Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

লিউকোৰিয়া


লিউকোৰিয়াঃ
মহিলাৰ এনে কিছুমান গুপ্ত ৰোগ আছে, যিবোৰ
তেওঁলোকে লাজৰ বাবে সুধিব নিবিচাৰে ।
কিছুমান ৰোগ সময়মতে ধৰা নপৰিলে শাৰীৰিক
অৱস্থা জটিল হৈ ভৱিষ্যতে বিপদৰ মুখামুখী
হ’বলগীয়া হয়। তেতিয়া গোটেই জীৱনজুৰি কষ্ট
পোৱাৰ সম্ভাৱনাই দেখা দিয়ে ।। ফলত ৰূপ-যৌৱন
হেৰুৱাই ‘কুৰিতে বুঢ়ী’ হোৱাৰ সম্ভাৱনাই দেখা
দিয়ে।
মহিলাৰ ঋতুস্ৰাৱ চক্ৰৰ যিকোনো সময়তে যোনি
পথেদি বগা ৰস নিঃসৰণ হ’লে (প্ৰস্ৰাৱৰ বাহিৰে)
তাকে ‘লিউকোৰিয়া’ বোলা হয়।
কিয় হয় ?
যিসকল মহিলাৰ ডায়েবেটিছ বা কৃমি ৰোগ থাকে
তেওঁলোকৰ অতি কম সময়ৰ ভিতৰতে এই ৰোগে
আক্ৰমণ কৰিব পাৰে। এই ৰোগবিধ কম বয়সীয়া
ছোৱালীৰ ক্ষেত্ৰতো বেছিকৈ হ’ব পাৰে।
অপৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰাৰ বাবেও এই ৰোগ
হব পাৰে ।
বেক্টেৰিয়া সংক্ৰমণৰ পৰাও এই ৰোগ হব পাৰে ।
পেছাবৰ বিভিন্ন সমস্যাৰ বাবেও এই ৰোগ হোৱা
দেখা যায় ।
বিধান :
কুহুমীয়া গৰম পানীত ফিটকীৰী মিহলাই নিয়মিত
যৌনাঙ্গ চাফা কৰিব ।
ব্যৱহাৰ কৰা কাপোৰ ৰদ পৰা ঠাইত ভালকৈ শুকুৱাই
লৈহে ব্যৱহাৰ কৰিব ।
সতমুল চূৰ্ণ গৰম গাখীৰ বা পানীৰ লগত মিহলাই ৰাতি
শুৱাৰ আগেয়ে খাব ।
অনন্তমূলৰ ৰস দৈনিক ৰাতিপুৱা খালি পেটত কিছুদিন
খাব ।
এই ৰোগটো সময়ত ঠিক কৰিব নোৱাৰিলে মহিলাৰ
গৰ্ভধাৰণ কৰাটো সমস্যা আহি পৰিব পাৰে ।
1 চামুচ মেথিগুঠি আৰু আধা চামুচ ধনীয়া গুটি ৰাতি
এক গিলাচ গৰম পানীত তিয়াই থৈ ৰাতিপুৱা উতলাই
লৈ খাব ।
শ্বেয়াৰ কৰিব নাপাহৰিব|