সুস্বাস্থ্য ৰক্ষাৰ সহজ কিটিপ
^^^^^^^^^^^^^^^^^^^^^^^
(1) কিডনী পাথৰ বা ষ্টন থকা ৰোগীয়ে নেমুটেঙা খোৱাটো উপকাৰী । কেলচিয়াম অক্জেলেট , কেলচিয়াম ফচফেট, মেগনেছিয়াম ফছফেট,ইউৰিক এচিড, চিষ্টিন ,এমোনিয়াম আদিৰে কিডনী পাথৰ গঠিত হয় । নেমুটেঙাত থকা এচকৰ্বিক এচিডে কেলচিয়াম অক্জেলেট, ফচফেট, মেগনেছিয়াম ইত্যাদি কৰি পাথৰত থকা খনিজ পদাৰ্থ গলাব পাৰে। সেয়েহে সদায় নেমুটেঙা খোৱাৰ ফলত পাথৰৰ আকাৰ দিনক দিনে সৰু হবলৈ ধৰে নাইবা ভাগি সৰু সৰু টুকুৰা হৈ পেচাব নলিৰে সহজে বাহিৰ হয়।
লোহা আৰু ষ্টীলে এচকৰ্বিক এচিড শোষণ কৰে বাবে এনে ধৰণৰ পাত্ৰত নেমুটেঙা চৰ্বত নাখাব । আইনাৰ পাত্ৰতহে চৰ্বত বনাই খালে কামত আহে
(2) জূইয়ে অথবা ভাপে পোৰা ৰোগীৰ শৰীৰত এলবুমিন কমি যায়। জুই বা ভাপে পোৰোতে শৰীৰত কমি যোৱা এলবুমিনৰ ভাৰসাম্যতা পুণৰুদ্ধাৰৰ বাবে কণীৰ বগা অংশ বেছিকৈ খাব লাগে। কণীৰ বগাখিনিত এলবুমিন যথেষ্ট পৰিমাণে থাকে। বহুতে ভাবে কণী আৰু গাখীৰ খালে বগা দাগ থাকিব । সেয়েহে গাখীৰ আৰু কণী খাব নিদিয়াটো ভ্ৰান্ত ধাৰণাহে ।
মেলানিন পিগৃমেন্ট নামৰ ৰঞ্জকৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি ছাল বগা বা কলা হয় । ইয়াৰ লগত এলবুমিনৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে
(৩) তেতেলি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী । তেতেলীত টাৰটাৰিক এচিদ থাকে । তেতেলিশৰীৰৰ বিষাক্ত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ কৰে । যকৃত সুৰক্ষা কৰি ৰাখে , ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তেতেলি যকৃতৰ মহৌষধ , গলব্লাডাৰৰ কাৰ্য্য ক্ষমতা ২০% বৃদ্ধি কৰে । তেতেলি নিয়মীয়াকৈ খালে হজম শক্তি বাঢ়ে আৰু বিপাক ভালদৰে হয় । গলব্লাডাৰৰ সংকোচন প্ৰায় ২০% বৃদ্ধিৰ বাবে পিত্তৰস সম্পূৰ্ণ ওলাই আহে বাবে পিত্তৰসৰ গেদ গলব্লাডাৰত সঞ্চিত হোৱাৰ সম্ভাৱনা নাথাকে। সেয়েহে গলব্লাডাৰ ষ্টন সহজে হব নোৱাৰে । তেতেলিয়ে তেজ পৰিস্কাৰ কৰাৰ উপৰিও তেজ সথিক ভাবে সঞ্চালন কৰে। তেতেলিৰ আন এটা গুণ হৈছে ই শৰীৰৰ অতিৰিক্ত মেদ কমায় ।
(৪) আমাৰ শৰীৰত দূইতৃতীয়াংশ পানী থাকে। গৰমৰ দিনত শাৰীৰিক শ্ৰম কৰিলে ঘাম ওলাই আৰু ঘামৰ লগত শৰীৰৰ দ্ৰৱনীয় নিমখ নিৰ্গত হোৱাক জলশূণ্যতা (Dehydration) বোলা হয় । শৰীৰৰ পৰা পানী আৰু নিমখ নিৰ্গত হোৱা বাবে হাত, ভৰি আৰু পেটত শিৰামূৰীয়াই ধৰে । সেয়েহে এনে ধৰণৰ ব্যক্তিক ততালিকে এক লিটাৰ কুহুমীয়া পানীত এক-ডেৰ চামুচ নিমখ মিহলাই খুৱাই দিলে কম সময়তে উপশম পায় । তেল মালিছ কেতিয়াও কৰিব নালাগে। এনেকুৱা পৰিস্থিতিত ঠাণ্ডা পানী বিশেষকৈ ফ্ৰীজৰ পানী কেতিয়াও খাব নিদিব।
গৰম লোৰ কেৰাহী লাহে লাহে ঠাণ্ডা হলে ক্ষতি নহয় । কিন্তু গৰম লোৰ কেৰাহীত ঠাণ্ডা পানী ঢালি দিলে ফাটি যাব । আমাৰ শৰীৰ গৰম হৈ থকা অৱস্থাত ফ্ৰীজৰ পানী খালে কেৰাহীৰ দৰে অৱস্থা হব । ঠাণ্ডা পানী অধিক বেগত খাদ্য নলীৰে গতি কৰিলে খাদ্যনলী আৰু পাকস্থলীৰ শ্লেষ্মিক কলা ক্ষত- বিক্ষত হোৱাৰ উপৰিও যকৃত , প্লীহা , অগ্ণাশয় ইত্যাদি আভ্যন্তৰীণ কোষ্ঠৰ ক্ষতি হব । সেয়েহে গৰমৰ দিনত শাৰীৰিক শ্ৰম অথবা ফুৰি-চাকি আহি পানী খোৱাৰ সময়ত গৰম কেৰাহীটোলৈ সদায় মনত পেলাব।
(৫)সাধাৰণতে মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে যে শকত মানুহে দিনত দুবাৰ খালে ক্ষীণায়। কিন্তু হিতে বিপৰীত হয়, অধিক শকত হয় । খাদ্য নিয়ন্ত্ৰণ মানে দুবাৰ খোৱা নুবুজায়। কাৰণ আমাৰ খাদ্য হজম চাৰিঘন্টা সময়ত হয় । সেয়েহে বেছি ভাগ সময় খাদ্যনলী খালি হৈৰয়। এনে অৱস্থাত দুবাৰ আহাৰ খালে ক্ষুদ্ৰান্ত্ৰত বেছিকৈ শোষণ হয়। সেয়েহে যকৃত, অগ্নাশয়, পিত্তাশয়,পাকস্থলী ,লেলাউতি গ্ৰন্থীয়ে অতিৰিক্ত ৰস নি:সৰণ কৰিব লগীয়া হয় । গতিকে হজম আৰু বিপাকত আউল লাগে বা বিসংগতি হয় । ফলস্বৰূপে অতিৰিক্ত চৰ্বি উৎপন্ন হৈ শৰীৰৰত সঞ্চিত হয় । অন্যহাতে শৰীৰত খনিজ পদাৰ্থ , ভিটামিন আদি কমাৰ ফলত নানান ধৰণৰ আনুসংগিক ৰোগ যেনে:- ৰক্তহীনতা, অষ্টিঅ'পৰছিচ , স্নায়বিক দূৰ্বলতা, ক্লান্ত , স্মৰণ শক্তি কমা ইত্যাদি।
শৰীৰত অতিৰিক্ত চৰ্বি হোৱাৰ বাবে উচ্চ ৰক্তচাপ , হৃদৰোগ , ডায়েবেটিচ, ভৰি গাঠিৰ বিষ , মহিলাৰ জৰায়ু ডিম্ববাহী নলী চাপখোৱা ইত্যাদি। উল্লেখ ৰোগ্য যে শৰীৰৰ অতিৰিক্ত ওজন এক পাউণ্ডৰ বিপৰীতে ভৰিত ছয় কেজি ওজনৰ চাপ পৰে । খাদ্য নিয়ন্ত্ৰণ কৰিবলৈ হলে দিনত ছবাৰ আহাৰ খাব লাগে। ৰাতিপুৱা আৰু ৮/৯ বজাত লঘু আহাৰ ,দূপৰীয়া ভাত , আবেলি আৰু সন্ধিয়া লঘু আহাৰ , ৰাতি ভাত ৮/৯ বজাত খাব লাগে। ৰাতিপুৱাই প্ৰায় ১ লিটাৰ পানী খালি পেটত খাব আৰু দিনটোৰ ভিতৰত পানী -চাহ - গাখীৰ- ফলৰ ৰস - দাইল আদি মিলি ৫ লিটাৰ পানী খাব । এইদৰে খালে খাদ্যনলী ,পাকস্থলী আৰু হজম তথা বিপাকৰ লগত জড়িত গ্ৰন্থিবোৰে কোনো বিসংগতি নোহোৱাকৈ কাৰ্য্য কৰিব পাৰে। সেয়েহে শৰীৰত অতিৰিক্ত চৰ্বি জমা হব নোৱাৰে।
(৬) কলত ভিটামিন-বি কমপ্লেক্স প্ৰচুৰ পৰিমাণে থাকে আৰু ই শৰীৰত থকা অতিৰিক্ত কেলচিয়াম ফচফেট ,অক্জেলেট , মেগনেছিয়াম আদি পেচাবৰ লগত বাহিৰ কৰিব পাৰে । সেয়েহে সদায় কল খোৱা মানুহৰ কিডনী ষ্টন হব নোৱাৰে। তাৰোপৰি কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নহয়।
(৭) আজিকালি প্লাষ্টিক (PVC) ব্যৱহাৰ যথেষ্ট বাঢ়িছে কিন্তু ই এবিধ কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ। স্বচ্ছ প্লাষ্টিক (Transparent) স্বাস্থ্যৰ বাবে কম ক্ষতিকাৰক আৰু ৰং-বিৰঙৰ প্লাষ্টিক বেছি ক্ষতিকাৰক। অতি নিম্ন মানদণ্ডৰ ক'লা প্লাষ্টিকৰে তৈয়াৰী পানীৰ টেঙ্কী স্বাস্থ্যৰ বাবে সবাতোকৈ ক্ষতিকাৰক। সেইদৰে প্লাষ্টিকৰে তৈয়াৰী পানীৰ ফিল্টাৰ , আহাৰ খাওতে ব্যৱহাৰ কৰা বাচন- বৰ্তন , পানী পৰিবাহী পাইপ , খাদ্যবস্তু ৰখা পাত্ৰৰ পৰা আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন হয় । অৱশ্যে অন্য কামৰ বাবে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে ।
(৮) কেৰাহীত খোৱাবস্তু হেতাৰে লৰাই থাকোঁতে ঘহনি খাই বাবে কেৰাহীৰ পৰা ধাতুৰ কণিকা কিছুমান এৰাই আহে । হেন্দুলিয়াম বা এলুমিনিয়াম কণিকা(molecule) খাদ্যৰ লগত পেটলৈ যায় আৰু শোষণৰ অন্তত ৰক্তসঞ্চালনৰ জৰিয়তে যকৃত আৰু মস্তিষ্কত প্ৰবেশ কৰে । এই মুক্ত কণিকা (free radical) বোৰে মস্তিষ্কৰ কোমল কোষৰ ক্ষতিসাধন কৰাৰ পৰিপ্ৰেক্ষিতত স্মৃতিভ্ৰংশ , আক্ষেপ আদিকৰি ৰোগ সৃষ্টি হয়। সেইদৰে এই মুক্ত কণিকাবোৰে যকৃত কোষৰ ক্ষতিকৰে বাবে নানান প্ৰকাৰ যকৃত আৰু পেটৰ ৰোগ হয় । আজি-কালি বাচন বৰ্তন বেছি ছাফা কৰিবলৈ ষ্টিল উলৰে ঘহাৰ ফলত অধিক পৰিমাণে এই ধাতুৰ কণিকা খাদ্যৰ লগত মিহলি হয় ।
অন্যহাতে লোহাৰ কেৰাহীৰ পৰা এৰাই অহা কণিকাবোৰে স্বাস্থ্যৰ ক্ষতিসাধন নকৰে , বৰং তেজৰ হিমগ্লবিনৰ উৎপাদন কৰাত উপাদান হিচাপে অংশগ্ৰহণ কৰে । আজি-কালি টি, ভি, বিজ্ঞাপন চাই অজানিতে বহুলোকে ননষ্টিক কেৰাহী ,তাৱা ব্যৱহাৰ কৰে। ননষ্টিক কেৰাহী বা তাৱাৰ মুক্ত কণিকাবোৰ আৰু বেছি ক্ষতিকাৰক। সেয়েহে স্বাস্থ্য ক্ষতিকাৰক ধাতুৰে তৈয়াৰী কেৰাহী , তাৱা আদি ব্যৱহাৰৰ পৰা বিৰত থাকিব।
(৯)আমি খালি পেটত লিচু খোৱা অনূচিত। লিচূত বিশেষকৈ আধাপকা লিচূত থকা হাইপোগ্লাইচিন (Hypoglycin) আৰু চাইক্লোপ্ৰ'পাইলগ্লাইচিন (Cyclopropylglycin) নামৰ ৰসায়ন দূবিধে আমাৰ তেজত থকা চূগাৰৰ পৰিমাণ হঠাতে বহুত কমাই দিয়ে । ফলস্বৰূপে মস্তিষ্ক কোষৰ ক্ষতিসাধন হয় , উচ্চ তাপমাত্ৰাৰ জ্বৰ উঠে আৰু আক্ষেপ (Convulsions) হয় বাবে মৃত্যু পৰ্যন্ত হয় । সেয়েহে খালি পেটত বা অত্যাধিক পৰিমাণে কেতিয়াও লিচু খাব নালাগে।
(১০)গোবৰ পানীৰে মজিয়া মচাটো সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি আছে। কেবাহেজাৰ বছৰৰ আগতেই প্ৰখ্যাত আয়ুৰ্বেদিক চিকিৎসক সকলে নানান পৰীক্ষা-নিৰীক্ষাৰ অশ্তত দেখা পালে যে সকলো ঘৰচীয়া জন্তুৰ বিষ্ঠাত নানান প্ৰকাৰ বীজাণু আছে। কিন্তু গৰুৰ গোবৰত বীজাণু নাথাকে বৰং বীজাণু ধ্বংস কৰিব পাৰে। সেয়েহে পঞ্চগব্য , গোময়ৰস ,গোমূত্ৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । তাৰোপৰি গোবৰ পানীৰে মজিয়া মচিলে পৱিত্ৰ হয় বুলি আধ্যাত্মিক ভাৱে মানুহৰ মনত সুমুৱাই দিলে । গোবৰত থকা মিথেন গেছ আৰু পানী সূৰ্য্য ৰশ্মিৰ (আলট্ৰা ভায়োলেত ) সংস্পৰ্শত ফৰ্মেলডিহাইদ উৎপত্তি হয়। CH4+H2O---> HCHO+2H2 । এই ফৰ্মেলডিহাইদে যিকোনো ৰোগৰ বীজাণু মাৰিব পাৰে। সেয়েহে গোবৰ পানীৰে মজিয়া মচা , ঘৰৰ বেৰ লিপা সম্পূৰ্ণ বিজ্ঞান সন্মত ।
(১১) এতিয়া অমৰাৰ চিজন , দিনে দুই-তিনিটা অমৰা অথবা এটাকে পকা বেলৰ চৰ্বত ১৫ দিনমান খালে ক্ৰনিক ডিছেন্ট্ৰী সম্পূৰ্ণ ভাল হয়।
(১২) আমাৰ এটা ভুল ধাৰণা আছে যে আপেল দামী ফল বাবে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন থাকে। আছলতে ৩-৪ টা আপেলৰ সমান ভিটামিন মাত্ৰ এটা মধুৰিয়ামত পোৱা যায়। সেয়েহে সিদ্ধান্ত লওক আপেল খাবনে মধুৰিয়াম খাব।
(১৩) ডায়েবেটিচ ৰোগীয়ে কল খাব পাৰে। কাৰ্বহাইড্ৰেত বা শৰ্কৰা তিনি প্ৰকাৰৰ।(ক) চেনী শৰ্কৰা বা Sugar carbohydrates (২) আহজাতীয় শৰ্কৰা বা Fibre carbohydrates আৰু (৩) চেলুল'জ শৰ্কৰা বা Cellulose Carbohydrates .
কল আহজাতীয় শৰ্কৰা (Fructose) । কল খোৱাৰ পিছত ক্ষুদ্ৰান্ত্ৰত সম্পূৰ্ণ ৰূপে ফ্ৰুক্টজ শোষণ নহয় । তাৰোপৰি ফ্ৰুক্টজ ইনচুলিন অবিহনে জাৰণ ( Oxidations) হয় । সেয়েহ ডায়েবেটিচ ৰোগীয়ে কল আৰু অন্যান্য যিকোনো ফল খাব পাৰে। কলত ভিটামিন বি যথেষ্ট পৰিমাণে থাকে বাবে ডায়েবেটিচ ৰোগীৰ স্নায়বিক দূৰ্বলতা আতৰ কৰে।
(১৪) হাই ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰল বেছি থকা ৰোগীয়ে ভকূৱা (বাহু) মাছ খোৱাটো উপকাৰী। বাহু মাছৰ ছাল খনৰ ভিতৰৰ অংশ বগা বৰণৰ , কোমল আৰু তেলেতীয়া। ইয়াত ওমেগা-৩ ফেটি এচিদ থাকে।ওমেগা-৩ ফেটি এচিদে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল (Atherosclerosis) আতৰ কৰে আৰু আৰু তেজত থকা অতিৰিক্ত কলেষ্টৰল কমায় । কলেষ্টৰল বৃদ্ধিৰ লগত হাই ব্লাড প্ৰেচাৰৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সেয়েহে বাহুমাজ ছালসহ খাব লাগে।
(১৫) চালানী মাছ বৰ্জন কৰক। ছালানী মাছ বেয়া নহবৰ বাবে ফৰ্মেল ডিহাইড মাছৰ দেহত সানি দিয়া হয় যাতে কেবামাহলৈ মাছ নপছে বা নেগেলে । এই চালানী মাছ খালে শ্বাস-প্ৰশ্বাস জনিত ৰোগ , মুখৰ ঘা, পেটৰ নানান ৰোগ, যকৃতৰোগ, কিডনী ৰোগ আৰু দীৰ্ঘদিন খোৱাৰ ফলত কৰ্কট বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা । মনত ৰাখিব আজিকালি এই ভয়ানক আৰু মাৰাত্মক ৰোগ দিনক দিনে অসমত বৃদ্ধি হৈছে সচেতনতাৰ অভাৱৰ বাবে।