Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

আমলখিৰ বিশেষ গুণাগুণ তথা প্ৰয়োগ



আমলখিৰ এটা ফলতে ৪টা নেমুৰ সমান পোষক গুণাগুণ আৰু ৩০টা কমলাৰ সমান ভিটামিন C পোৱা যায়
আমলখিৰ বিশেষ গুণাগুণ তথা প্ৰয়োগ :
(১) আমলখিয়ে এটা কণীৰ সমান বল প্ৰদান কৰে । এই ফলত ভগা হাড় যোৰা লগাব পৰা বিশেষ গুণাগুণ থাকে । ই মস্তিষ্কৰ শ্ৰীবৃদ্ধিৰ বাবেও উপযোগী ।
(২) আমলখিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । ই লিভাৰৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবেও এক বিশেষ সুপথ্য ।
(৩) যিসকল ব্যক্তিৰ নাকৰ পৰা তেজ ওলাই আহে, তেওঁলোকে শুকান আমলখি কিছু সময় পানীত তিয়াই থৈ সেই পানীৰে মূৰ ধোৱা উচিত । লগতে আমলখিৰ মোৰাব্বা খোৱাৰ উপৰিও আমলখিৰ ৰস নাকত লগাব লাগে ।
(৪) আমলখিৰ ৰস মৌজোলৰ সৈতে সেৱন কৰাটো মধুমেহ ৰোগত লাভজনক । তদুপৰি আমলখিৰ ৰস সেৱন কৰিলে চকুৰ জেউতি বাঢ়ে ।
(৫) দেহজ ফল আমলখিৰ নিৰন্তৰ প্ৰয়োগৰ দ্বাৰা চুলি পকা,চুলি সৰা,চুলিত উফি হোৱা ইত্যাদি ৰোগ প্ৰতিহত কৰিব পাৰি ।
(৬) আমলখিৰ চূৰ্ণ এৰাতি পানীত তিয়াই পুৱা সেৱন কৰিলে পেট পৰিষ্কাৰ হয় । ইয়াৰ দ্বাৰা পাচন শক্তি বাঢ়ে । তদুপৰি ১-২ টা আমলখিৰ সজীৱ ৰস সমান মাত্রাত পাঁচ দিনলৈকে পুৱা সেৱন কৰিব পাৰিলে পেটৰ কৃমি নাশ হয় ।
(৭) যদি আপুনি স্বাস্থ্যবান হৈ থাকিব বিচাৰে, তেন্তে নিতৌ সজীৱ আমলখিৰ ৰসৰ লগত মৌজোল সেৱন কৰক । লগতে ইয়াৰ ওপৰে ওপৰে এগিলাচ গাখীৰ সেৱন কৰিব লাগে । ইয়াৰ দ্বাৰা দিনজুৰি প্ৰসন্নতাৰ অনুভৱ হৈ থাকে । শৰীৰত নতুন শক্তি তথা চেতনাৰ সঞ্চাৰ