Free ayurvedic treatment in india | Best government ayurvedic hospital in india
Ayurvedic treatment centers in india | Best Ayurvedic doctor in india

জেতুকাৰ উপকাৰিতা


জেতুকাৰ উপকাৰিতা ::

১) গাঁঠিৰ বিষ, হাত- ভৰি জ্বলা পোৰা কৰা আদি ৰোগত জেতুকাৰ পাত বটি সেই স্থানত লেপ লগালে আৰাম পোৱা যায়।

২) বিভিন্ন ধৰণৰ চৰ্ম ৰোগত জেতুকাৰ পাত বটি লেপ লগালে সুফল পোৱা যায়।

৩) জেতুকাৰ পাত পানীত উতলাই সেই পানীৰে কুলি কুলি কৰিলে মুখ আৰু ডিঙিৰ বিভিন্ন ৰোগ উপশম হয়।

৪) শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হৈ ৰক্তস্ৰাৱ হলে আৰু ফুলি উঠিলে জেতুকাৰ প্ৰয়োগে সেই স্থানৰ বিষ, ৰক্তস্ৰাৱ আৰু ফুলি উঠা(swelling) নাইকিয়া কৰে।

৫) চুলি  সৰিলে আৰু মূৰত উফি হলে জেতুকাৰ পাত বটি মূৰত লগালে চুলি সৰা কমে আৰু উফিও নোহোৱা হয়।

৬) এটা পাত্ৰত নিৰ্দিষ্ট পৰিমাণৰ পানী  উতলাই সেই উতলা পানীত নির্দিষ্ট পৰিমাণৰ জেতুকাৰ ফুল দিব লাগে। এতিয়া পাত্ৰটোৰ পানীখিনি নিজে নিজে ঠাণ্ডা হব দিব লাগে। তাৰপাছত জেতুকাৰ ফুলখিনি পৰিস্কাৰ হাতেৰে মোহাৰি পানীখিনি চেকি লব লাগে। ইয়াক আয়ুৰ্বেদত ফান্ত কল্পনা(Hot infusion) বুলি কোৱা হয়। এই জেতুকা ফুলৰ  ফান্ত ব্যৱহাৰ কৰিলে জ্বৰ, মস্তিষ্ক দুৰ্বলতা আৰু অনিদ্রা ৰোগত যথেষ্ট আৰাম পোৱা যায়।

৭) প্ৰবাহিকা(diarrhoea) আৰু ৰক্ত অতিসাৰ (dysentery) ৰোগত জেতুকাৰ বীজ পিচি  সেৱন কৰিলে সুফল পোৱা যায়।

৮) নানাধৰণৰ ৰক্তবিকাৰ আৰু ৰক্তপিত্ত ৰোগত জেতুকাৰ পাত পানীত উতলাই সেই পানী খালে নাইবা পাতৰ ৰস খালে  সেই ৰোগ উপশম হয়।

৯) জণ্ডিছ ৰোগত জেতুকা পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।

১০) প্ৰসাৱ কমকৈ হলে বা প্ৰসাৱ জ্বলা পোৰা কৰিলে নাইবা  প্রসাৱৰ  আন কোনো সংক্ৰমণত জেতুকা পাতৰ ৰস চেনী বা মিচৰিৰ লগত খালে যথেষ্ট সুফল পোৱা যায়।