Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

ডায়েবেটিচ বা মধুমেহ



তেজত  শৰ্কৰাৰ পৰিমাণ যেতিয়া অৱশ্যকতকৈ বেছি হয় , তেতিয়া ডায়েবেটিচ বা মধুমেহ হোৱা বুলি কোৱা হয় ।  এনেকুৱা 2 তা কাৰণত হব পাৰে ।  প্ৰথম  আমাৰ শৰীৰে হয়তো ইনচুলিন উৎপন্ন কৰিব পৰা নাই  অন্যথা উৎপন্ন কৰা ইনচুলিন কোষবোৰে  বা শৰীৰে ইয়াক ব্যৱহাৰ কৰিব পৰা নাই ।

ইনচুলিন এবিধ  হৰমোন হয়  যিয়ে আমাৰ শৰীৰৰ carbohydrate আৰু fat ৰ metabolisim নিয়ন্ত্ৰণ কৰে ।

আমি খোৱা খাদ্য পেটত গৈ  glucose  ত পৰিণত হৈ  শৰীৰক শক্তি দিয়ে ।  ইনচুলিনৰ কাম হল এই glucose ক শৰীৰৰ কোষৰ ভিতৰত প্ৰৱেশ কৰোৱা । এইটো তেতিয়াহে সম্ভৱ হয় , যেতিয়া  pancreas  শৰীৰৰ প্ৰয়োজন অনুপাতে ইনচুলিন উৎপন্ন কৰিব পাৰে । ইনচুলিন নহলে glucose শৰীৰৰ কোষৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে ।

সাধাৰণ মানুহৰ শৰীৰত glucose ৰ পৰিমাণ খোৱাৰ পিছত 120-140 mg/dl  থাকে আৰু খোৱাৰ আগত 70-100 mg/dl  থাকে ।  কিন্তু মধুমেহ ৰোগীৰ ক্ষেত্ৰত এইটো সাধাৰণ মানুহৰ নিচিনা নহয় আৰু  ইয়াৰ পৰিমাণ ওপৰত দেখুৱায় ।।।

ডায়েবেটিচৰ প্ৰকাৰ :



1. যেতিয়া pancreas ইনচুলিন উৎপন্ন কৰিব নোৱাৰা হৈ যায়  আৰু ৰোগীক বাহিৰৰ পৰা ইনচুলিন দিব লগা হয় , তেতিয়া Type 1 ডায়েবেটিচ হোৱা বুলি কোৱা হয় ।

2. যেতিয়া  আপোনাৰ pancreas ইনচুলিন উৎপন্ন কৰিছে  আৰু তথাপিও বিভিন্ন কাৰণত পৰ্যাপ্ত নহয় অথবা শৰীৰে ইয়াক ঠিককৈ কামত  লগাব পৰা নাই , তেতিয়া Type 2 ডায়েবেটিচ হোৱা বুলি কোৱা হয় ।।

যদি সময় থাকোতেই নিয়ন্ত্ৰণ  কৰা নহয় , তেতিয়া ই ঘাটকত পৰিণত হব পাৰে  ।  গতিকে সময় থাকোতেই ইয়াক নিয়ন্ত্ৰণ  কৰা ভাল ।।

আমি দৈনন্দিত খোৱা -বোৱা  নীতি নিয়ম আদি মানি চলিলে বহু পৰিমানে নিয়ন্ত্ৰণত ৰাখিব  পাৰো ।।

কোৱা হৈছে যে ৰাতিপুৱা ৰজাৰ খাদ্য , দুপৰীয়া প্ৰজাৰ খাদ্য আৰু গধূলি ভীক্ষাৰীৰ খাদ্য । যদি এই সূত্ৰটোৰ লগতে আৰু দুটামান সূত্ৰ মানি  চলোঁ , তেতিয়াহলে আমি এটা সুস্থ শৰীৰ বহু সোনকালে ঘূৰাই পাম ।।

আমাৰ দৈনন্দিত ব্যৱহাৰ কৰা পাকঘৰৰ বাচন আদি  মাটিৰ বা কাহ পিতলৰ হোৱাটো দৰকাৰ ।।

আজিকালি মানুহৰ সময়ৰ অভাৱৰ বাবেই হওক বা আন কিবা কাৰণতেই হওক , কিছুমান পাকঘৰত বেয়া বস্তু সোমাই গৈছে ।  তেনে এটি হল এলুমিনিয়াম । আমাৰ শৰীৰে এলুমিনিয়াম গ্ৰহণ কৰিব নোৱাৰে । যদি ই আমাৰ শৰীৰত আহি পৰে , তেতিয়া  ই বহুকেইটা ডাঙৰ ডাঙৰ ৰোগৰ সৃষ্টি কৰে ।   CDR আৰু CSIR ৰ report অনুসৰি এলুমিনিউমৰ বাচনত খালে বা খাদ্য বনালে প্ৰায় 48 তা ডাঙৰ ডাঙৰ ৰোগ হয় ।।

তাৰ মাজৰ এটা হল ই শৰীৰ ইনচুলিন ধ্বংস কৰে । যাৰ ফলত type 2 ডায়েবেটিচ হয় ।।

গতিকে  আমি যিমান ঔষধ খাই থাকিলেও নিয়ন্ত্ৰণ নহয় আৰু  গোটেই জীৱন ঔষধ খাব লগা হয় কেতিয়াবা ।।  পোন প্ৰথমে ৰোগৰ উৎপত্তিৰ কাৰণবোৰ বন্ধ কৰিব লাগিব আৰু তাৰপিছতহে চিকিৎসা কৰি ফল পাব পাৰে ।।

ঠিক তেনে এটা হল নিশা বেছি দেৰিকৈ  আহাৰ গ্ৰহণ কৰা ।। আয়ুৰ্বেদ মতে নিশা আহাৰ গ্ৰহণ কৰাটো অনুচিত । কাৰণ নিশা চন্দ্ৰৰ প্ৰভাৱ থাকে । চন্দ্ৰৰ প্ৰভাৱত শৰীৰৰ হজম শক্তি বহুত কমি থাকে । তাৰোপৰি নিশা যিহেতু আমি কোনো কাম নকৰো , সেইবাবে শৰীৰত উৎপন্ন হোৱা glucose অদৰকাৰী হৈ পৰে বা ব্যৱহাৰ নহয় । সময়ত ই বাঢ়ি গৈ  নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে আৰু তেতিয়া শৰীৰৰ ইনচুলিনে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে । নিশা খাদ্য খোৱা মানুহৰ শৰীৰৰ ওজনো  বহুত সোনকালে বাঢ়ি যায় ।।

গতিকে ডায়েবেটিচ ৰোগীয়ে সূৰ্য দুবাৰ আগেয়ে নামমাত্ৰ খাদ্য খাওক , এলুমিনিয়ামৰ বাচনত বনোৱা খাদ্য নাখাব  আৰু খাদ্য খোৱাৰ প্ৰথম সূত্ৰতো মানি চলিব ।।

ঘৰুৱা বিধান ::



1 . আঁহত গছৰ 10 টাকৈ পাত 2 গিলাচ পানীত উতলাই লৈ যেতিয়া পানী 1 গিলাছমান হব , তেতিয়া ঠাণ্ডা হলে ৰাতিপুৱা খাওক ।।

2. দৈনিক 1 চামুচ মেথিগুটি নিশা 1 গিলাচ গৰম পানীত তিয়াই থৈ ৰাতিপুৱা চোবাই চোবাই খাব পাৰে ।।

3. তিতাকেৰেলাৰ ৰস দৈনিক 1 কাপ খাব পাৰে ।।

ওপৰৰ যিকোনো এটা খালে ডায়েবেটিচ নিয়ন্ত্ৰণত আনিব পৰা যায় আৰু যদি সূত্ৰকেইটা মানি চলে তেতিয়া বহুত বেছি ভাল ফলাফল পোৱা যায় ।।।

ধন্যবাদ