Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ঔটেঙাৰ ঔষধি গুন সমূহ।



অসমৰ হাবিত বা ব্যক্তিবিশেষৰ বাৰীত সংৰক্ষিত অৱস্থাত থকা এবিধ থলুৱা ফল হৈছে ঔটেঙা। অৱশ্যে আমাৰ ৰাজ্যত ক্ৰমান্বয়ে দুৰ্বাৰ গতিত বনধ্বংসৰ প্ৰক্ৰিয়া চলাবলৈ লোৱাৰ বাবে ঔটেঙায়ো বিদায় ল’বলৈ লোৱাত ই সম্প্ৰতি দুষ্প্ৰাপ্য দ্ৰব্যত পৰিণত হ’ব ধৰিছে। হাবিত এইবিধ ফলৰ বিলুপ্তি হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিততে এই প্ৰয়োজনীয় ফলবিধৰ অভাৱ যে আমিহে ভুগিবলৈ লৈছোঁ এনে নহয়, হাবিত এইবিধ ফলৰ অভাৱ ঘটিবলৈ লোৱাত হাতী আৰু বান্দৰৰ আগমনো জনাৰণ্যত অৱধাৰিত হ’ব ধৰিছে। ফলত একোটা ঔটেঙাৰ দাম বজাৰবিশেষে ১৫ টকালৈ ঊৰ্ধগামী হোৱাটো পৰিলক্ষিত হৈছে।
ঔটেঙাক ইংৰাজীত এলিফেণ্ট এপল আৰু বৈজ্ঞানিক নাম ‘Dillenia Indica’ ৰূপে জনা যায়। ঔগছ ১০-১২ মিটাৰ ওখ এবিধ চিৰসেউজ উদ্ভিদ। ইয়াক ভাৰতবৰ্ষৰ লগতে দক্ষিণ-পূব এছিয়াৰ কিছু দেশ, যেনে- বাংলাদেশ, শ্ৰীলংকা, চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া আদিতো কিছু পৰিমাণে পোৱা যায়। কিন্তু এটা সময়লৈ অসমৰ হাবিত ইয়াক প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। এই ফলবিধ মানুহৰ উপৰি হাতী, বান্দৰ, হৰিণা পহু আদিৰ অতিকে প্ৰিয় খাদ্য। মানুহক ঔটেঙাই সততে আকৰ্ষণ কৰিলেও কিন্তু বিশেষকৈ পকা ঔৰ ফুৰফুৰীয়া গোন্ধে আকৰ্ষিত নকৰা লোক হয়তো অতি কমেই ওলাব। ইয়াৰ গছৰ-পাত ২০-২৫ ছেণ্টিমিটাৰ দীঘল আৰু ৮-১০ ছেণ্টিমিটাৰ বহল। পাত বল্মাকাৰ, আয়তাকাৰ, ওপৰফালে মিহি আৰু তলৰফালে খহটা। গছত ১২-১৫ ছেণ্টিমিটাৰ ব্যাসৰ বগা ফুল ওলায়। জেঠ-আহাৰ মাহত ফলৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ফাগুন-চ’তত পকিবলৈ ধৰে। সৰু অৱস্থাত তিতা-টেঙা স্বাদ মিশ্ৰিত হৈ থাকিলেও কিন্তু পকাৰ সময়ত স্বাদ টেঙা-মিঠাৰ সমাহেৰে মধুৰ তৃপ্তিদায়ক হৈ পৰে।

এইটো উল্লেখনীয় যে ই যেনেকৈ তৃপ্তিকাৰক, তেনেকৈ পুষ্টি আৰু ঔষধি গুণৰ ক্ষেত্ৰতো বেছ চিত্তাকাৰক। পূৰঠ ঔটেঙা সৰু সৰুকৈ কাটি চালাড কৰি নতুবা দাইল, মাছৰ জোলত মিলাই অতি সুস্বাদু ব্যঞ্জন কৰি খাবও পাৰি। ইয়াক আচাৰ অথবা গুৰৰ লগত পগাই অম্বল কৰি খাবও পাৰি। আনহাতে, পকা ঔটেঙাৰ বাকলি কাটি শুকুৱাই প্ৰস্তুত কৰা গুড়ি ভাতৰ লগত খোৱাৰ লগতে ঔষধি কাৰ্যতো ব্যৱহাৰ কৰিব পাৰি। পুষ্টিৰ ক্ষেত্ৰত ই অতি চহকী ফল। ইয়াৰ ১০০ গ্ৰাম খাদ্যোপযোগী অংশত পোৱা পুষ্টি উপাদানবোৰ এনে- প্ৰ’টিন ৮ শতাংশ, ফাইবাৰ ২.১-২.৫ শতাংশ, চৰ্বি ২.০-২.৫ শতাংশ, ভষ্ম ৩.৫৪ শতাংশ, কেলছিয়াম ১৬ মিঃ গ্ৰাম, ফছফৰাছ ২৬ মিঃ গ্ৰাম আৰু ভিটামিন ‘চি’ ৪ মিঃ গ্ৰাম। ইয়াত থকা শক্তিৰ পৰিমাণ হৈছে ৫৯ কেলৰি। এনে তথ্যই আমাক দেখুৱাই দিয়ে যে হাড় গঠন আৰু স্মৃতিশক্তি ৰক্ষাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদানতো ঔটেঙাই যথেষ্ট ইতিবাচক ভূমিকা পালন কৰিব পাৰে। শক্তি প্ৰদানৰ ক্ষেত্ৰতো ইয়াৰ মান ভালেখিনি উন্নত।
ঔটেঙাৰ ঔষধি গুণৰ বিষয়ে কিছু তথ্য পোৱা গৈছে। ঔটেঙাপ্ৰিয় লোকসকলে জানিলে কামত আহিব বুলি ভাবি ইয়াত উল্লেখ কৰিব খুজিছোঁ-

ঔটেঙাৰ ঔষধি গুণৰ বিষয়ে কিছু তথ্য তলত দিয়া হল-

(১) ইয়াৰ বেদনানাশক, বাজ বাৰক, ভাগৰ নাশক, পেটৰ ওফোন্দা ভাব নাশক ক্ষমতা থাকে।
(২) ইয়াত থকা উচ্চ মাত্ৰাৰ ফেনলিক দ্ৰব্যই এণ্টি-অক্সিডেণ্টৰ কাম কৰে।
(৩) ইয়াৰ মধুমেহ উপশমকাৰী ক্ষমতা থাকে।
(৪) পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য উপশমৰ বাবে ইয়াৰ ৰসক টনিক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
(৫) ইয়াৰ বীজেৰে মূৰ ধুলে উফি আঁতৰ হোৱাৰ উপৰি চুলিৰ অকাল পক্কতা আঁতৰে।
(৬) ইয়াৰ গছৰ বাকলিৰ বিষবাৰক ক্ষমতা থকাৰ উপৰি চৰ্মৰোগ ৰোধৰ ক্ষমতা থাকে।
(৭) ইয়াৰ গছৰ বাকলি বা পাতৰ পৰা উলিওৱা ৰসেৰে ডায়েৰীয়া উপশমৰ উপায় কৰিব পৰা যায়।
ঔটেঙাৰ ক্ষতিকাৰক গুণৰ সন্দৰ্ভত তথ্য পোৱা হোৱা নাই। সেয়েহে প্ৰাপ্তিৰ সময়ত আমি ইয়াক খোৱা উচিত হ’ব।

(উৎসঃ আমাৰ অসম, অৰ্পণ দত্ত)।