীৱৰ প্ৰাণ , পৃথিৱী পানীৰে পৰিপূৰ্ণ, ৰোগী আৰু নিৰোগী সকলোকে পানীৰ প্ৰয়োজন , পানী অবিহনে কোনো জীয়াইথাকিব নোৱাৰে।
এজন প্ৰাপ্ত বয়সৰ ব্যক্তিক প্ৰতি দিনে চাৰি লিটাৰ খোৱা পানীৰ প্ৰয়োজন ।আমাৰ শৰীৰৰ দূই-তৃতীয়াংশ পানী ।
পানীৰ উপকাৰীতা সমূহ হৈছ--
(১) পাচন প্ৰক্ৰিয়াৰ ৰাসায়নিক পৰিৱৰ্তন কাৰ্য্য পানীয়ে সমাপন কৰে।
(২) পানীয়ে শৰীৰৰ কোষত লৱণৰ যোগান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰি ৰাখে।
(৩) পানীখালে শৰীৰৰ অতিৰিক্ত মেদ কমি ওজন হ্ৰাস পায়।
(৪) মহিলাৰ মাহেকীয়া নিয়মীয়া হয়।
(৫) শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হৈ শোধিত হয়।
(৬) হজম আৰু বিপাক ভালদৰে হয়।
(৭) বাৰ্ধক্য চাপ পলম হয়।
(৮)শৌচ-পেচাব নিয়মীয়া হয়।
(৯) পাকস্থলী, যকৃত, কিডনী আদিকৰি আভ্যন্তৰীণ কোষ্ঠ আৰু গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।
(১০) চুলি সৰা বন্ধ হোৱাৰ উপৰিও চুলি গজাত সহায় কৰে আৰু উফি হোৱাটো বন্ধ হয়।
(১১) শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়।
(১২) সদায় পানী এগিলাচ খোৱাৰ পিছত গাধুলে উচ্চৰক্তচাপ কমি ৰক্তচাপ নিয়ন্ত্ৰণ হৈ স্বাভাৱিক
অৱস্থালৈ আহে
(১৩) ৰাতি শোৱাৰ আগত এগিলাচ পানী খালে হাৰ্টষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কম হয়।
(১৪) সকলো প্ৰকাৰ কিডনী ৰোগৰপৰা পৰিত্ৰাণ পোৱা যায়।
শৰীৰৰ পানী নিৰ্গমন :
(১) মূত্ৰ ত্যাগ-১২০০ পৰা ১৫০০ মিলি লিটাৰ প্ৰতি দিনে
(২) ছালৰ জৰিয়তে-৭০০-৯০০ মিলি লিটাৰ
(৩) উশাহ-নিশাহৰ জৰিয়তে ৩০০-৪০০।মিলি লিটাৰ ।
(৪) শৌচৰ জৰিয়তে ১৫০-২০০ মিলি লিটাৰ পানী আমাৰ শৰীৰৰ পৰা ওলাই যায় ।
ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওক :
আয়ুৰ্বেদিক শাস্ত্ৰত উল্লেখ আছে যে পূৱা কফৰ আধিক্য , দূপৰীয়া পিত্তৰ আধিক্য আৰু ৰাতি বাতৰ আধিক্য থাকে। ৰাতিপুৱা কফৰ আধিক্য থাকে বাবে গৰম পানী বা উষ্নোদক খাব লাগে। ৰাতিপুৱা সদায় একলিটাৰ কুহুমীয়া পানী খালে পাকস্থলী আৰু খাদ্যনলী পৰিস্কাৰ হয় । কফদোষ আতৰ হয় । জ্বৰ, কণ্ঠ ৰোগ, কাহ, নাকৰ পৰা পানী ওলোৱা, বুকু আৰু পাৰ্শ্ব বিষ ভাল হয়। যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰোগ ভাল হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।
আহাৰৰ লগত পানীৰ সম্পৰ্ক :
আহাৰ খোৱাৰ আগতে পানী খালে শৰীৰ খীনাই , ভাতৰ লগত অলপ পানী খালে শৰীৰ স্বাভাৱিক অৱস্থালত থাকে আৰু আহাৰ খোৱাৰ পিছত (এঘন্টাৰ পিছত) পানী খালে স্বাস্থ্যৰ উন্নতি বা শক্তিশালী হয় ।
অজীৰ্ণতা হৈ থকা সময়ত পানী খালে ঔষধৰ দৰে কাম কৰে , আহাৰ হজম হোৱাৰ পিছত পানী খালে বলশক্তি বাঢ়ে , আহাৰ খোৱাৰ সময়ত এধোক দোধোক পানী খাই থাকিলে ৰুচি বাঢ়ে আৰু অমৃতৰ দৰে কামকৰে ,আহাৰ খাই লগে লগেই পানী খালে বিষতুল্য হয়।
জলশূণ্যতা কাৰণ আৰু লক্ষণ :
ডায়েৰীয়া, বমিৰ উপৰিও গৰমৰ দিনত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ঘাম নিৰ্গত হয় । ঘামৰ লগত লৱণ শৰীৰৰ পৰা নিৰ্গত হোৱাক জলশূণ্যতা বোলা হয় । জলশূণ্যত কাৰণে পিয়াহ লাগে, মূৰ ঘূৰাই ,ছাল শোতোৰা-শোতোৰ হয় , হাত-ভৰিৰ কঁপনি উঠে আৰু সিৰামূৰি ধৰে । কেতিয়াবা অতিপাত গৰমৰ বাবে হিটষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ।প্ৰতিকাৰ ৰিহাইড্ৰেছন :
এদিনত আমাক ৫ গ্ৰাম নিমখ প্ৰয়োজন। শৰীৰৰ পৰা ঘামৰ লগত লৱণ ওলাই যায় বাবে অতিৰিক্ত নিমখৰ প্ৰয়োজন হয় । সেয়েহে নিমখ যূক্ত পানী অথবা ফলৰ ৰসৰ লগত ৰুচি অনূযায়ী নিমখ মিহলাই খাব লাগে ।নেমু চৰ্বত :
নেমু চৰ্বত বৰ উপকাৰী । নেমুত এচকৰ্বিক এচিড থাকে বাবে শৰীৰৰ জলশূণ্যতা আঁতৰোৱাৰ উপৰিও শৰীৰৰ অতিৰিক্ত কেলচিয়াম পেচাবৰ সৈতে বাহিৰ কৰে । সেয়েহে ই কিভনী ষ্টোনৰ পৰাও ৰক্ষা কৰে । নেমু চৰ্বতত থকা এচকৰ্বিক এচিড উত্তম এন্টিঅক্সিডেন্ট। সেয়েহে নেমু চৰ্বত খালে শ্বাস-প্ৰশ্বাস জনিত ৰোগ উপসম হয়।নেমু চৰ্বত সদায় আইনা গিলাচত বনাই খাব । ষ্টিলৰ গিলাচত বনাই নাখাব ,কাৰণ ষ্টিল বা লোহাই নেমুৰ চৰ্বতত থকা এচকৰ্বিক এচিড শোষণ কৰিব আৰু গুণাগুণ নোহোৱা হয়।তেতেলী চৰ্বত :
তেতেলীৰ চৰ্বত বৰ উপকাৰী ।তেতেলীত টাৰটাৰিক এচিড থাকে । শৰীৰৰ বিষাক্ত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ কৰে । যকৃত সুৰক্ষা কৰি ৰাখে , ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তেতেলী যকৃতৰ মহৌষধ , গলব্লাডাৰৰ কাৰ্য্য ক্ষমতা ২০% বৃদ্ধি কৰে । তেতেলী নিয়মীয়াকৈ খালে হজম শক্তি বাঢ়ে আৰু গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমে । তেতেলীয়ে তেজ পৰিস্কাৰ কৰাৰ উপৰিও তেজ সথিক ভাবে সঞ্চালিত কৰে । তেতেলীৰ আন এটা গুণ হৈছে ই শৰীৰৰ অতিৰিক্ত মেদ কমায় । সেই দৰে বেলৰ চৰ্বত খালে পুৰণি পেটৰ ৰোগ নিৰাময় হয় । কুঁহিয়াৰ ৰস , নাৰিকলৰ পানী , লচ্ছি আৰু ভীমকলৰ চৰ্বত শৰীৰৰ বাবে উপকাৰী। কিন্ত্ত কুঁহিয়াৰ ৰস ডায়েবেটিচ ৰোগীৰ বাবে অপকাৰী , তেজত চুগাৰ বাঢ়িব ।শীতল পানীয় অপকাৰী :
বজাৰত পোৱা শীতল পানীয় স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী । ইয়াত মাৰাত্মক ব্ৰমিনেটেত ভিজিটেবল অইল , অত্যাধিক কাৰ্বহাইড্ৰেত, ডি,ডি,টী ; কাৰ্বন আৰু নানা প্ৰকাৰ খতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। শীতল পানীয় খালে যকৃত, অগ্ণাশয়, কিডনী, হাড় , দাঁত আৰু খাদ্যনলীৰ ক্ষতি কৰে । উল্লেখযোগ্য যে এটা শীতল পানীয় বটলত মানুহৰ দাঁত এটা এমাহ ভৰাই ৰাখিলে দাঁতটো গলি নোহোৱা হয় ।গতিকে চিন্তা কৰি চাওক, কোনবিধ আপুনি খাব ।
ভাল পালে শ্বেয়াৰ কৰিব, দহজন উপকৃত হব
সংগ্ৰহীত
ডা:মনোজ কুমাৰ শইকীয়া