Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

সাধাৰন ৰোগৰ ঘৰুৱা উপশম


সাধাৰন ৰোগৰ ঘৰুৱা উপশম


১) কাণত পোক সোমালে গ্লিছাৰিণ অথবা গাঢ়কৈ বনোৱা নিমখৰ পানী কাণৰ ফুটাত সম্পূৰ্ণকৈ ঢালি দিব। মৃত বা জীৱিত পোক ওপৰলৈ ওপঙি আহিব‌ ক তেতিয়া সহজে আতৰাব পাৰিব।

(২) গৰমৰ দিনত ৰদত কাম কৰি থাকোতে কোনো ব্যক্তি মূৰ ঘূৰাই পৰিলে একলিটাৰ কুহুমীয়া পানীত ডেৰ-দুই চামুচ নিমখ গুলি খুৱাই দিব । লগে লগেই আৰাম পাব।গৰমৰ কাৰণে হোৱা ডিহাইড্ৰেচন বা শৰীৰৰ জলশূন্যতাৰ কাৰণে এইদৰে আক্ৰান্ত হয়।
                    সাধাৰণতে গৰমৰ দিনত স্কুলীয়া ছাত্র-ছাত্ৰী প্ৰায়েই মূৰ ঘূৰণীত আক্ৰান্ত হয়‌‌‌। শিক্ষক সকলে ভয় নাখাব, লগে লগে নিমখ পানী খুৱাব।

(৩) ডিঙিত মাছৰ কাইট লাগিল , ওচৰত ডাক্তৰ নাই কাইট উলিয়াই আনিবলৈ। বিচলিত নহব, নেমু এচিটা এচিটাকৈ চোবাই ৰস খাওক। কিছুসময় পিছত কাইট কোমলহৈ চিগি যাব।
               মাছৰ কাইট কেলছিয়ামৰে গঠিত, অন্যহাতে নেমুৰ ৰসত এছকৰ্বিক এচিড থাকে। এছকৰ্বিক এচিডে কেলছিয়াম গলাব আৰু ক্ষয়নিয়াব পাৰে। সেয়েহে নেমুৰ ৰসে মাছৰ কাইট গলাই সহজে চিঙিব আৰু আপুনিও ৰক্ষা পাব।

(৪) বৰল, মৌমাখি বা কোদোৱে বিন্ধিলে বৰকৈ বিষায়। পিয়াঁজ পিহি প্ৰলেপ দিলে বিষ কমে।

(৫) ৰসগোলা খালে কেতিয়াবা খাদ্যনলীত সোপামাৰি লাগিধৰে বাবে কথা ক'ব নোৱাৰে আনকি শ্বাস-প্ৰশ্বাস লব নোৱাৰা হয়। সেয়েহে ৰসগোলা খোৱাৰ আগতে পানী খাব আৰু অলপ অলপকৈ ৰসগোলা খাব।

(৬) সৰু লৰা-ছোৱালীয়ে বগৰী, জলফাই ,শিলিখা , খেজুৰ আদি খাওঁতে কেতিয়াবা গুটি গিলি দিয়ে আৰু কন্ঠনলীত লাগিধৰে। ভৰি দুটাত ধৰি মূৰটো তললৈ ৰাখিব আৰু এজনে পিঠিত জোৰেৰে চপৰিয়াই দিব ৷


ডা:মনোজ কুমাৰ শয়কীয়া।