Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মহিলা সকলৰ ঋতুস্ৰাৱ অনিয়মীয়া ৰোগৰ বিষয়ে কিছুকথা।


ঋতুস্ৰাৱ সমস্যাৰ সমাধান

আজি মহিলা সকলৰ ঋতুস্ৰাৱ অনিয়মীয়া ৰোগৰ বিষয়ে লিখিম:::

   মাহেকীয়া ঋতুস্ৰাৱ সময় মতে নহ'লে,১০/১২ দিন পৰ্যান্ত ঋতুস্ৰাৱ হৈ থাকিলে,বহুদিন ঋতুস্ৰাৱ নহৈ কেইবামাহৰ মূৰত এবাৰ ঋতুস্ৰাব হলেই ঋতুস্ৰাৱ অনিয়মীয়া বুলি কোৱা হয়|

ৰোগৰ কাৰন:: শৰীৰত দূষিত আৰু বিষাক্ত পদাৰ্থ জমা হলে,অধিক আহাৰ খালে,বিষাক্ত ঔষধ খালে,অত্যধিক শাৰীৰিক আৰু মানসিক শ্ৰম হলে,জৰায়ু আৰু ডিম্বকোষৰ বিষ হলে,জৰায়ুৰ ম্নাচ্যতি আদিৰ কাৰনে এই ৰোগ হব পাৰে|

ৰোগৰ লক্ষ্যন::: তলপেটত বিষ,শাৰীৰিক দুৰ্বলতা,মুখ শেতা পৰা আৰু মূৰ্চ্ছা ৰোগে দেখা দিয়াই প্ৰধান লক্ষণ|

ঘৰুৱা  চিকিৎসা:::::
১)অশোক ফুল গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয়,শৰীৰত শক্তি পায়|
২)কপাহ গছৰ শিপাৰ ৰস ১চামুচকৈ ২/৩ দিন খাব লাগে|
৩)নিমপাতৰ ৰস ১৫ মি:লি ৮/১০ দিন খালে ভাল|
৪) পেট বিষালে সৰিয়হ বটি গৰম কৰি পেটত প্ৰলেপ দিলে বিষ সহজে কমে|
 


আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি
 ৱাটা'চ আপ নম্বৰ-৯০৮৫৬৯৯৭১৯