Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

শিশুৰ শৌচ কঁচা


শিশুৰ শৌচ কঁচা
          *Constipation of Child*
 শিশুৰ বহুতো বেমাৰৰ ভিতৰত শৌচকঁচা বেমাৰ আজিকালি বেচিকৈ দেখা যায় । বিভিন্ন পিতৃমাতৃয়েে ইয়াক সাধাৰন কথা বুলি ভাবে যদিও ইয়ে শিশুটোৰ দেহলৈ অন্য বহু বেমাৰ মাতি আনে যাৰ বাবে মাকবাপেকে হাৰশাস্তি খাব লগা হয় ! নৱজাত শিশুৰ ক্ষেত্ৰতো বহুতো শিশুৱে কেবা দিনো শৌচ নকৰা লক্ষন দেখা যায়।
✅কাৰন-------
১। বটলেৰে গাখীৰ খুউৱা ।
২। মাতৃ দুগ্ধ এৰি কৃত্ৰিম গাখীৰ খোৱা
৩। পানী কম মাত্রাত খুউৱা।
৪ । খাদ্য খাওতে বহু ওজৰ আপত্তি কৰা
৫। শাক পাচলি বা সুষম খাদ্য , ফল আদি নোখোৱা=।
৬। ভজা পোৰা বস্তু বা দোকানত পোৱা চকলেত ,বিস্কুট ,মেগী ,চিপ্ চ বা লোভনীয় যিকোনো বস্তু কিনি খোৱা
৭। টি ভি , কাৰ্টুন,মবাইল গেমৰ নিচাত শৌচৰ ভাৱ আহিলেও জোৰকৈ ৰখাই থোৱা অভ্যাস 
৮। খেলাধুলা বা পৰিশ্ৰম কম হলে ।
 
    ইয়াৰ উপৰি বিভিন্ন কাৰনত শৌচকঁচা বা টান শৌচৰ লগত তেজো পৰিব পাৰে ।
👪 অভিভাৱকে মন কৰিবলগীয়া
--------------------------------------------------------
১। কৃত্ৰিম গাখীৰ খুৱাবলগীয়া হলে বা গৰু ছাগলীr
      গাখীৰ খুৱালে অধিক পনীয়াকৈ খুৱাব
২। এবছৰ ওপৰৰ বা মাতৃদুগ্ধ এৰা শিশুক বিশুদ্ধ পানী কম কমকৈ বাৰে বাৰে খুৱাব । ৰাতিপুৱা কুহুমীয়া গৰম
       পানীত এবছৰৰ ওপৰৰ শিশুক নেমু ৰস ¼ চামুচৰ পৰা ১চামুচ(বয়স অনুসৰি ) আৰু আন্দাজ মতে নিমখ মিহলাই খুৱাব পাৰে ।
ঠান্ডাপানীয়ে শৌচ কচা কৰে। সেয়ে শিশুক কোনোপধ্যে ঠান্ডাপানী, ফ্ৰীজৰ পানী ,বৰফ,কোলড্ৰিংক আদি নুখুৱাব ।
৩। ভজা জলা মচলা যুক্ত বস্তু বেচিকৈ নুখুৱাব
৪। অধিক ফল, শাক পাচলি, দাইল আদি খোৱাৰ প্ৰতি হেপাহ বঢ়াব।
৫। যিমান পাৰে চকলেত বিস্কুত বা দোকানত বেচা লোভনীয় বস্তু খোৱাৰ পৰা বিৰত ৰাখিব।
৬। নৱজাত শিশুৰ শৌচ কচা হলে মাতৃগৰাকীয়ে সময়মতে পৰ্যাপ্ত পানী খোৱাৰ লগতে শৌচ খোলোচা হব পৰা শাক পাচলী ৰসাল ফল আদি খাব । শিশুক শৌচ কৰাবলৈ চেষ্টা কৰিব:আৱশ্যক হলে পাণৰ ঠাৰিত সৰিয়হ তেল দি শোচদ্বাৰত লগাই থলে সোনকালে শৌচৰ ভাৱ আহিব ।
   ❌ আচলতে অভিভাৱক , আলহী , দোকানি তথা প্ৰস্তুতকাৰী বিলাক কমবেচি পৰিমানে জগৰীয়া ।
৬। ব্যায়াম বা যথোচিত পৰিশ্ৰম হোৱাৰ প্ৰতি লক্ষ্য দিব ।
৭। সময় বুজি শৌচ প্ৰস্ৰাব কৰা কথাটো সোৱৰাই দিব ।
       
যতীন দাস