Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

গোমূত্ৰৰ উপকাৰীতা



গোমূত্ৰৰ উপকাৰীতা ::::

আদিম কালৰ পৰাই গোমূত্ৰ হিন্দু সমাজৰ মাজত বিশেষ স্থান দখল কৰি আহিছে । যিকোনো শুভ কাম , পূজা-পাঠ আদিত গৌমূত্ৰৰ ব্যৱহাৰ কৰা হয় । আয়ুৰ্বেদত গৌমূত্ৰক ধনন্তৰী বুলি কোৱা হৈছে । অৰ্থাৎ সকলো ৰোগৰ ঔষধ হয় গৌমূত্ৰ ।

আমাৰ শৰীৰ পঞ্চ তত্ত্বৰ দ্বাৰা গঠিত । আকাশ , বায়ু , পানী , পৃথিৱী আৰু অগ্নি ।
এই কেইটাক ৩ ,ভাগত ভাগ কৰি  বাত , পিত্ত আৰু কফ  । শৰীৰত বাত , পিত্ত আৰু কফ অসন্তুলন হলেই ৰোগ হয় ।

এই বাত , পিত্ত আৰু কফক সন্তুলন কৰি ৰখাত গৌমূত্ৰই সহায় কৰে ।

গৌমূত্ৰত ১৮ তা সূক্ষ্ম তত্ত্ব থাকে ।  আধুনিক ভাষাত শৰীৰত কোনোবা এটা সূক্ষ্ম তত্ত্ব নোহোৱা হলেই ৰোগৰ সৃষ্টি হয় ।

ধৰি লওক আপোনাৰ খজুৱতি হৈ আছে ।  যদি  চোৱা যায় , তেন্তে খজুৱতি হোৱা বেছিভাগ মানুহৰ শৰীৰত ছালফাৰ কম পোৱা যায় । এই ছালফাৰ গৌমূত্ৰত প্ৰচুৰ পৰিমাণে থাকে ।

ঠিক তেনেদৰে  calcium , potassium , magnesium    আদি সকলো সূক্ষ্ম তত্ত্ব গৌমূত্ৰত পোৱা যায় ।

যিকোনো হাওঁফাওঁৰ ৰোগ , ডায়েবেটিচ , প্ৰেচাৰ , থাইৰয়ড , হাঁপানী , গাঁঠি বিষ , লিভাৰৰ সমস্যা , কিডনিৰ সমস্যা , শাৰীৰিক দুৰ্বলতা  আদিৰ বাবে ভাল । তাৰোপৰি আমি দৈনন্দিত খাই থকা ৰাসায়নিক সাৰযুক্ত খাদ্যই শৰীৰৰ যি বিষাক্ত বস্তু জমা কৰে , সেইবোৰো গৌমূত্ৰই চাফা কৰি শৰীৰ ভালে ৰাখে ।  যিকোনো ছালৰ ৰোগত গৌমূত্ৰ ৰামবানৰ নিচিনা কাম কৰে ।  চৰাইছিছ , এক্সিমা , খজুৱতি , খৰ  আদিৰ ভাবে বহুত উপকাৰী ।

কাণৰ বিষ হলে বা কাণত শব্দ হৈ থাকিলে এক টোপাল গৌমূত্ৰ সূতাৰ কাপোৰেৰে ৮ জাপ কৰি চেকী লৈ দিব । কিছুদিন দিলে সুফল পায় ।

গৌমূত্ৰত থকা কাৰকুমিন নামৰ ৰাখায়নিক দ্ৰব্য বিধে কেঞ্চাৰ ঠিক কৰাত সহায় কৰে ।

অসমত নহলেও অসমৰ বাহিৰত গৌমূত্ৰৰ চাহিদা মদতকৈ বেছি ।

গৌমূত্ৰ এতিয়ালৈকে বাহিৰা কোম্পানীৰ হাতত পৰা নাই বাবে সহজলভ্য হৈ আছে ।  গতিকে নিঃসংকোচে আজিৰ পৰাই আৰম্ভ কৰক ।
 গৌমূত্ৰ কেৱল আমাৰ অসমৰ স্থানীয় গৰুৰ হে গ্ৰহণ কৰাটো উপযোগী ।
গাভিনি গৰু , বেমাৰী গৰু , পোৱালি হোৱাৰ দুমাহলৈকে গৌমূত্ৰ নলব ।  ৰাতিপুৱাৰ গৌমূত্ৰ আটাইতকৈ ভাল ।

ৰাতিপুৱাৰ ললে আধা কাপ খাব পাৰিব ডাঙৰ মানুহে ।

(এই লিখনিটো অকল হিন্দু ধর্মত বিশ্বাস কৰা মানুহৰ বাবে লিখা হৈছে )