Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ছাল সদায় তৰুণ উজ্জীৱিত কৰি ৰখাৰ বাবে ট'প এঘাৰ বিধ খাদ্য-পদাৰ্থ




ছাল সদায় তৰুণ উজ্জীৱিত কৰি ৰাখিবলৈ হ’লে খোৱা-বোৱাৰ প্ৰতি বিশেষ ধ্যান দিয়াতো অতি জৰুৰি ।
দৰাচলতে, কিছুমান বস্তু স্বাস্থ্য আহাৰৰ অংশ,যিয়ে আপোনাৰ বাঢ়ি অহা বয়সকো প্ৰতিহত কৰি উজ্জীৱিত কৰি ৰাখে ।

এই খাদ্য পদাৰ্থ সমূহত এন্টিঅক্সিডেন্ট আৰু ফাইট’কেমিকেল ভৰপুৰ মাত্ৰাত থাকে, যিয়ে অপক্ষয় সম্বন্ধীয় ৰোগসমূহক প্ৰতিহত কৰাত সহায় কৰে ।
আহক আজি এনে কিছুমান খাদ্য-পদাৰ্থৰ বিষয়ে জানো যিয়ে আমাক সদায় তৰুণ/চিৰযৌৱনা কৰি ৰাখিব পাৰে...

1. টেঙা ফল :
টেঙা ফল যেনে কমলা, মৌচুমী, আঙুৰ, নিমু আদি । এই ফল সমূহত ভিটামিন ‘চি’, বায়’ফ্লেৱ’নাইড আৰু লাইম’নীন প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াত অধিক মাত্ৰাত এন্টিঅক্সিডেন্টো পোৱা যায়, যিয়ে ছালক অধিক বয়সলৈকে তৰুণ কৰি ৰাখে ।

2. নহৰু :
নহৰুত এলীচিন নামৰ তত্ব পোৱা যায় । ইয়ে তেজৰ পৰা বেয়া ক’লেষ্ট্ৰল আৰু ট্ৰাইগ্লিচৰাইডচ কম কৰি ৰাখে ।
ইয়ে ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বৃদ্ধি কৰে । লগতে, ইয়াত অধিক পৰিমাণত এন্টিঅক্সিডেন্টো থাকে । এইবাবে নহৰুৰ নিয়মিত সেৱনে ছাল অধিক বয়সলৈকে তৰুণ কৰি ৰাখে । তাৰ উপৰি, হৃদযন্ত্ৰ সম্বন্ধীয় ৰোগ সমূহও দূৰ কৰি ৰাখে ।

3. আপেল আৰু ষ্ট্ৰ’বেৰী :
আপেল আৰু ষ্ট্ৰ’বেৰীত থকা ফাইবাৰে ব্লাড ছুগাৰ কম কৰে । লগতে, এই ফল সমূহত ভৰপূৰ মাত্ৰাত এন্টিঅক্সিডেন্ট থাকে ।
এই কাৰণে ইয়াৰ নিয়মিত সেৱনে স্কিন ইয়ং কৰি ৰাখে । ইয়ে কেঞ্চাৰ কৌশিকা সমূহৰ দ্বাৰা ব্যৱহৃত এনজাইমক অৱৰুদ্ধ কৰি ৰাখে । ফলত ইয়াৰ নিয়মিত সেৱনে কেঞ্চাৰ ৰোধ কৰাতো সহায় কৰে ।

4. কবি :
কবি, পাতকবি, ব্ৰ’কলী, ওলকবি আদি কবিয়ে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে । এই চবজীসমূহত পোৱা বিটা-কেৰ’টিন, ইণ্ডোলেচগ্লুকোইন্নোলেটচ(বিশেষভাৱে ব্ৰ’কলীত পোৱা যায়) ছালক উজ্জীৱিত কৰি ৰাখে ।

5.ঔটচ :
ঔটচ সেৱনে ক’লেষ্ট্ৰৰলৰ মাত্ৰা কম কৰি ৰাখে আৰু ব্লাড চাৰ্কুলেচন নিয়ন্ত্ৰিত কৰি ৰাখে ।

6.সেউজীয়া শাক-পাচলি :
পাতযুক্ত শাক পালেং, মেথী, লাই, মুলা আদিত বিটা-কেৰ’টিন ভৰপূৰ মাত্ৰাত থাকে ।ইয়াৰ উপৰিও ইয়াত কেলচিয়াম, আয়ৰন, ফ’লিক এচিড, ভিটামিন চি আৰু পোষক তত্বও থাকে । সেউজীয়া শাক-পাচলি পৰ্য্যাপ্ত পৰিমাণে সেৱন কৰিলে স্কিন সদায় ইয়ং হৈ থাকে ।

7. গ্ৰীন টি :
গ্ৰীন টিত পলিফিন্’ল পোৱা যায় । লগতে, ইয়াত পৰ্য্যাপ্ত পৰিমাণে এন্টিঅক্সিডেন্ট
উপস্থিত থাকে । এইবাবেই নিয়মিত ৰুপত গ্ৰীন টি সেৱন কৰিলে ছাল সদায় উজ্জীৱিত হৈ থাকে । ইয়াৰ উপৰি, পেটৰ সমস্যাসমূহো দূৰ হয় ।

8. মাছ :
মিৰিকা মাছ, চেলমন, হেৰিং আদি মাছ সমূহত ওমেগা 3 ফেটী এচিড থাকে । ইয়াৰ সেৱনে ছলৰ সৌন্দৰ্য্যতা মজুদ ৰাখে । গঠি, চোৰায়চিচ অল্সৰেটিৱ কোলাইটিচ আদি ৰোগ সমূহ দূৰ কৰি ৰাখে ।

9. জলফাইৰ তেল :
জলফাই বা সৰিয়হ তেল ছালত লগালে বা নিয়মিত সেৱন কৰিলে ছাল সম্বন্ধীয় ৰোগ নহয় ।

10. বিলাহী :
বিলাহীত লাইক’পিন পোৱা যায়, ই এক প্ৰকাৰ কেৰ’টিন । লগতে, এন্টিঅক্সিডেন্ট
থাকে, যিয়ে ছলক নিমজ কৰি ৰাখে ।

11. দৈ :
দৈত জীৱিত বেক্টেৰীয়া থাকে যিয়ে পাচনত সহায় কৰে । ই কেলচিয়ামৰ এক ভাল স্ৰোত হয় যাৰ বাবে ছালৰ বাবে অতি উপকাৰী।

বগা হোৱাৰ উপায়