Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

মহিলাৰ বগা স্ৰাবৰ সমস্যা


মহিলাৰ বগা স্ৰাবৰ সমস্যা :

আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ যিটো বিষয়ে প্ৰায়বিলাক মহিলাই কবলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে ৷ এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃ্তি (মেন'পজ) হোৱালৈকে কম-বেচি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয় ৷ কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক আৰু কেতিয়া বিসংগতিপূৰ্ণ (Pathological) সেয়া জনাৰ একান্ত আৱশ্যকতা আছে ৷ সাধাৰণতে এগৰাকী যুৱতীয়ে পোন প্ৰথমবাৰ ৰজস্বলা (Menarche) হবৰ সময়ত যোনিদ্বাৰত কিছু পিছল তৰল গোন্ধবিহীন পানীৰ ৰঙৰ পদাৰ্থ নিৰ্গত হোৱা অনুভৱ কৰে ৷ সেই সময়ত শৰীৰত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বৃদ্ধি হয় আৰু স্ত্ৰীৰ জননাংগ সমূহৰ ৰক্ত সঞ্চালন বাঢ়িব ধৰে যাৰ ফলত এনে ৰসৰ নি:সৰণ ঘটে ৷ কেতিয়াবা নৱজাতকৰো যোনিৰ পৰা এনে ৰস ওলাব পাৰে - সেয়া মাতৃৰ দেহৰ পৰা অহা অইষ্ট্ৰজেন হৰমোনৰ আধিক্যৰ প্ৰভাৱত ৷ মাহেকীয়াৰ মাজ ভাগত ডিম্ব প্ৰস্ফুটন (Ovulation)হবৰ সময়তো কিছু পৰিমাণে পাতল স্ৰাৱ নিৰ্গতহয় ৷ ইয়াৰ ওপৰিও যৌন উত্তেজনাৰ সময়ত আৰু গৰ্ভ অৱস্থাত এনে যোনিৰ ৰস নিৰ্গত হব পাৰে ৷ এই ৰস হ'ল সুৰক্ষা প্ৰদায়ক - প্ৰজনন তন্ত্ৰক পৰিষ্কাৰ কৰাত সহায়ক হয় আৰু যৌন-মিলনৰ ক্ৰিয়াত সুগমতা প্ৰদান কৰে ৷ এনে ধৰণৰ যোনিৰ স্ৰাৱ হ'ল স্বাভাবিক (Physiological) ৷
           কিন্তু যোনিৰ স্ৰাৱৰ প্ৰকৃতি (ৰঙ, গোন্ধ,পৰিমাণ) সলনি হ'লে আৰু লগত নানান আনুসংগিক শাৰীৰিক লক্ষণ (যেনে যৌনাংগৰ খজুৱতি,প্ৰসাবৰ সমস্যা) দেখা দিলে সেয়া হ'ল অস্বাভাৱিক ৷ এনে যোনিৰ প্ৰৱাহক শ্বেত প্ৰদৰ (বগা স্ৰাৱ) বা লিউকোৰিয়া বুলে ৷ বেচি ভাগ ক্ষেত্ৰত যোনিৰ স্ৰাৱৰ বৰণ বগা হয় বাবেই এই নামাকৰণ ৷ ইংৰাজী লিউকোৰিয়া (Leucorrhoea) শব্দৰ উৎপত্তি গ্ৰীক লিউকচ + অৰিয়াৰ পৰা আহিছে যাৰ অৰ্থ হ'ল বগা প্ৰবাহ ৷ জাতি-ধৰ্ম বাচ বিচাৰ নকৰাকৈ বিশ্বৰ সকলো ঠাইৰ মহিলাই লিউকোৰিয়াৰ ভুক্তভোগী হব পাৰে ৷

কোন সহজতে লিউকোৰিয়াত আক্ৰান্ত হব পাৰে ?

মেদবহুলতা, হাইপোথাইৰয়েডিজম, পুষ্টিহীনতা, ষ্টেৰইড আৰু গৰ্ভ নিৰোধক পিল ব্যৱহাৰকাৰী লোক, এইচ আই ভিত আক্ৰান্ত ব্যক্তি সহজে বগা স্ৰাৱ হোৱা অসুখত ভোগে ৷

লিউকোৰিয়াৰ কাৰণ কি কি হব পাৰে ?

১-সংক্ৰমণ - বেক্টেৰিয়াৰ, উদাহৰণ যৌনব্যাধি (STD); প্ৰটযোৱাৰ,উদাহৰণ ট্ৰাইকোমনাচ ভেজাইনেলিচ; শেলুৱৈ বা ফাংগাছৰ- ভেজাইনেল কেনডিডিয়াচিচ ৷

প্ৰশ্ন হব পাৰে ৰাজহুৱা চুইমিংপুলৰ পৰা প্ৰটযোৱাৰ সংক্ৰমনৰ সম্ভাৱনা থাকেনে ? উত্তৰত আমাৰ বক্তব্য হ'ল - ভালকৈ তদাৰক কৰা, নিয়মীয়াকৈ উচিত মাত্ৰাত ক্লৰিন দি পানী শোধিত ৰখা চুইমিং পুলত ট্ৰাইকোমোনাচ ভেজাইনেলিচ নামৰ প্ৰটোযোৱাই মিনিটৰ ভিতৰতে সক্ৰিয়তা আৰু সংক্ৰমণশীলতা হেৰুৱায় ৷ কিন্তু অপৰিষ্কাৰ চুইমিং পুলৰ পৰা ৰোগ বিয়পাৰ বেচ সম্ভাৱনা থাকে ৷

২-হৰমোনৰ বিসংগতি

৩- পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ

৪- খাদ্যৰ বিসংগতি

৫- ৰক্তহীনতা আৰু ডায়বেটিজ

৬- শৰীৰৰ ইমিউনিটি হ্ৰাসপোৱা

৭- অপ্ৰাকৃতিক যৌনসংগম

৮- বহুগামী যৌনতা

৯- সঘন বা বাৰম্বাৰ গৰ্ভপাত

১০- জৰায়ুৰ মুখত ঘাঁ হোৱা

১১- প্ৰসাবৰ সংক্ৰমণ

১২- খজুৱতিৱে যৌনাংগত কৰা ঘাঁ

১৩- গৰ্ভনিৰোধক সামগ্ৰীৰ প্ৰয়োগ (যেনে ক'পাৰ টি)

১৪- জননাংগৰ কৰ্কট ৰোগৰ ফলতো লিউকোৰিয়া হব পাৰে ৷

লিউকোৰিয়াৰ লক্ষণসমূহ কি কি ?

• ডাঠ ,আঠাসদৃশ,বেয়া গোন্ধযুক্ত বগা,হালধীয়া বা সেউজ বৰণীয়া যোনিৰ স্ৰাৱ ওলোৱা ৷
• যৌনাংগৰ খজুৱতি
• কঁকাল, কৰঙণত বিষ বা গধুৰ ভাৱ অনুভৱ কৰা
• শৰীৰৰ দুৰ্বলতা
• শৌচ কচা হোৱা
• এলাহ আৰু শৰীৰৰ দূৰ্বলতা
• সঘন মূৰৰ বিষ
• স্বভাৱ খিঙখিঙিয়া হোৱা
            চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষাসমূহ কি কি ? : তেজ, প্ৰসাব পৰীক্ষা কৰাৰ ওপৰিও যোনিৰ স্ৰাৱৰ অণুবীক্ষণত পৰীক্ষা কৰা আৱশ্যক ৷ আকৌ যোনিৰ স্ৰাৱৰ পেপ স্মেৰ পৰীক্ষা কৰিব লাগে -যাৰ দ্বাৰা কৰ্কটৰোগ চিনাক্ত কৰিব পাৰি ৷

          চিকিৎসা কি দৰে কৰে ? সংক্ৰমণৰ কাৰণ চিনাক্ত হ'লে সেইমতে উপযুক্ত দৰব খাবলৈ বা লগাবলৈ দিয়া হয় ৷ ট্ৰাইকোমনাৰ সংক্ৰমণত পতি-পত্নী দুয়ো চিকিৎসা লব লাগে ৷ মেট্ৰনিডাজল,চেকনিডাজল, অৰনিডাল আদি হ'ল সঘনাই প্ৰয়োগ হোৱা দৰব ৷ আনহাতে ফাংগাছৰ চিকিৎসা ফ্ল'কনাজনেৰে কৰা হয় ৷ যৌনব্যাধি ধৰা পৰিলে উপযুক্ত এন্টিবায়টিকেৰে চিকিৎসা কৰিব লাগিব ৷ জৰায়ুৰ মুখত ঘাঁ হোৱাৰ বাবে বগা স্ৰাৱ নিৰ্গত হ'লে ডায়েথাৰ্মিৰ সহায়ত সেই অংশটো জলাই (Electrocotorization) দিয়া হয় ৷
          আজিকালি বিশ্ব স্বাস্থ্য সংস্থাই তিনিবিধ একেলগে থকা দৰব পতি-পত্নী দুয়োজন যৌন সংগীক একেলগে লোৱাৰ পৰামৰ্শ দিয়ে ৷ সেই কেইবিধ হ'ল- ফ্ল'কনাজল+মেট্ৰনিডাজল+ এজিথ্ৰমাইচিন ৷

         যোনিৰ দূৰ্গন্ধ কিয় হয় আৰু আতৰাবলৈ লবলগীয়া সতৰ্কতাসমূহ কি কি ?
         যোনিৰ ৰসৰ পৰা দূৰ্গন্ধ আহিলে সি বেক্টৰিয়া, প্ৰটযোৱা,ফাংগাছ বা ইষ্টৰ সংক্ৰমণ হোৱাটো বুজায় ৷ ফলপ্ৰসু সতৰ্কতামূলক ব্যৱস্থাসমূহ তলত উল্লেখ কৰিলোঁ : -
• নিতৌ পৰিষ্কাৰকৈ গা ধুব ৷ বেচিকৈ ঘামিলে বা ব্যায়াম কৰাৰ পিছত গা নুধোৱাকৈ নাথাকিব ৷
• তীব্ৰ গোন্ধ থকা চাবুনৰ সলনি প্ৰাকৃতিক উপাদন থকা (যেনে অমিতা,হালধি,নিম) চাবুন ব্যৱহাৰ কৰিব ৷
• গৰম পানীৰ বাথ টাব ব্যৱহাৰ নকৰিব ৷ তেনে উষ্ণতাত যোনিত থকা স্বাভাৱিক সুৰক্ষা প্ৰদানকাৰী Doderlein Lactobacilliবিনষ্ট হব ৷
• গা ধুবলৈ নিম পাত সিজোৱা পানী কুহুমীয়া বা শীতল কৰি ব্যৱহাৰ কৰিব পাৰে ৷
• জননাংগ পৰিষ্কাৰ কৰিবলৈ douche আৰু perfumed spray কেতিয়াও ব্যৱহাৰ
নকৰিব ৷
• শুকান কোমল টাৱেলেৰে জননাংগ মচিব ৷
• কপাহী কাপোৰৰ পেন্টিহে পিন্ধিব ৷ বেচি চেপা খোৱাকৈ কাপোৰ নিপিন্ধিব ৷
• সুস্বাস্থ্যৰ বাবে সেউজীয়া পাচলি, ফলমূল গ্ৰহণ কৰিব ৷
• প্ৰচুৰ পানী আৰু জুলীয়া আহাৰ গ্ৰহণ কৰি নিজকে ডিহাইড্ৰেচনৰ পৰা বচাই ৰাখিব ৷
• নিয়মীয়াকৈ ব্যায়াম কৰিব ৷ আসনৰ ভিতৰত পদ্মাসন উপযোগী ৷
• সংগমৰ পিছত পানীৰে যোনিদ্বাৰ ধুই মচি থব ৷
• প্ৰবায়টিক নামৰ এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে গ্ৰহণ কৰিব ৷

           *হাততে পোৱা ঘৰুৱা পদক্ষেপ* কেইটিমান : -
• মেথি গুটিৰ চাহ দিনে ২৷৩বাৰকৈ কিছুদিন খালে লিউকোৰিয়াৰ উপশম ঘটে ৷
• অলপমান ধনীয়া গুটি ৰাতি তিয়াই থৈ পুৱা সেই পানী খালি পেটত খালে উপকৃত হব ৷
• কটা ভেন্দী ১০০গ্ৰাম কুৰি মিনিট সময় বইল কৰি তাত মৌ মিহলাই খালে বগাস্ৰাব কমে ৷
• আমলখি গুৰিত মৌ মিহলাই খালেও বগাস্ৰাব কমে ৷
• দিনে ২৷৩টা কল খোৱা মহিলাৰ বগাস্ৰাৱ ৰোগ কমকৈ হয় ৷
• আমাৰ অসমীয়াৰ অতি প্ৰিয় তামোল পাণ নিয়মীয়াকৈ খালে লিউকোৰিয়াৰ উপশম ঘটে ৷
          *ৰোগীৰ বাবে উপযুক্ত খাদ্য কি ?*
• কল,আমলখি,মধুৰী, ডালিম আদি হ'ল উপকাৰী ফল ৷ গাজৰ,বিলাহী,ভেন্দী, নহৰু, মেথিশাক, সেউজীয়া শাক পাচলি আদিও হ'ল উপকাৰী ৷
• অহিতকাৰী খাদ্যসমূহ: চাহ,কফি,মদ,বাহি খাদ্য,বেচি তেল-মছলাযুক্ত ফ্ৰাইড খাদ্য ৷

          *উপসংহাৰত কেইটিমান লাগতিয়াল পৰামৰ্শ :*
- ৰোগাক্ৰান্ত মহিলাই কপাহী কাপোৰৰ অন্তৰ্বস্ত্ৰ দিনে দুবাৰকৈ সলোৱা ভাল ৷
-সংগমৰ পিছত যৌনাংগ পৰিষ্কাৰ পানীৰে ধুই কাপোৰৰে মচি শুকুৱাই লব ৷
- নিয়মীয়া ব্যায়াম আৰু আসন কৰি, পৰিষ্কাৰ পৰিচ্ছন্ন থাকি স্বাস্থ্যৰ যতন লব ৷
-পৰাপক্ষত আনৰ টাৱেল, পেন্টি কেতিয়াও ব্যৱহাৰ নকৰিব ৷
-ৰোগে জটিল ৰূপ ধাৰণ কৰাৰ আগতেই অভিজ্ঞ গাইনোক'লজিষ্ট অৰ্থ৷ৎ স্ত্ৰীৰোগ বিশেষজ্ঞৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰোৱাওঁক ৷