![]() |
নেমুটেঙা |
নেমুটেঙা অম্ল ৰসযুক্ত আৰু অনুৰস কটু (জ্বলা)। ই উষ্ণবীৰ্য, অগ্নিৰ দীপক আৰু লঘু বায়ুনাশক। ৰুচিকাৰক, কৃমিনাশক, উদৰ ৰোগ নাশক, ত্ৰিদোষ নাশক, চক্ষু ৰোগৰ হিতকাৰক। শূল, অগ্নিমান্দ্য, স্নায়ু-বাত ৰোগ, গুল্ম, আমবাত, কাহ, কফ, কুষ্ঠৰোগ আৰু বমিনাশক। বিষ দুষ্টি, গল ৰোগ, কোষ্ঠবন্ধ, তৃষ্ণা আৰু বিসুচিকা আদি ৰোগৰ উপকাৰী। বিশেষকৈ ই ত্ৰিদোষ আৰু বায়ু বিকাৰত উপকাৰী।
নেমুটেঙা বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। ভাতৰ লগত কেঁচা নেমু খালে হজম ক্ৰিয়াত সহায় কৰে আৰু আচাৰ কৰি খালে খাদ্য ৰুচিদায়ক হয়। ইয়াৰ পাত মোহাৰি নস্য ল’লে কৃমিজনিত কাৰণত বমি ভাৱ হ’লে নেমুটেঙাৰ পাত মোহাৰি নাকেৰে শুঙি ল’লে কৃমি লগে লগে তললৈ বহি গৈ উপদ্ৰৱ নষ্ট কৰে। ইয়াৰ শিপা বা ছালৰ ৰসো কৃমি উপশমৰ কাৰণে ফলদায়ক।
খোৱা লোৱাৰ প্ৰতি ৰুচি নোহোৱা হ’লেও নেমুটেঙাৰ ৰস নিতৌ ব্যৱহাৰ কৰিলে খোৱা-লোৱাত ৰুচি হয়। আচলতে ক’বলৈ গ’লে অৰুচি ৰোগৰ নেমুটেঙা মহৌষধ বুলি ক’ব পাৰি। কেতিয়াবা অধিক খাদ্যৰ বাবে দূষিত খাদ্যৰ কাৰণে পেটৰ হজম কৰি কষ্টৰ উপশম ঘটায়।
অনিয়মিত শৌচ, কোষ্ঠকাঠিন্য, উগাৰ অহা, খোৱাৰ পিছত বমিভাৱ হোৱা আদি ৰোগত আৰু শৰীৰৰ জলা-পোৰা আদি ৰোগত নেমুটেঙাৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে ভাল ফল পোৱা যায়। মাদক দ্ৰব্য সেৱনৰ কাৰণে নিচাসক্ত হ’লে সেই নিচা নিবাৰণ কৰিবলৈ নেমুটেঙাৰ ৰস খালে নিচা সোনকালে দূৰ হয়।
প্ৰায়ভাগ মানুহে অম্লপিত্ত, শূল আদি বেমাৰত ভোগা দেখা যায়। এনে বেমাৰত নেমুটেঙাৰ ৰস বৰ উপকাৰী। কাম কৰি ভাগৰ লাগিলে, ক’ৰবাৰ পৰা ঘূৰি ঘূৰি আহি ঘামি-জামি অতিশয় ভাগৰুৱা হ’লে এগিলাচ চেনি, নিমখ মিহলোৱা নেমুৰ চৰবত খাই দিলে শৰীৰলৈ শক্তি সঞ্চাৰ হয়। মিঠা নেমুৰো সমানে ফল পোৱা যায়। ছালৰ উজ্জ্বলতাৰ কাৰণেও নেমু খোৱা অতি দৰকাৰ।