Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত পিঁয়াজ


পিয়াঁজ
পিয়াঁজ 
আয়ুৰ্বেদত পিঁয়াজক মুলকাদি বৰ্গত স্থান দিয়া হৈছে। আয়ুৰ্বেদত ইয়াৰ অলেখ নাম উল্লেখ কৰা হৈছে। যেনে, পলাণ্ডু, তীক্ষকন্দ, মুখগন্ধক আদি। পলাণ্ডু বা পিঁয়াজ বিভিন্ন প্ৰকাৰৰ আছে। শ্বেতকন্দ পলাণ্ডু সৰু আৰু ডাঙৰ-দুয়োবিধ আকাৰৰ হয়। শ্বেত অৰ্থাৎ বগা কন্দৰ সৰুজাতৰ পিঁয়াজক ‘বৰ পিঁয়াজ” বোলা হয়। ডাঙৰ বগা কন্দৰ পিঁয়াজক ‘পাটনাই’ পিঁয়াজ বোলা হয়।ৰঙা কন্দৰো পিঁয়াজ আছে। ৰঙা কন্দৰ পিঁয়াজক ‘সৰু পিঁয়াজ’ বোলা হয়। আয়ুৰ্বেদত সৰু পিঁয়াজক ‘ৰাজপলাণ্ডু’ আৰু পাটনাই পিঁয়াজক ‘ক্ষীৰ পলাণ্ডু’ বোলা হয়। পিঁয়াজৰ ৰস কটু বা জ্বলা। ই বলকাৰক, কফ আৰু পিত্তনাশক। ৰাজপলাণ্ডু শীতবীৰ্য্য, পিত্তনাশক, কফনাশক, অগ্নি-উদ্দীপক, অতিনিদ্ৰাকাৰক, বায়ুনাশক, আহাৰৰ সহযোগী, বলকাৰক। ইয়াৰ কোষ আৰু বীজপত্ৰ উভয়ে ব্যৱহাৰ কৰা হয়। সতেজ পিঁয়াজ কেঁচা অৱস্থাতে খোৱা ভাল; ৰান্ধিলে বহুতো খাদ্যগুণ নষ্ট হয়।

ঘৰুৱা যতনত পিঁয়াজ ::
নাকৰপৰা তেজ ওলালে পিঁয়াজৰ ৰস নাকেৰে টানিব লাগে। এনে কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয়। অৰ্শৰোগত তেজ পৰিলে নিয়মিয়াকৈ পিঁয়াজ খাব লাগে। হিকটি আৰু শ্বাসৰোগত নাকেৰে পিঁয়াজৰ ৰস টানিব লাগে। বৰলে কামুৰিলে কামোৰা ঠাইত পিঁয়াজৰ ৰস ঘঁহি দিলে যন্ত্ৰণা কমে। টোপনি কমি গ’লে বা নিদ্ৰাহীনতাত ভূগিলে শুকান পিঁয়াজৰ গুড়ি চাহৰ খালে উপকাৰ পোৱা যায়। ডিঙিৰ ভিতৰভাগত ঘাঁ হ’লে পিঁয়াজৰ ৰস ভিনেগাৰৰ সৈতে মিহলাই খালে ঘাঁ শুকাই যায়। কুকুৰীকণা বা ৰাতি নেদেখা ৰোগত পিঁয়াজৰ সৈতে নিমখ মিহলাই খালে উপকাৰ পোৱা যায়। জ্বৰ, শোথ, পেটৰ বিষ, ৰক্তহীনতা, পানীলগা আদিত পিঁয়াজ উপকাৰী। কাণত বিষ হ’লে পিঁয়াজৰ ৰস কৰি কাণত দিলে বিষ উপশম হয়। চৰ্দিত পিঁয়াজৰ ক্কাথ অৰ্থাৎ পিঁয়াজ উতলাই তাৰ পানীভাগ সেৱন কৰিলে উপকাৰ পোৱা যায়। বাতৰ বিষত সৰিয়হৰ তেলৰ সৈতে পিঁয়াজৰ ৰস উতলাই মালিচ কৰিলে বিষ উপশম হয়। মধুমেহত কেঁচা বা ৰন্ধা পিঁয়াজ-নহৰু খালে শৰ্কৰাৰ ভাৰসাম্য ৰক্ষা পৰে। কাৰণ, পিঁয়াজ আৰু নহৰুৱে যকৃতত চেনিক গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ফলত শৰীৰৰ প্ৰান্তিক কোষসমূহত সঠিকভাৱে গ্লুক’জৰ ব্যৱহাৰ হয়। যাৰ বাবে তেজত চেনিৰ পৰিমাণ স্বাভাৱিক হৈ থাকে। গৰমৰপৰা ৰক্ষা পাবলৈ কেঁচা পিঁয়াজ আৰু কেঁচা আম চকলাই চালাড কৰি খাব লাগে। এনেকৈ খাই প্ৰখৰ ৰ’দত ঘূৰিলেও শৰীৰ অসুস্থ নহয়। প্ৰায়ে ৰ’দত ঘূৰি ফুৰা মানুহবোৰে এনেদৰে খোৱা উচিত। গ্ৰীষ্মকালত বহুতৰে হজমৰ অসুবিধা হয়।ফলত প্ৰায়ে পেটৰ অসুখ হৈয়ে থাকে। এনে ক্ষেত্ৰত পিঁয়াজৰ ৰস দৈ গাখীৰৰ সৈতে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়। দুৰ্বলতাৰ কাৰণে মূৰ ঘূৰণি হ’লে পিঁয়াজ খালে ভাল হয়। ফোঁহোৰা, ফুস্কুৰি, ব্ৰণ, গলগণ্ড, পিঠাখোৱা আদি ৰোগত ঘিউৰে পিঁয়াজ ভাজি লেপ দিলে বা তাৰ ৰস লগালে উপকাৰ পোৱা যায়। মুখৰ ৰুচি আৰু ক্ষুধা বঢ়াবলৈ আদা, নেমু আৰু জালুকৰ গুডিৰ সৈতে পিঁয়াজৰ আচাৰ কৰি খাব পাৰে। এনেকৈ খালে ভোক বাঢ়ে, হজম শক্তিও বৃদ্ধি হয়, টোপনি গভীৰ হয় আৰু ক্লান্তি দূৰ হয়। অম্বল দূৰ কৰিবলৈ হলে পিঁয়াজ মিহি কৰি বটি টেঙা দৈৰে চেনি মিহলাই খাব লাগে। অজীৰ্ণ হ’লে পিঁয়াজৰ ৰসৰ সৈতে আধকাপ তিতা কেৰেলাৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়। বদ হজম বা অজীৰ্ণ হ’লে এচামুচ আদাৰ ৰস, সামান্য হিং আৰু এচামুচ পিঁয়াজৰ ৰস নিমখ মিহলাই খাব লাগে। পেটত বায়ু জমা হ’লে পিঁয়াজৰ ৰসত সামান্য হিং সেক দি খালে বায়ু দূৰ হয়। প্লীহাৰ ৰোগ হ’লে গুড আৰু হালধি মিহলাই পিঁয়াজ খাব লাগে। চুলিৰ বৃদ্ধি কমি গ’লে বা চুলি সৰিলে অথবা কম বয়সতে চুলি পকিলে পিঁয়াজৰ ৰস মৌৰ সৈতে মিহলাই মূৰত সানিলে উপকাৰ পোৱা যায়। চাইনাছ হ’লে অৰ্থাৎ চাইনাছাইটিছ ৰোগত ৰঙা পিঁয়াজৰ ৰস দিনে দুবাৰকৈ ২-৩ টোপাল নাকত দিলে আৰাম পোৱা যায়। মূৰৰ চুলি টকৌৱে খালে অৰ্থাৎ মূৰৰ কোনো অংশৰ চুলি একেবাৰে উঠি গ’লে সেই ঠাইত পিঁয়াজ ঘঁহি দিব লাগে। স্পণ্ডিলাইটিছ হ’লে অৰ্থাৎ ডিঙিৰ পিছফালৰ তলভাগত বিষ হ’লে মছুৰ দাইল বটি তাত তিলৰ তেল, নিমখ আৰু কেঁচা পিঁয়াজ মিহলাই কিছু দিন খালে উপকাৰ পোৱা যায়। মেলেৰিয়া জ্বৰ হ’লে দুটা জালুকৰ সৈতে পিঁয়াজৰ ৰস দিনে দুবাৰকৈ খাব লাগে। বাঢি অহা শিশুৰ উপযুক্ত পুষ্টিৰ বাবে গুড়ৰ সৈতে মিহলাই প্ৰতিদিনে পিঁয়াজ খুৱাব লাগে। জণ্ডিছ হ’লে আৰু অভোক-অৰুচিত ভিনেগাৰৰ সৈতে পিঁয়াজ সিজাই খালে উপকাৰ পোৱা যায়। স্কাৰ্ভি আৰু পেটৰ বিষত নিমখৰ সৈতে পিঁয়াজ খুৱাব লাগে। পুৰণি ব্ৰংকাইটিছ, জ্বৰ আৰু পানীলগাত পিঁয়াজ উপকাৰী। তেজত ইউৰিক এচিড বাঢ়ি গ’লে অথবা আলস্যজনিত বাতৰোগত নিয়মিত পিঁয়াজ খালে উপকাৰ পোৱা যায়। মূত্ৰগ্ৰন্থিৰ বিকাৰ আৰু মস্তিষ্কৰ দুৰ্বলতাত পিঁয়াজ বৰ উপকাৰী।

লিখক: ডা: ৰফিক আলী।